ETV Bharat / city

অসমীয়াৰ পদূলিত হিয়াৰ আমঠু ব’হাগী

ঢোল, পেঁপাৰ অমিয়া মাতত ৰজনজনাই উঠিছে অসমী আইৰ চোতাল। চেনেহৰ বিহুটিক আদৰিবলৈ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্তুতি।

author img

By

Published : Apr 6, 2021, 8:12 AM IST

bihu-in-merapani
অসমীয়াৰ পদূলিত হিয়াৰ আমঠু ব’হাগী

তিতাবৰ,5 এপ্ৰিল: চ'তৰ বোকোচাত উঠি বৰদৈচিলা হৈ আকৌ আহিছে হেঁপাহৰ ব’হাগী ৷ প্ৰাণ চঞ্চলা কুঁহিপাতৰ আৱৰণে আৱৰি ধৰা ব’হাগ যেন আহি ৰৈছে অসমীয়াৰ পদূলিত ৷ গৰকাৰ শব্দত ৰজন জনাইছে চৌপাশ ৷ লাজকুৰীয়া কুলিৰ মাতত ডেকা-গাভৰুৰ পাৰ ভঙা উচাহ ৷ বিহু ঢোলৰ গুমগুমনিত কপৌ পাহিয়েও নাচি উঠিছে ৷ চেনেহৰ বিহুটিক আদৰিবলৈ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্তুতি । বিশেষকৈ ৰাজ্যৰ প্ৰায়সমূহ স্থানতে এতিয়া দেখিবলৈ পোৱা গৈছে বিহুৰ আখৰা শিবিৰ ।

অসমীয়াৰ পদূলিত হিয়াৰ আমঠু ব’হাগী

গোলাঘাট জিলাৰ মেৰাপানী সীমান্ততো এজাক কণমানিৰ সৈতে বিহু কৰ্মশালাত ব্যস্ত সকলো ৷ মেৰাপানীৰ নৃত্য তৰংগীনি কলাকেন্দ্ৰৰ উদ্যোগত বিগত এসপ্তাহ ধৰি অনুস্থিত হৈ আছে বিহু নাচ আৰু বিহু নামৰ প্ৰশিক্ষণ শিবিৰ। অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা অঞ্চলটোৰ প্ৰায় শতাধিক কণমানি বিহুৱতীক প্ৰশিক্ষণ দিয়া হৈছে বিহুনাচ আৰু বিহুনামৰ । মেৰাপানীৰ সোনেশ্বৰ বৰা প্ৰেক্ষাগৃহৰ বাকৰিত চলি থকা এই প্ৰশিক্ষণ শিবিৰ 1 বহাগ তাৰিখ পৰ্যন্ত অব্যাহত ৰাখিব আয়োজকসকলে । 6 বছৰ বয়সৰ পৰা 17 বছৰ বয়সৰ বিহুৱতী সকলে অংশগ্ৰহণ কৰা প্ৰশিক্ষণ শিবিৰটোক লৈ আয়োজকসকলকৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক: চিৰিংচাপৰিত ৰঙালী বিহুৰ প্ৰস্তুতি তুংগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.