যোৰহাট, 8 মে': ৰাজ্য চৰকাৰে ক’ভিড সংক্ৰমণ ৰোধ কৰাৰ বাবে ইতিমধ্যে নীতি নিৰ্দেশনা জাৰি কৰিছে ৷ তাৰ পাছতো যোৰহাট জিলাত ক’ভিড প্ৰটকল ভংগ একাংশৰ ৷ যোৰহাট সদৰ আৰক্ষীয়ে এখন বাহনৰ পৰা ৪২ জনকৈ গৃহ নিৰ্মাণত জড়িত কৰ্মচাৰীক আটক কৰা ঘটনা পোহৰলৈ আহিছে ৷ যোৰহাটৰ তৰাজান অঞ্চলত এজন ব্যক্তিৰ গৃহ নিৰ্মাণত জড়িত থকা এইসকল শ্ৰমিক দেৰগাঁৱৰ চিতলপথাৰ অঞ্চলৰ ।
নিশা ৬ বজাৰ পৰা নৈশ সান্ধ্য আইন থকাৰ পাচতো এইসকল কৰ্মচাৰীয়ে গৃহ নিৰ্মাণ কামত জড়িত আছিল । যোৰহাট সদৰ আৰক্ষীয়ে তহলৰ সময়ত এই সকল লোকক বাহনসহ আটক কৰি সদৰ আৰক্ষী চকীলৈ আনে ৷ আৰক্ষীৰ তদন্তৰ শেষতহে জানিব পৰা যাব কোন ব্যক্তিৰ গৃহ নিৰ্মাণ কামত জড়িত আছিল এই সকল কৰ্মচাৰী ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : মৰিগাঁৱত 3 টা কণ্টেইনমেণ্ট জ’ন ঘোষণা