ETV Bharat / city

বিজেপিয়ে সকলোতে গেৰুৱাকৰণ কৰিব বিচাৰিছে : তৰুণ গগৈ

সোমবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিজেপিৰ সমালোচনা কৰে । গণতন্ত্ৰৰ সকলো স্তম্ভকে চৰকাৰে ৰক্ষণাবেক্ষণ দিব লাগিছিল যদিও বিপদাপন্নহে কৰিছে বুলি তেওঁ মন্তব্য কৰে । চৰকাৰৰ এনে ব্যৰ্থতা ৰাইজে প্ৰত্যক্ষ কৰি আহিছে সেয়েহে এইবাৰ বিজেপি চৰকাৰ শাসনলৈ নাহে বুলি তেওঁ জনায় ।

author img

By

Published : Apr 29, 2019, 7:29 PM IST

TARUN GOGOI'S PRESSMEET

যোৰহাট, ২৯ এপ্ৰিল: বিজেপি চৰকাৰৰ কাৰ্যকালত গণতন্ত্ৰৰ সকলো স্তম্ভ বিপদাপন্ন হৈছে বুলি এক সংবাদমেলৰ জৰিয়তে মন্তব্য কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । গণতন্ত্ৰৰ সকলো স্তম্ভকে চৰকাৰে ৰক্ষণাবেক্ষণ দিব লাগিছিল যদিও বিপদাপন্নহে কৰিছে বুলি তেওঁ মন্তব্য কৰে । বৰ্তমানৰ মোডী চৰকাৰ এইক্ষেত্ৰত চূড়ান্তভাবে বিফল হৈছে বুলি তেওঁ কটাক্ষ কৰে । ৰাজ্যত দিনক দিনে বৃদ্ধি পাই অহা সাংবাদিক আক্ৰমণৰ প্ৰসংগও টানি আনি তেওঁ কয় যে, ৰাজ্যৰ সাংবাদিক সকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ চৰকাৰ আৰু আৰক্ষী প্ৰশাসন ।

TARUN GOGOI'S PRESSMEET

চৰকাৰৰ এনে ব্যৰ্থতা ৰাইজে প্ৰত্যক্ষ কৰি আহিছে সেয়েহে এইবাৰ বিজেপি চৰকাৰ শাসনলৈ নাহে বুলি তেওঁ জনায় । বিজেপি চৰকাৰে ন্যায়পালিকা, শিক্ষাখণ্ড সকলোতে গেৰুৱাকৰণ কৰিব বিচাৰিছে বুলিও তেওঁ মন্তব্য কৰে । এজন চকীদাৰ প্ৰধানমন্ত্ৰী দেশে আকৌ নিবিচাৰে বুলি দাবী কৰি তেওঁ কয় যে, অসমৰ চৰকাৰ সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাই চলোৱা নাই, বৰঞ্চ আৰ এছ এছ, ৰাম মাধৱেহে চলাইছে বুলি তেওঁ মন্তব্য কৰে । ৰাম মাধৱ, মোডীক সন্তুষ্ট কৰিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে অসমৰ মাটি বিক্ৰী কৰিবলৈ ওলাইছে বুলিও কটাক্ষ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ।

আঞ্চলিকতাবাদৰ আদৰ্শত গঢ় লৈ উঠা অসম গণ পৰিষদ এতিয়া বিক্ৰী হৈ গৈছে বুলি তেওঁ দাবী কৰে । শ্বহীদৰ তেজক তেওঁলোকে জ্বলাঞ্জলি দিলে বুলিও তেওঁ কয় । প্ৰকৃত আঞ্চলিকতাবাদ বৰ্তমান কংগ্ৰেছ দলেহে পালন কৰি আহিছে বুলি তেওঁ জনায় । অসমৰ বুৰঞ্জীত আটাইতকৈ ব্যৰ্থ মুখ্যমন্ত্ৰী হৈছে সৰ্বানন্দ সোণোৱাল বুলি তেওঁ কটাক্ষ কৰে । নৰেন্দ্ৰ মোডীক সমালোচনা কৰি তেওঁ কয় যে, গঙ্গাৰ নামত দিবলৈ তেওঁৰ ধন আছে কিন্তু অসমৰ নামত দিবলৈ ধন নাই । বৰ্তমান ৰাজ্যত চলি থকা ছিণ্ডিকেট ৰাজ সম্পৰ্কত তেওঁ কয় যে, এই দুৰ্নীতিক লৈ এতিয়া নেদেখাৰ ভাও ধৰিছে চৰকাৰে ।

