ETV Bharat / city

এইবাৰ চাইৱালাৰ ৰূপত কিয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ?

author img

By

Published : Sep 17, 2020, 10:32 PM IST

17 ছেপ্তেম্বৰ অৰ্থাৎ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন ৷ প্ৰধানমন্ত্ৰীৰ জন্মদিনত কেক কাটি ৰাজপথত চাহ বিক্ৰী কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

এইবাৰ চাইৱালাৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী !

মৰিয়নী, 17 ছেপ্তেম্বৰ : দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিজেপিৰ কৰ্মকৰ্তাসকলে বৃহস্পতিবাৰৰ দিনটোত উলহ-মালহৰে উদযাপন কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ মোডীৰ জন্মদিন । তাৰ সমান্তৰালকৈ মৰিয়নীতো প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ উপলক্ষে কেক কাটি ৰাইজক খুৱালে এগৰাকী বিধায়কে ৷ কিন্তু এইগৰাকী বিধায়ক কোনো বিজেপি দলৰ নহয় এই কেক কাটিছে কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া

বৃহস্পতিবাৰে মৰিয়নীত বিয়লি এনএছইউআইৰ উদ্যোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি উদযাপন কৰা হয় ‘‘ৰাষ্ট্ৰীয় নিবনুৱা দিৱস’’ । যাৰ বাবে মৰিয়নী নগৰৰ থানা তিনিআলিত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কেক কাটি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সৰ্বকালৰ ব্যৰ্থ প্ৰধানমন্ত্ৰী আখ্যা দি তীব্ৰ প্ৰধানমন্ত্ৰী আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ গৰিহণা প্ৰদান কৰে ৷

এনএছইউআই সদস্যৰ প্ৰতিক্ৰিয়া

আনহাতে, নিবনুৱা সমস্যা সমাধান নকৰি দেশৰ সম্পদ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ লগতে প্ৰতিবাদস্থলীতে বিধায়ক কুৰ্মীয়ে 10 টকাত একাপ চাহ আৰু বিস্কুট বিক্ৰী কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে চাওক-বিজেপিয়ে NRCৰ সমস্যা সমাধান নকৰেঃ ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.