ETV Bharat / city

5 দিনীয়া কৰ্মবিৰতিত গ্ৰামোন্নয়ন আৰু পঞ্চায়তৰ ঠিকাভিত্তিক কৰ্মচাৰী

author img

By

Published : Oct 1, 2019, 10:54 PM IST

সম কাম সম বেতন, চাকৰি নিয়মীয়াকৰণ, চৰকাৰী সা-সুবিধা প্ৰদান, মানৱ সম্পদ নীতি প্ৰযোজ্য কৰাৰ দাবীত আজি ৰাজ্যজুৰি সদৌ অসম গ্ৰামোন্নয়ন আৰু পঞ্চায়তৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ ব্যাপক প্ৰতিবাদ ৷ ফলত ৰাজ্যজুৰি স্তব্ধ হৈ পৰিছে খণ্ড উন্নয়ন বিষায়ৰ কাৰ্যালয়ৰ কাম-কাজ । 1 ৰ পৰা 3 আৰু 10, 11 অক্টোবৰ অৰ্থাৎ পাঁচদিনৰ কৰ্মবৰতি পালন কৰিছে সদৌ অসম গ্ৰামোন্নয়ন আৰু পঞ্চায়তৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে ৷

P&RD

নিউজ ডেস্ক, 1 অক্টোবৰঃ ৰাজ্যজুৰি আজি পালন কৰা হৈছে সদৌ অসম গ্ৰামোন্নয়ন আৰু পঞ্চায়তৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ ব্যাপক প্ৰতিবাদ ৷

বাক্সা, টীয়ক, কলগাছিয়া, বিহালী, যোৰহাট, আমগুৰি, বজালী, ৰঙিয়াত দেখা গৈছে ব্যাপক প্ৰতিবাদ ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশানুসৰি সম কাম সম বেতন, চাকৰি নিয়মীয়াকৰণ, চৰকাৰী সা-সুবিধা, মানৱ সম্পদ নীতি (HR Policy), প্ৰযোজ্য কৰাৰ দাৱীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে ৷ ইতিমধ্যে পাঁচদিনৰ কৰ্মবৰতি নামিছে কৰ্মচাৰী সকল ৷ প্ৰথম অৱস্থাত তিনি দিন আৰু দ্বিতীয় অৱস্থাত দুদিনীয়া কৰ্মবিৰতি পালন কৰিব ৰাজ্যৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়তৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে ৷

5 দিনীয়া কৰ্মবিৰতিত গ্ৰামোন্নয়ন আৰু পঞ্চায়ত ঠিকাভিত্তিক কৰ্মচাৰী

বিগত ১০ বছৰ ধৰি প্ৰায় দহ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি সুনিশ্চিত কৰাৰ লগতে নিয়মীয়া কৰণৰ দাবী জনাই আহিছে যদিও চৰকাৰে কোন ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ যদিহে অতি সোনকালে উক্ত দাবী সমূহ পূৰণ নকৰে তেন্তে অনাগত দিনত অনিদিৰ্ষ্ট কাললৈ অৱস্থান ধৰ্মঘট পালনৰ হুংকাৰ প্ৰদান কৰিছে সন্থাটোৱে ৷

Intro:বাক্সাৰ তামুলপুৰত কৰ্মবিৰতি পালন গ্ৰামোন্নয়ন আৰু পঞ্চায়তৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ :
Body:সদৌ অসম গ্ৰামোন্নয়ন আৰু পঞ্চায়তৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে আজিৰে পৰা কৰ্মবিৰতি পালন কৰিছে ৷ ফলত ৰাজ্যজুৰি স্তব্ধ হৈ পৰিছে খণ্ড উন্নয়ন বিষায়ৰ কাৰ্যালয়ৰ কাম কাজ । সদৌ অসম গ্ৰামোন্নয়ন আৰু পঞ্চায়তৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ নিৰ্দেশ অনুসৰি তামুলপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়তো গ্ৰামোন্নয়ন আৰু পঞ্চায়তৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰিছে ৷ জানিব পৰা মতে ১ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ অব্যাহত থাকিব এই কৰ্ম বিৰতি । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ তামুলপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ৰ সভাপতি ৰাতুল কুমাৰ দাস , উপ সভাপতি ৰিংকু দাস , সম্পাদক নয়নমনি মহন্ত আৰু চিন্ময় দাসৰ নেতৃত্বত শতাধিক কৰ্মচাৰীয়ে এই কর্ম বিৰতি কাৰ্যসূচীত ভাগ লয় । Conclusion:উল্লেখযোগ্য যে
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশানুৰি সম কামৰ সম বেতন প্ৰদান কৰা , দৰমহা বৃদ্ধি কৰা ,
চাকৰি নিয়মীয়াকৰণ কৰা আৰু H R POLICY প্ৰযোজ্য কৰাৰ দাবীত পালন কৰে এই কৰ্ম বিৰতি ।।##

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.