ETV Bharat / city

নিৰ্মাণৰ এবছৰৰ পাচতো মৰিয়নীত পৰিত্যক্ত হৈ ৰ'ল বন শিবিৰ - মৰিয়নীত পৰিত্যক্ত হৈ ৰ'ল বন শিৱিৰ

মৰিয়নীত চৰকাৰী ধনৰ শৰাধ ৷ নিৰ্মাণৰ এবছৰৰ পাচতো কাৰ্যত ব্যৱহাৰ নহ'ল এবছৰৰ পূৰ্বে নিৰ্মাণ কৰা বনশিবিৰ

নিৰ্মাণৰ এবছৰৰ পাচতো মৰিয়নীত পৰিত্যক্ত হৈ ৰ'ল বন শিবিৰ
author img

By

Published : Apr 30, 2019, 5:53 PM IST

মৰিয়নী, 30 এপ্ৰিলঃ যোৰহাট জিলাৰ মৰিয়নীস্থিত একমাত্ৰ বন্য প্ৰাণী অভয়াৰণ্য হোলোঙাপাৰ গিবন বন্য প্ৰাণী অভয়াৰণ্য । বিগত সময়চোৱাত এই অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীয়ে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত বিস্তৰ ক্ষতিসাধন কৰি আহিছে। এই বন্যহস্তীৰ পালটোক ৰোধিবলৈ বনবিভাগে আজিপৰ্যন্ত কোনো দীৰ্ঘম্যাদী পৰিকল্পনা হাতত লোৱা পৰিলক্ষিত হোৱা নাই ।

নিৰ্মাণৰ এবছৰৰ পাচতো মৰিয়নীত পৰিত্যক্ত হৈ ৰ'ল বন শিবিৰ

আৰু পঢ়কঃ ডিগবৈ ঠাকুৰবাৰী মন্দিৰৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড

উল্লেখ্য যে, স্থানীয় ৰাইজে গিবন অভয়াৰণ্যৰ প্ৰবেশৰ পূৰ্বে এটা বনশিবিৰ স্থাপনৰ বাবে দীৰ্ঘদিনীয়া এক দাবী কৰি আহিছিল । ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনায় বনবিভাগে ধোদৰ আলিৰ সমীপত এবছৰৰ পূৰ্বে এটা বনশিবিৰ নিৰ্মাণ সম্পূৰ্ণ কৰে । কিন্তু অতি পৰিতাপৰ বিষয় নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাচতো কাৰ্যত ব্যৱহাৰ নহ'ল এই শিবিৰটো । নানা অজুহাতত আজিও পৰিত্যক্ত হৈ আছে চৰকাৰী ধনেৰে নিৰ্মিত এই বনশিবিৰ । বৰ্তমান এই শিবিৰটোত একাংশ লোকে অনৈতিক কাৰ্যকলাপত লিপ্ত হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

Intro:চৰকাৰী ধনৰ শৰাধ: নিৰ্মাণৰ এবছৰৰ পাছতো পৰিত্যক্ত হৈ ৰল বন শিবিৰ।
Body:MARIANI GIBBON WILD LIFE SANCTUARY

চৰকাৰী ধনৰ শৰাধ: নিৰ্মাণৰ এবছৰৰ পাছতো পৰিত্যক্ত হৈ ৰল বন শিবিৰ।

যোৰহাট জিলাৰ মৰিয়নীস্থিত একমাত্ৰ বন্য প্ৰাণী অভয়াৰণ্য হোলোঙাপাৰ গিবন বন্য প্ৰাণী অভয়াৰণ্য। বিগত সময়চোৱাত এই অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ পালে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত বিস্তৰ ক্ষতিসাধন কৰি আহিছে। এই বন্যহস্তীৰ পালটোক ৰোধিবলৈ বনবিভাগে আজিকোপতি কোনোধৰণ দিঘ্যম্যাদী পৰিকল্পনা হাতত লোৱা পৰিলক্ষিত হোৱা নাই। অন্যহাতে নিতৌ বিয়লি ভাগত জনাঞ্চলত প্ৰৱেশ কৰিবলৈ এই বন্যহস্তীৰ পালটোৱে অভয়াৰণ্য খনৰ গাতে লাগি থকা ঐতিহাসিক ধোদৰ আলি অতিক্ৰম কৰে। ফলত অতি ব্যস্ততাপূৰ্ণ এই ধোদৰ আলি হাতী পালটোৱে অৱৰোধ কৰাৰ ফলত বহু জনবাহন আবদ্ধ হৈ পৰাৰ উপৰিও বিগত সময়ছোৱা এই বন্যহস্তীৰ মুখা মুখী হোৱাৰ ফলত কেইবাজনো ব্যক্তি গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে গিবন অভয়াৰণ্যৰ প্ৰবেশৰ পূৰ্বে এটা বনশিবিৰ স্থাপনৰ বাবে দীৰ্ঘদিনীয়া এক দাবী কৰি আহিছিল। ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনায় বনবিভাগে ধোদৰ আলিৰ সমীপত এবছৰৰ পূৰ্বে এটা বনশিবিৰ নিৰ্মান সম্পূৰ্ণ কৰে। কিন্তু অতি পৰিতাপৰ বিষয় নিৰ্মান সম্পূৰ্ণ হোৱাৰ পাছতো কাৰ্য্যত ব্যৱহাৰ নহল এই শিবিৰটো।নানা অজুহাতত আজিও পৰিত্যক্ত হৈ আছে চৰকাৰী ধনেৰে নিৰ্মিত এই বনশিবিৰ। বৰ্তমান সময়ত এই শিবিৰটোত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে অনৈতিক কাৰ্যকলাপ লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে।

Bite:- স্থানীয় প্ৰকৃতিপ্ৰেমী

Ranjit Borah
MarianiConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.