যোৰহাট, 25 জানুৱাৰীঃ সৱল গণতন্ত্ৰৰ বাবে ভোটাৰৰ সাক্ষৰতা । এই শ্ল'গানেৰে যোৰহাটৰ ৰাজপথত নিৰ্বাচনী বিষয়াৰ সজাগতা মুলক সমদল । সমগ্ৰ দেশৰ লগতে যোৰহাট জিলা নিৰ্বাচন আয়োগৰ নিৰ্দেশ ক্ৰমে শুকুৰবাৰে এটা সজাগতামূলক সমদল বাহিৰ কৰে । জিলা নিৰ্বাচন বিষয়া কাৰ্যালয়ৰ পৰা চহৰখনৰ মাজৰে গতি কৰা সমদলটোৱো নৱপ্ৰজন্মৰ মাজত ভোটাৰৰ সাক্ষৰতা বৃদ্ধিৰ উদ্দেশ্য এই সজাগতামূলক সমদল বাহিৰ কৰে ।

আনহাতে, নলবাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন । নলবাৰী জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত পালন কৰা হৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস । নলবাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় চৌহদ প্ৰাংগণত জিলা উপায়ুক্ত ভাৰতভূষণ দেৱ চৌধুৰীয়ে উপস্থিত ৰাইজ ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি গণতন্ত্ৰক অধিক শক্তিশালী কৰা কাৰ্যাত অংশ ল'বলৈ আহ্বান জনায় ৷ লগতে ভোটদানৰ সময়ত অপশক্তিৰ দ্বাৰা প্ৰলোভিত ন'হবলৈ আহ্বান জনায় ।

তাৰোপৰি গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি নলবাৰী বতাহগিলা মৌজাৰ শতায়ু গৰাকী ভোটাৰ বক্কাছ আলীক উপায়ুক্তই সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে নতুনকৈ ভোটাৰ তালিকাত সন্নিৱিষ্ট কেইবাগৰাকী যুৱ ভোটাৰকো সম্বৰ্ধনা জ্ঞাপন কৰি গণতন্ত্ৰলৈ আদৰণি জনায় ।
আৰু পঢ়কঃ চৰকাৰী বিদ্যালয়ৰ পাঠ্যপুথিত বিকৃতকৰণ সূত সম্প্ৰদায়ৰ ইতিহাস !