যোৰহাট, 19 মে': যোৰহাট জিলা উপায়ুক্ত হিচাপে বুধবাৰে নৱনিযুক্ত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে যোগদান কৰে ৷ পূৰ্বৰ জিলা উপায়ুক্ত ৰশ্নি অপৰঞ্জি কৰাটীৰ পৰা তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰে ৷ যোগদানৰ পিছতে উপায়ুক্ত গৰাকীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ক'ভিড পৰিস্থিতিৰ লগতে অন্যান্য ৰোগী আৰু চিকিৎসালয়খনত থকা সুবিধা সমূহৰ বিষয়ে বুজ লয় ৷
চিকিৎসা মহাবিদ্যালয়ত ক'ভিড ৰোগীসকলক কেনেধৰণৰ চিকিৎসা তথা সুবিধা প্ৰদান কৰা হৈছে আৰু আগন্তক দিনত গ্ৰহণ কৰিব পৰা ব্যৱস্থাৱলীৰ সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰত্নকান্ত তালুকদাৰ আৰু অধীক্ষক পূৰ্ণিমা বৰুৱাৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনা কৰে ৷ ক'ভিড সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে জিলা প্ৰশাসনৰ ফালৰ পৰা সম্পূ্ৰ্ণ সহযোগিতা পাব বুলি তেওঁ আশ্বাস দিয়ে ৷
উল্লেখ্য যে, পৰিদৰ্শন কালত উপায়ুক্তগৰাকীৰ লগত অতিৰিক্ত উপায়ুক্তদ্বয় বিশ্বজিৎ ফুকন, কবিতা কাকতি কোঁৱৰ আৰু সহকাৰী আয়ুক্ত বেদব্ৰত পেগু উপস্থিত থাকে ৷
লগতে পঢ়ক : বনৰীয়া ম’হৰ আক্ৰমণত আহত বনকৰ্মী