যোৰহাট, 4 আগষ্টঃ ৰাজ্যত কৰ'ণা মহামাৰীৰ প্ৰতিৰোধৰ বাবে চৰকাৰ তথা স্বাস্থ্য বিভাগে যৎপৰনাস্তি চেষ্টা অব্যাহত ৰাখিছে ৷ ইফালে কৰণাত বহু লোক মৃত্যু হৈছে ৷ যাৰ ফলত এতিয়া চৰকাৰে 'প্লাজমা' ৰ সহায়ত ক'ভিড আক্ৰান্ত ৰোগীৰ চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰিছে । এজন ব্যক্তিৰ 'প্লাজমা' ৰ পৰা দুজনকৈ ক'ভিড আক্ৰান্ত লোকৰ জীৱন ৰক্ষা কৰিব পাৰি ।
মঙলবাৰে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত প্লাজমা বেংক মুকলি কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ ইযাৰ পাছত যোৰহাট চিকিৎসা মহাবিদ্যালয়তো এটা প্লাজমা বেংক উদ্ধোধন কৰে । আনহাতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু জিলা প্ৰশাসনৰ মূৰব্বী সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ পিছতেই অস্থায়ী ক'ভিড কেন্দ্ৰটো পৰিদৰ্শন কৰে মন্ত্ৰীজনে । কৰ'ণা প্ৰতিৰোধৰ বাবে 'প্লাজমা' দান গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে । ইফালে যোৰহাট, তেজপুৰত ইতিমধ্যে প্লাজমা বেংক স্থাপন হৈছে ৷ তাৰোপৰি শিলচৰতো এই প্লাজমা' কেন্দ্ৰ স্থাপন কৰিব বুলি মন্ত্ৰী জনে সদৰি কৰে ৷ এই এই কাৰ্যসূচীত মন্ত্ৰী জনৰ লগতে সংগ দিয়ে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্রসাদ তাছাই । লগতে সাংবাদিক সকলকো ৰাইজৰ মাজত প্লাজমা দান সন্দহৰ্ভত প্ৰচাৰ-প্ৰসাৰৰ বাবে আহ্বান জনাইছে পীযুষ হাজৰিকাই ৷