নেউজ ডেস্ক, 18 জুলাই : অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ দ্বাৰা ৰাজ্যজুৰি আৰম্ভ কৰা 'মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প' সোমবাৰে বিশ্বনাথ জিলাত শুভাৰম্ভ হয় । অধিক সেউজ আৱৰণেৰে প্ৰাতিষ্ঠানিক চৌহদৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ উদ্দেশ্যেৰ আৰম্ভ কৰা এই অভিলাষী প্ৰকল্পটো বিশ্বনাথৰ উপায়ুক্ত মুনীন্দ্ৰ নাথে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে (Chief Minister's Institutional Plantation Programme in Biswanath) ।
জিলাখনৰ বাঘমৰা উন্নয়ন খণ্ডত গুৰুত্বপূৰ্ণ থলুৱা উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণ কৰাৰ লক্ষ্যেৰে উপায়ুক্ত গৰাকীয়ে জিলাখনত এই প্ৰকল্প শুভাৰম্ভ কৰা অনুষ্ঠানটোত বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত, লিজা তালুকদাৰ, বিশ্বনাথৰ নিৰ্বাচন বিষয়া তথা মুখ্যমন্ত্ৰীৰ এই প্ৰকল্প (CMIPP)ৰ নোডেল বিষয়া দেৱাশিষ গোস্বামী, সহকাৰী আয়ুক্ত অনন্যা লহকৰৰ উপৰিও নিৰ্বাচিত জনপ্ৰতিনিধি তথা বাঘমৰা উন্নয়ন খণ্ডৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল ।
সমান্তৰালভাৱে লখিমপুৰতো সোমবাৰে নিৰ্মীয়মান তাৰকা গৃহৰ চৌহদত মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষ ৰোপণ প্ৰকল্পৰ শুভাৰম্ভ কৰা হয় (Chief Ministers Institutional Plantation Programme in Lakhimpur) । নগৰৰ সমীপৰ চুতীয়া কাৰীত থকা নিৰ্মীয়মান তাৰকা গৃহৰ চৌহদত এটা গছপুলি ৰোপণেৰে এই প্ৰকল্পৰ শুভাৰম্ভ কৰে জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱানে । অনুষ্ঠানটোত জিলাৰ উন্নয়ন আয়ুক্ত মনোজ কুমাৰ বৰুৱা, অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ দলৈ, এই প্ৰকল্পৰ জিলাৰ নডেল বিষয়া কুলভূষণ পেগুৰ লগতে জিলাৰ সকলো বিভাগৰ মুৰব্বী বিষয়া সকল আৰু প্ৰশাসনৰ বিষয়া সকলে অংশগ্ৰহণ কৰে ।
ইফালে, যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত বিভিন্ন ধৰণৰ মূল্যবান গছ পুলি ৰোপণ কৰি এই প্ৰকল্পৰ শুভাৰম্ভণি কৰে জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে (Chief Ministers Institutional Plantation Programme in Jorhat) ৷ উল্লেখযোগ্য যে, ৰাজ্যখনৰ চাৰিওকাষ সেউজীয়া কৰি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰাৰ উদ্দেশ্যে ১৮ জুলাইৰ পৰা আগন্তুক ১৫ আগষ্ট লৈকে সকলো চৰকাৰী কাৰ্যালয়, অনুষ্ঠানতে এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ৰাজ্য চৰকাৰে নিৰ্দেশ দিয়ে ৷
তাৰ মাজতে কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুৰ আৰবৰেটাম কাম ক্ৰাফট চেন্টাৰত মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে (Chief Ministers Institutional Plantation Programme at Diphu) । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি উপস্থিত লোকসকলৰ মাজত গছপুলি বিতৰণ কৰা হয় ৷
তাৰোপৰি বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত এই প্ৰকল্পৰ বাবে প্ৰস্তুত কৰা ৱেব পৰ্টেলত চৰকাৰী বিভাগসমুহে গছপুলি সমুহৰ পঞ্জীয়ন কৰি সময়ে সময়ে গছ পুলি ৰ ফটো আপলোড কৰিব লাগিব । তাৰ বাবে প্ৰতিটো বিভাগৰ এজন নডেল বিষয়া এই প্ৰকল্পৰ দায়িত্ব ত থাকিবৰ বাবে নিৰ্দেশ দিয়া হৈছে ।
লগতে পঢ়ক: Presidential Election 2022: ভিভিআইপি মৰ্যদাৰে দিল্লীলৈ লৈ যোৱা হ’ব বেলট বাকচ