ETV Bharat / city

‘‘মাননি নহয় মজুৰি দিয়ক’’ : যোৰহাটত চিটুৰ প্ৰতিবাদ - central coverment

নাৰ্য প্ৰাপ্তিৰ দাবীত যোৰহাটত চিটুৰ প্ৰতিবাদ ৷ মঙলবাৰে প্ৰতিবাদত উত্তাল যোৰহাটৰ সহকাৰী শ্ৰম-আয়ুক্ত কাৰ্যলয়ৰ চৌহদ ৷

citu protest in jorhat
যোৰহাটত চিটুৰ প্ৰতিবাদ
author img

By

Published : Nov 9, 2021, 5:42 PM IST

যোৰহাট, 9 নৱেম্বৰ : ‘‘মাননি নহয়, মজুৰি দিয়ক ৷ অসম তথা কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ আশা, অংগনবাড়ী কৰ্মীসকলৰ সমস্যা সমাধান কৰক, চাহ শ্ৰমিক মজুৰি বৃদ্ধি কৰক’’ ইত্যাদি শ্ল’গানেৰে উত্তাল হ’ল যোৰহাটৰ সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যলয়ৰ চৌহদ ৷ নাৰ্য প্ৰাপ্তিৰ দাবীত মঙলবাৰে পুনৰ প্ৰতিবাদত নামিল চিটু ৷

citu protest in jorhat
নাৰ্য প্ৰাপ্তিৰ দাবীত যোৰহাটত চিটুৰ প্ৰতিবাদ

ৰাজ্যৰ তথা দেশৰ সামগ্ৰিক ঘৰুৱা উৎপাদিত(GDP)ৰ ক্ষেত্ৰত তথা দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ অৰিহণা যোগোৱা শ্ৰমজীৱি ৰাইজৰ হকে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ৷ যাৰ ফলত শ্ৰমিক শ্ৰেণীৰ উন্নয়নৰ বিপৰীতে লাভাম্বিত হৈছে উদ্যোগপতিসকল ৷ আনহাতে, অসম চৰকাৰে ৰাজ্যখনৰ ৯৮ টা অনুসুচিত শিল্প উদ্যোগত কৰ্মৰত শ্ৰমিকসকলৰ বাবে মজুৰি সন্দৰ্ভত উপদেষ্টা কমিটিৰ লগত আলোচনাত মিলিত হৈছিল ৷

যোৰহাটত চিটুৰ প্ৰতিবাদ

লগতে পঢ়ক : ক'লৈ গ’ল ৰঙিয়াৰ মেৰাজ আলী !

কিন্তু এই আলোচনা হোৱাৰ পিছতো শ্ৰমিকসকলে উপযুক্ত মজুৰি পোৱা নাই । এই অভিযোগ তৰিছে ভুক্তভোগী শ্ৰমিকসকলে ৷ উপায়ন্তৰ হৈ ভুক্তভোগী শতাধিক শ্ৰমিকসকলে যোৰহাটত চিটুৰ সহযোগত নায্য প্ৰাপ্তিৰ দাবীত উত্তাল হ’ল সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ চৌহদ ।

উল্লেখ্য যে, এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অংগনবাড়ী কৰ্মী, অংগনবাড়ী কৰ্মী সহায়িকা লগতে ৰন্ধন কৰ্মীসকলে ।

লগতে পঢ়ক : ডিব্ৰুগড়ত আৰক্ষী বিষয়াৰে DGP ভাস্কৰ জ্যোতি মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.