যোৰহাট, 22 অক্টোবৰ: বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ মাত্ৰ এসপ্তাহত ৪৫ টা নহয় মাত্ৰ ২২ টাকৈ নৱজাতকৰ মৃত্যু। এই কথা স্পষ্ট কৰিলে যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ৷ অভিযোগ অনুসৰি,চিকিৎসা মহাবিদ্যালয়খনত বিগত তিনি মাহত ১২২ টা শিশুৰ মৃত্যু ঘটা বুলি কোৱা হৈছে ৷
জানিব পৰা মতে,এই বৰ্ষত নৱজাতকৰ মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস পাইছে যদিও এতিয়াও উন্নত হোৱা নাই চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঠনি । বিগত তিনি মাহত ৯৬৫ টি নৱজাতক ভৰ্তি হৈছিল আৰু তাৰে ভিতৰত ১২ শতাংশ অৰ্থাৎ ১২২ টি নৱজাতকৰ মৃত্যু ঘটিছে ৷ আনহাতে যোৱা অক্টোবৰ মাহত চিকিৎসা মহাবিদ্যালয়খনত শিশুৰ মৃত্যুৰ সংখ্যা সৰ্বাধিক বুলি জানিব পৰা গৈছে ৷ একাংশ অভিভাৱকে চিকিৎসক তথা নাৰ্ছে কৰ্তব্যত হেমাহি কৰা বুলিও অভিযোগ উত্থাপন কৰিছে ৷