গণতন্ত্ৰৰ সকলো স্তম্ভ বিপদাপন্ন হৈছে বিজেপি চৰকাৰৰ দিনত--- তৰুণ গগৈ/ যোৰহাটত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল

গণতন্ত্ৰৰ সকলো স্তম্ভকে ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব চৰকাৰৰ। কিন্ত এই সকলো স্তম্ভ বৰ্তমান চৰকাৰৰ দিনত বিপদাপন্ন হৈ পৰিছে। বৰ্তমান ৰ মোডী চৰকাৰ এইক্ষেত্ৰত চূড়ান্ত ভাবে বিফল হৈছে। ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰে সাংবাদিক নিগ্ৰহৰ ঘটনাই তাকে প্ৰমাণ কৰিছে। ৰাজ্যৰ সাংবাদিক সকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ ভাবে ব্যৰ্থ হৈছে চৰকাৰৰ লগতে আৰক্ষী প্ৰশাসন। মুঠৰ ওপৰত কবলৈ গলে এই বিজেপি চৰকাৰ সকলো ক্ষেত্ৰত ব্যৰ্থ এক চৰকাৰ। আৰু এই সকলো বোৰ ৰাইজে প্ৰত্যক্ষ কৰি আছে। এইবাৰ আৰু বিজেপি চৰকাৰ নাহে। কেন্দ্ৰত পুনৰ এন দি এ চৰকাৰে শাসন চলাব। --- এই মন্তব্য ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰ সমষ্টিৰ বিধায়ক তৰুণ গগৈৰ। আজি যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত এই মন্তব্য কৰাৰ লগতে গগৈয়ে কয় যে, বিজেপি চৰকাৰে ন্যায়পালিকা, শিক্ষাখণ্ড সকলোকে গেৰুৱাকৰণ কৰিব বিচাৰিছে। এই গেৰুৱা কৰণ প্ৰক্ৰিয়াই দেশৰ সকলো খণ্ডকে শেষ কৰি পেলাব। এইখন দেশত মহাত্মা গান্ধী, নেহেৰু ৰ দৰে লোক আছিল। কিন্তু মোডী একমাত্ৰ ব্যক্তি যি নিজকে সদায় প্ৰজেক্ট কৰিব বিচাৰে। তেওঁ নিজে কয়, আকৌ এবাৰ মোডী চৰকাৰ। নিজে কয় মই চকীদাৰ। আমাক তেনে প্ৰধানমন্ত্ৰী নালাগে যি নিজকে নিজে প্ৰজেক্ট কৰে। তেওঁ কেৱল নিজৰ গাদীৰ কথা চিন্তা কৰে, দেশৰ কথা তেওঁ চিন্তা কৰিবলৈ সময় নাই। বিজেপি চৰকাৰে কেৱল লোকৰ কামৰ ক্ৰেডিট লব জানে। অসমৰ সকলো উন্নয়ন ৰ কাম কংগ্ৰেছৰ দিনতে হল যদিও তাৰ ক্ৰেডিট তেওঁলোকে লব বিচাৰে। লেবেল মৰা ওস্তাদ বিজেপি চৰকাৰ। বৰ্তমান চাকৰি নোহোৱা হৈছে, ৰাইজৰ উপাৰ্জন নোহোৱা হৈছে। ইয়াৰ বাবে দায়ী পৰিৱৰ্তনৰ শ্লোগান দিয়া বিজেপি চৰকাৰ। বৰ্তমান সকলো ক্ষেত্ৰত