ETV Bharat / city

ক'ভিডৰ বাবে যোৰহাটত যান-বাহন চলাচলত নতুন নিয়ম - বৃহস্পতিবাৰৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নিয়ম

১৩ মে'ৰ পৰা সমগ্ৰ যোৰহাট জিলাত যুগ্ম সংখ্যাৰ তাৰিখত যুগ্ম সংখ্যাৰ বাহন আৰু অযুগ্ম সংখ্যাৰ তাৰিখত অযুগ্ম সংখ্যাৰ বাহন চলাবলৈ নিৰ্দেশ যোৰহাট জিলা প্ৰশাসনৰ ।

Jorhat
ক'ভিডৰ বাবে যোৰহাটত যান-বাহন চলাচলত নতুন নিয়ম
author img

By

Published : May 12, 2021, 4:36 PM IST

যোৰহাট,১২ মে': ৰাজ্যৰ আন আন জিলাৰ সমান্তৰালকৈ যোৰহাট জিলাত মহামাৰীৰ সংক্ৰমণ প্ৰতিদিনে বৃদ্ধি পাইছে । জিলাখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা প্ৰশাসনেও কঠোৰ পথ অৱলম্বন কৰিবলৈ চেষ্টা কৰিছে । যাৰ ফলত চহৰখনত ব্যাপক যান-বাহনৰ ভীৰ আৰু মানুহৰ সমাগম হ্ৰাস কৰিবলৈ চহৰখনত যান-বাহন চলাচল কৰাৰ ক্ষেত্ৰত বান্ধি দিছে নতুন নিয়ম ৷

১৩ মে'ৰ পৰা সমগ্ৰ যোৰহাট জিলাত যুগ্ম সংখ্যাৰ তাৰিখত যুগ্ম সংখ্যাৰ বাহন আৰু অযুগ্ম সংখ্যাৰ তাৰিখত অযুগ্ম সংখ্যাৰ বাহন চলাবলৈ নিৰ্দেশ জাৰি কৰে যোৰহাট জিলা প্ৰশাসনৰ । পুৱা ৫ বজাৰ পৰা দিনৰ ২ বজালৈকে চলাব পাৰিব বাহন । বৃহস্পতিবাৰৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নিয়ম ।

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যোগেদি ইতিমধ্যে ক'ভিডৰ ভয়াৱহ সংক্ৰমণ ৰোধৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে । সমান্তৰালকৈ যোৰহাট জিলা প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিব । জিলাখনত দৈনিক বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা । ইতিমধ্যে জিলাখনত এতিয়ালৈ ১,০৫০ গৰাকী আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷ লগতে মৃত্যুৰ সংখ্যা ৯৫ গৰাকীলৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক: শোণিতপুৰত ৩ গৰাকী কৰ'ণা আক্ৰান্তৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.