ETV Bharat / city

ৰাজ্যলৈ পুনৰ ঘূৰি আহিছে 79ৰ পৰিৱেশ: চৌদিশে কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

author img

By

Published : Dec 5, 2019, 11:57 PM IST

জাতিধংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰতৰ হৈছে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ ৷ জাতিৰ ৰক্ষাৰ স্বাৰ্থত আকৌ ৰাজপথত অসমীয়া ৷

ৰাজ্যলৈ পুনৰ ঘূৰি আহিছে 79ৰ পৰিৱেশ: চৌদিশে কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
ৰাজ্যলৈ পুনৰ ঘূৰি আহিছে 79ৰ পৰিৱেশ: চৌদিশে কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

নিউজ ডেস্ক, 5 নৱেম্বৰ: বুধবাৰে কেন্দ্ৰীয় সংসদত বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হোৱাৰ পাছতেই এতিয়া কেব বিৰোধী প্ৰতিবাদত জ্বলিছে সমগ্ৰ ৰাজ্য ৷ বহু বছৰীয়া কেন্দ্ৰৰ প্ৰতাৰণা আৰু একালৰ জাতীয়তাবাদী শিবিৰৰ দিল্লী-নাগপুৰৰ ওচৰত নিলৰ্জ্জ আত্মসমৰ্পণে পুনৰ ৰাজ্যপথলৈ উলিয়াই আনিলে জনতাক ৷ বৃহস্পতিবাৰৰ দিনটোত কেব বিৰোধী প্ৰতিবাদেৰে চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল হল যোৰহাটৰ আকাশ-বতাহ ৷ জাতিধ্বংসী বিধেয়কৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত ৰাজপথলৈ ওলাই আহিল শতাধিক জনতা ৷ জিলাখনৰ টিয়কতো নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, অমিত শ্বাহ নিমাত যাওক শ্ল'গানেৰে অসম প্ৰেমীয়ে বাহিৰ কৰিল জোৰ সমদল ৷ লগতে কেন্দ্ৰৰ আগত ভিজা মেকুৰী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিতো কেবৰ বিৰুদ্ধে হাতত জলন্ত অগ্নি লৈ যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷

সমান্তৰালভাৱে তিনিচুকীয়াৰ কাকপথাৰ, নগাঁও, নলবাৰী, বৰপেটা, বিলাসীপাৰাৰ লগতে ৰাজ্যৰ আন আন প্ৰান্ততো কেবৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ য'ত দেখা গল ৰাইজৰ স্বৰ্তস্ফূৰ্ত অংশগ্ৰহণ ৷ ইফালে কেবৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে বীৰ লাচিত সেনা ৷ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি সংগঠনটোৱে খিলঞ্জীয়া অসমীয়া বিৰোধী চক্ৰক সকীয়নি দিয়াৰ লগতে অসমত এইদৰে বলপূৰ্বক ভাৱে কেব জাপি দিব খোজা কাৰ্যক অসংবিধানিক আখ্যা দিলে ৷ তেজপুৰতো কেবৰ বিৰুদ্ধে আছুৰ নেতৃত্ব ঐক্যবদ্ধ সংগ্ৰাম কৰিব শোণিতপুৰ নাগৰিক মঞ্চই । আজি সন্ধিয়া তেজপুৰ সাহিত্য সভাত অনুষ্ঠিত এক সংবাদমেলত এই ঘোষণা কৰিলে সংগঠনটোৱে ৷ সকলো সামৰি চাও আহক আমাৰ এক বিশেষ প্ৰতিবেদন ৷

আৰু পঢ়ক: গৃহ সমষ্টি মাজুলীত জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

Intro:Body:টীয়কত অসমপ্ৰেমীৰ জোঁৰ সমদল/অসমীয়া জাতিৰ বিৰুদ্ধে মন্তব্য দিয়া বঙালীক ভোলোকা বাঁহৰ মাৰ খাবলৈ সাজু হোৱাৰ হুংকাৰ
TEOK:নাগৰিকত্ব সংশোধনী বিবিধেয়কৰ বিৰুদ্ধে বৃহস্পতিবাৰে সন্ধিয়া টীয়কৰ ৰাজপথত অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ আহ্বানত ৰাইজে জোৰ লৈ সমদল উলিয়ায়। প্ৰতিবাদী সকলে কেন্দ্ৰীয় চৰকাৰ,ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শ্লগান দিয়াৰ লগতে কেইজনমান বঙালী নেতাই অসমীয়া জাতিৰ বিৰুদ্ধে কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে আৰু সাহস আছে যদি যুঁজ দিবলৈ, ভোলোকা বাঁহৰ মাৰ খাবলৈ ৰাজপথলৈ ওলাই আহিবলৈ হুংকাৰ দিয়ে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.