ETV Bharat / city

মৰিয়নীৰ প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষৰ দেহাৱসান - Alok Kumar Ghosh

মৰিয়নীৰ প্ৰাক্তন বিধায়ক তথা বিজেপিৰ ভাষিক সংখ্যালঘুু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ অলক কুমাৰ ঘোষৰ দেহাৱসান । চিকিৎসাধীন অৱস্থাত মৃত্যু হয় অলক কুমাৰ ঘোষৰ ৷

Former MLA Alok Kumar Ghosh passes away
মৰিয়নীৰ প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষৰ দেহাৱসান
author img

By

Published : Aug 7, 2021, 10:16 PM IST

যোৰহাট, 7 আগষ্ট : মৰিয়নীৰ প্ৰাক্তন বিধায়ক তথা বিজেপিৰ ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ অলক কুমাৰ ঘোষৰ শনিবাৰে দেহাৱসান ঘটে। কিছুদিন পূৰ্বে ছিলিগুৰিৰ নিজা বাসগৃহত থকা সময়তেই হঠাৎ শাৰিৰীকভাৱে অসুস্থ হৈ পৰিছিল অলক কুমাৰ ঘোষ ৷ ইয়াৰ পিছতে শুকুৰবাৰে তেওঁক ছিলিগুৰিৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

কিন্তু শনিবাৰে দুপৰীয়াৰ পৰা তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে ৷ অৱশেষত চিকিৎসাধীন অৱস্থাতে বিয়লি প্ৰায় ৫.৩০ বজাত তেওঁৰ মৃত্যু হয় ৷ অলক কুমাৰ ঘোষৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM himanta Biswa Sarma) ৷ লগতে বিজেপিৰ ৰাজ্যিক দলৰ পৰাও সভাপতি ভৱেশ কলিতাৰ লগতে বিজেপি দলৰ সদস্যসকলেও শোক প্ৰকাশ কৰে ৷

শোক শন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে বিজেপিৰ লগতে বিজেপিৰ ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ সদস্যসকলে ৷

লগতে পঢ়ক - ভয়াৱহ সংকট: মিজোৰামত নাই পৰ্যাপ্ত ক’ভিড কিট, নাই খাদ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.