ETV Bharat / city

অখিল গগৈঃ আমৰণ অনশন দুই সংগঠনৰ - ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

আমৰণ অনশনৰ পৰাই কৃষক নেতা অখিল গগৈকে ধৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা কেইজনক অতি শীঘ্ৰে মুকলি কৰি দিবলৈ চৰকাৰক সকিয়াই দিলে প্ৰতিবাদকাৰী সকলে ৷

KMSS  hunger strike At Teok
অখিল গগৈঃ আমৰণ অনশন দুই সংগঠনৰ
author img

By

Published : Jul 13, 2020, 5:37 PM IST

যোৰহাট, 13 জুলাইঃ যোৰহাট জিলাৰ টিয়কত বানৰ তাণ্ডৱৰ মাজতো অখিল গগৈৰ আৰোগ্য কামনাৰে,তথা কাৰাগাৰৰ পৰা মুকলি কৰাৰ দাবীত অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷

অখিল গগৈঃ আমৰণ অনশন দুই সংগঠনৰ

'কা' আন্দোলনত জড়িত থকাৰ অভিযোগত কৃষক নেতা অখিল গগৈকে ধৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেইবাজনো নেতা চৰকাৰে দীৰ্ঘ দিন ধৰি কাৰাগাৰাত আবদ্ধ কৰি ৰাখিছে ৷ ইতিমধ্যে কাৰাবন্দী হৈ থকা নেতা কেইজনৰ দেহত ধৰা পৰে কৰ'ণা পজিটিভ ৷ ইফালে নেতা কেইজনক উন্নত চিকিৎসা আৰু কাৰাগাৰাৰ পৰা মুকলি কৰি দিয়াৰ দাবীত ইতিমধ্যে বিভিন্ন দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ঠিক একেদৰে যোৰহাটৰ টিয়কতো অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে কাৰাগাৰাৰ পৰা মুকলি তথা উন্নত চিকিৎসাৰ দাবীত যোৱা শনিবাৰৰ পৰা টীয়কৰ মুখ্য কাৰ্যালয়ত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷

অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ উপদেষ্টা মনোজ গগৈয়ে সাংবাদিকৰ আগত মন্তব্য কৰে যে,এই অনশন কাৰ্যসূচী ইতিমধ্যে ৪৮ ঘন্টা অতিক্ৰম কৰিলে যদিও কৃষক নেতাসকলৰ জামিন মঞ্জুৰ কৰা নাই চৰকাৰে ৷ যেতিয়ালৈ কৰাবন্দী নেতা কেইজনৰ জামিন মঞ্জুৰ নোহোৱা পৰ্যন্ত এই কাৰ্যসূচী অব্যাহত থাকিব বুলি মন্তব্য কৰিছে উপদেষ্টাগৰাকীয়ে । তদুপৰি অনুৰূপ দাবীৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলা সমিতিয়ে জগদুৱাৰত মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰে আৰু কৃষক নেতা কেইগৰাকীৰ আশু আৰোগ্য কামনা কৰে । লগতে অতি শীঘ্ৰে কৰাবন্দী নেতা কেইজনক মুকলি কৰি দিবলৈ চৰকাৰ প্ৰশাসনক দাবী কৰিছে ৷ যদিহে নেতা কেইজনক মুকলি কৰি নিদিয়ে তেনেহ'লে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকিয়াই দিয়ে সংগঠনটোৰ সদস্য সকলে ৷

লগতে পঢ়ক- তিনিচুকীয়াত ভূঁই ৰুই,জাল মাৰি অভিনৱ প্ৰতিবাদ ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.