ETV Bharat / city

আছাম ৰাইফলছৰ পোচাক, গাড়ী নকল কৰি আৰক্ষীৰ জালত বৃহৎ চক্ৰ

নিজকে আছাম ৰাইফলছৰ জোৱান তথা স্বয়ম্ভু বিষয়া হিচাপে চিনাকি দি অপৰাধত লিপ্ত হৈছে অসমৰ এটা চক্ৰ ৷ পিছে এতিয়া ইটোৰ পিছত সিটোকৈ এই চক্ৰটোৰ সৈতে জড়িত অপৰাধী পৰিছে আৰক্ষীৰ জালত ৷ সবিশেষ জানো আহক ৷

fake-assam-rifles-jawan-arrested-by-assam-police
আছাম ৰাইফলছৰ পোচাক, গাড়ী নকল কৰি আৰক্ষীৰ জালত বৃহৎ চক্ৰ
author img

By

Published : Aug 30, 2021, 5:20 PM IST

যোৰহাট, 30 আগষ্ট : আজৱ এই বিশ্বৰ মানৱ জাতি, তাতোকৈ আজৱ মানৱ সৃষ্ট অপৰাধ জগতখন ৷ নিত্য নতুন অপৰাধৰ দ্বাৰা সংবাদ শিৰোনাম দখল কৰি আহিছে এই জগতখনৰ লগত জড়িত অপৰাধ মানসিকতাৰ লোক সকল ৷ পৃথক নহয় অসম, পৃথক নহয় অসমৰ অপৰাধীও ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে এইখন অসমৰ এচাম লোকে নিজকে আছাম ৰাইফলছৰ জোৱান তথা স্বয়ম্ভু বিষয়া হিচাপে চিনাকি দি কৰি অহা অপৰাধৰ কথা ৷

উল্লেখযোগ্য যে, বিগত ২৭ তাৰিখে পুৱা যোৰহাট আৰক্ষীয়ে যোৰহাটৰ তেলীয়া পট্টিৰ পৰা আছাম ৰাইফলছৰ গাড়ীৰ দৰে ৰং দিয়া এখন ট্ৰাকসহ ৪ জন লোকক আটক কৰিছিল ৷ সেইদিনা আৰক্ষীৰ হাতত এইদৰে আটক হোৱা চাৰিজন লোকৰ দুজনে আছাম ৰাইফলছৰ পোচাক পিন্ধি আছিল ৷ অৱশ্যে, পিছত দুয়োজন লোকেই ভুৱা বুলি প্ৰমাণিত হৈছিল ৷

আছাম ৰাইফলছৰ পোচাক, গাড়ী নকল কৰি আৰক্ষীৰ জালত বৃহৎ চক্ৰ

লগে লগেই এই চক্ৰটোৰ সৈতে আৰু লোক জড়িত থকাৰ সন্দেহ হৈছিল আৰক্ষীৰ ৷ সেয়াই আছিল আৰম্ভণি ৷ এই কেইজন লোকক কৰা জেৰাৰ বাবেই যোৰহাট আৰক্ষীয়ে দেওবাৰে লামডিঙৰ পৰা ৰূপম মজুমদাৰ নামৰ এটা স্বয়ম্ভু হাবিলদাৰক গ্ৰেপ্টাৰ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পিছত এতিয়া আৰক্ষীৰ জালত পৰিছে ইটোৰ পিছত সিটোকৈ নিজকে আছাম ৰাইফলছৰ চিনাকি দিয়া অপৰাধী ৷

শেহতীয়াকৈ এইবাৰ নগাঁৱৰ ইটাচালীৰ পৰা যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধ্ৰুৱজ্যোতি শৰ্মা নামৰ আন এটা ভুৱা আছাম ৰাইফলছৰ জোৱান ৷ ইয়াৰ লগতে, যোৰহাট আৰক্ষীয়ে জব্দ কৰে আছাম ৰাইফলছৰ নাম ফলক লিখি ৰখা এখ বিলাসী হেক্টৰ গাড়ী ৷ এই চক্ৰটোৰ লগত জড়িত আৰু লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীৰ এক উচ্চ স্তৰৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷

লগতে পঢ়ক : কাজিৰঙাত বান: Time card ব্যৱস্থাৰে জীৱ-জন্তুৰ মৃত্যু নিয়ন্ত্ৰণৰ লক্ষ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.