টীয়ক, 10 অক্টোবৰ : টীয়কত প্ৰধানমন্ত্ৰীৰ সৌভাগ্য আঁচনিৰ নামত এতিয়া বহিৰাগত প্ৰতিষ্ঠানে চলাইছে লুণ্ঠনৰাজ ৷ ষ্টেপ ইণ্ডাষ্টিজ নামৰ প্ৰতিষ্ঠানটোৱে সৌভাগ্য আঁচনিৰ অধীনত টীয়কৰ কেইবাখনো গাঁৱত বৈদ্যুতিকৰণ কামৰ আৱন্টন লাভ কৰিছিল । কিন্তু এই প্ৰতিষ্ঠানটোৱে টীয়কৰ বিশেষকৈ জাঁজীমুখৰ হাতীশাল অঞ্চলত বহু হিতাধিকাৰীৰ ঘৰত মিটাৰ লগায়ে দায়িত্ব সামৰিছে ।
উল্লেখযোগ্য যে এই ষ্টেপ ইণ্ডাষ্টিজে বহু স্থানীয় যুৱকক বিদ্যুৎ সংযোগৰ দায়িত্ব দিছিল যদিও তেওঁলোকে পাবলগীয়া পাৰিশ্ৰমিকো আজি পৰ্যন্ত প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে । প্ৰধানমন্ত্ৰীৰ সৌভাগ্য আঁচনি বৰ্তমানে এই বহুজাতিক প্ৰতিষ্ঠানটোৰ কৃপাত বগাহাতীলৈ পৰিৱৰ্তন হৈছে । সুদীৰ্ঘ কাল অপেক্ষাৰ অন্তত নৈপৰীয়া অঞ্চলটোলৈ বিদ্যুতৰ সংযোগ আহিছিল যদিও আজি পৰ্যন্ত বিজুলীবাতিৰ পোহৰ ৰাইজৰ উপভোগ কৰিবলৈ সৌভাগ্য উদয় হোৱা নাই ।
লগতে পঢ়ক : ক'ৰণা প্ৰতিৰোধৰ উদ্দেশ্যৰে শিক্ষক ছাত্ৰ-ছাত্ৰীৰ শপত বাক্য পাঠ