মৰিয়নী,30 মে' : মৰিয়নীত সাংবাদিকক সহায়ৰ হাত বিজেপি দলীয় সতীৰ্থৰ ৷ মহাসংকটৰ সময়তো সন্মুখসমৰত থাকি যুজঁ দিয়া সাংবাদিক সকলৰ বাবে সহায়ৰ হাত আগবঢ়াইছে বিজেপিৰ মৰিয়নী কৰ্মকৰ্তা সকলে ।
যোৰহাট জিলাৰ মৰিয়নীত সাংবাদিকসকলক সহায়ৰ হাত আগবঢ়াইছে বিজেপিৰ চেলেং মণ্ডল আৰু মৰিয়নী মণ্ডলৰ সদস্যসকলে । মহামাৰী কৰ'ণা ভাইৰাছে সৃষ্টি কৰা মহাসংকটৰ সময়তো সাংবাদিক সকলে যি সেৱা আগবঢ়াইছে তাক লৈ বিজেপি দলৰ সদস্য সকলে সহায়ৰ হাত আগঢ়ায় ৷ ইতিমধ্যে, লকডাউনৰ এই সময়ছোৱাত অন্য লোকৰ দৰেই সাংবাদিক সকলো যথেষ্ট অৰ্থ সংকট তথা খাদ্য সংকটত ভুগিছে । উক্ত বিষয়টোৰ প্ৰতি লক্ষ্য কৰি শনিবাৰে বিজেপিৰ এই দুয়োটা মণ্ডলৰ সদস্য সকলে চাউল, দাইল, আলু পিয়াঁজকে আদি কৰি অন্যান্য লাগতিয়াল সামগ্ৰীৰ যোগান ধৰে সাংবাদিক সকলক ।
এই অনুষ্ঠানত চাহ আৰু প্ৰাক্তন চাহ বোৰ্ডৰ যোৰহাট মহকুমাৰ অধ্যক্ষ তৰুণ ৰাজোৱাৰ, বিজেপিৰ চেলেং ব্লক সমিতিৰ সভাপতি গিৰিছ দাস, বিজেপি মৰিয়নী মণ্ডলৰ সভাপতি কৃষ্ণ ভূমিজকে আদি কৰি কেইবাজনো বিজেপিৰ কৰ্মকৰ্তা উপস্থিত থাকে । অন্যহাতে কোভিড-১৯ৰ ভয়াৱহ সংক্ৰমণৰ সময়তো নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি ৰাইজৰ বাবে বাতৰি সংগ্ৰহ কৰা সাংবাদকৰ্মী সকলক কৃতজ্ঞতা জনায় বিজেপি কৰ্মীসকলে ৷
লগতে পঢ়ক- ডিফুত ঘৰৰ ওপৰত বাগৰি পৰিল ১৮ চকীয়া ট্ৰাক