যোৰহাট, 6 এপ্ৰিল : যোৰহাট জিলাৰ মহাবিদ্যালয় সমূহত মঙলবাৰৰ পৰা আৰম্ভ হৈছে কৰ’ণা ভাইৰাছৰ পৰীক্ষা ৷ ছাত্ৰ ছাত্ৰী সকলকৰ বাবে ৰেপিড এন্টিজেন টেষ্টৰ ব্যৱস্থা কৰা হৈছে ৷ যোৰহাটৰ ডিচিবি ছোৱালী মহাবিদ্যালয়, জে বি কলেজ আৰু জিষ্টৰ ছাত্ৰ ছাত্ৰী সকলৰ কৰ’ণা পৰীক্ষা কৰোৱা হয় ৷
জিলা খনৰ মুঠ ১৯ খন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক কৰোৱা হ'ব কৰ’ণাৰ পৰীক্ষা ৷ উল্লেখযোগ্য যে, কভিড’ৰ পুনৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাটৰ উচ্চ শিক্ষা অনুষ্ঠানত এই টেষ্ট কৰাটো বাধ্যতামূলক কৰিছে জিলা প্ৰশাসনে ।
![যোৰহাটৰ মহাবিদ্যালয় সমূহত আৰম্ভ কৰনা’ টেষ্ট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11299985_938_11299985_1617701679325.png)
যোৰহাটৰ দেৱী চৰণ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষা জীনামনি ভূঞাই জনোৱা মতে মহাবিদ্যালয় খনত মঙলবাৰে প্ৰায় অৰ্ধ শতাধিক ছাত্ৰীয়ে এই টেষ্ট কৰিছে ৷ চলিত মাহৰ ৬ তাৰিখৰ পৰা ২১ তাৰিখলৈকে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক কৰোৱা হ'ব ক’ভিড 19ৰ বাবে ৰেপিড এন্টিজেন টেষ্ট ৷
লগতে পঢ়ক: মিত্ৰজোঁট তথা বিজেপি প্ৰাৰ্থী শ্বহিদুল ইছলামৰ ভোটাধিকাৰ সাব্যস্ত