যোৰহাট, 24 ফেব্ৰুৱাৰী : অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট জিলা পৰিষদৰ সহযোগত যোৰহাট কাছাৰি মৈদাম প্ৰাংগনত এক বৃহৎ মহিলা সমাৰোহৰ আয়োজন কৰা হয় | প্ৰায় 5 সহস্ৰাধিক মহিলাই অংশগ্ৰহন কৰা এই সমাৰোহত মন্ত্ৰী যোগেন মহন, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী উপস্থিত থাকে ৷
এই মহিলা সমাৰোহত যোৰহাটৰ মুঠ 8308 টা আত্ম সহায়ক গোটৰ 2899 টা আত্ম সহায়ক গোটলৈ 50 হাজাৰকৈ টকা আৰু 142 গৰাকী জীৱিকা সখীলৈ একোখনকৈ স্কুটি প্ৰদান কৰা হয় ৷ সমাৰোহত যোৰহাটৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন গোস্বামীয়ে যোৰহাটত অতি সোনকালে এক বৃহৎ মহিলা মাৰ্কেট স্থাপন কৰা হ'ব বুলি ঘোষণা কৰে ৷
লগতে পঢ়ক : আলফাই ভুলবশতঃ অপহৰণ কৰা সঞ্জয়ে দিলে পণবন্দীৰ বৰ্ণনা