অৰাজকতা সৃষ্টি হৈছে। সামাজিক, অৰ্থনৈতিক ক্ষেত্ৰত সংকট আহি পৰিছে ৰাজ্যত এই বিজেপি চৰকাৰৰ দিনত। প্ৰসংগক্ৰমে গগৈয়ে কয় যে, আমাৰ দিনত এন আৰ চি কৰিছিলোঁ অসম চুক্তিৰ ভিত্তিত আৰু বিদেশী বহিস্কাৰ কৰিবৰ বাবে। কিন্তু বিজেপি চৰকাৰে জাতি মাটি ৰক্ষাৰ কথা কৈ এতিয়া অসমলৈ বিদেশী আনিবলৈ পদক্ষেপ হাতত লৈছে। বিজেপি চৰকাৰে এন আৰ চি মূল্যহীন কৰি তুলিছে। বৰ্তমান ৰাজ্য চৰকাৰ সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা ই চলোৱা নাই, চলাইছে আৰ এছ এছ, ৰাম মাধবে। সর্বা, হিমন্তৰ চৰকাৰ চলোৱাত কোনো অৰিহণা নাই। ৰামমাধৱ, মোডীক সন্তুষ্ট কৰিবলৈ গৈ হিমন্ত, সৰ্বাই অসমৰ মাটি বিক্ৰী কৰিবলৈ ওলাইছে। বৰ্তমান এ জি পিৰ কোনো অস্তিত্ব নাই। অঞ্চলিকতা ৰ নাম লৈ গঢ় লৈ উঠা এ জি পি বৰ্তমান বিক্ৰী হৈ গল। শ্বহীদ ৰ তেজক তেওঁলোকে জ্বলাঞ্জলি দিলে। প্ৰকৃত আঞ্চলিকতাবাদ বৰ্তমান কংগ্ৰেছ দলেহে কৰিছে। অসমৰ বুৰঞ্জীত আটাইতকৈ ব্যৰ্থ মুখ্যমন্ত্ৰী হৈছে সৰ্বানন্দ সোণোৱাল। তেওঁ কয় এটা কৰে এটা। তেওঁৰ কথা কামৰ কোনো মিল নাই। তেওঁ মাত্ৰ এটা পুতলাৰ দৰে বহি থাকিব জানে। বিজেপি চৰকাৰে থলুৱা উদ্যোগ সমূহ ধ্বংস কৰি পেলাইছে। নৰেন্দ্ৰ মোদীৰ আচ্চা দিন আৰু নাই, তেওঁৰ খাৰাব দিন এতিয়া আৰম্ভ হৈ গৈছে। তেওঁৰ গঙ্গাৰ নামত দিবলৈ ধন আছে। কিন্তু অসমৰ নামত দিবলৈ ধন নাই। তেওঁ ইফালে ডিঙিত গামোচা খন পিন্ধি থাকিব পাৰে। বৰ্তমান ৰাজ্যত চলি থকা কয়লা ছিণ্ডিকেট সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয় যে বৰ্তমান কয়লা ছিণ্ডিকেট কেৱল বৰাকতে নহয়, উজনিৰ মাৰ্ঘেৰিটাৰ দৰে চহৰতো চলি আছে। এই ছিণ্ডিকেট বন্ধ কৰাত ৰাজ্য চৰকাৰ সম্পূৰ্ণ ৰূপে ব্যৰ্থ। সাহস আছে যদি এইক্ষেত্ৰত বিজেপি চৰকাৰে চি বি আই তদন্ত দিয়ক। তেওঁলোকৰ তাকে কৰিবলৈ সাহস নাই। আমাৰ দিনত সকলো তদন্তৰ দায়িত্ব চি বি আইক দিছিলোঁ। ছিণ্ডিকেট ৰাজ চলি থকাৰ পাছতো তেওঁলোকে নেদেখাৰ ভাও ধৰি আছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.