ETV Bharat / city

আধ্যাত্মিকতাৰ মাজেৰে মাজুলীত বিহু উদযাপন - মাজুলীত বিহু

মাজুলীৰ ঐতিহাসিক সত্ৰ সমূহত বৰ্ণিল পৰিৱেশ । ৫০০ বছৰীয়া আধ্যাত্মিক পৰম্পৰা মানি মানুহ বিহু উদযাপন ।

আধ্যামিকতাৰ মাজেৰে বিহু উদযাপন মাজুলীত
আধ্যামিকতাৰ মাজেৰে বিহু উদযাপন মাজুলীত
author img

By

Published : Apr 15, 2021, 10:39 PM IST

মাজুলী, 15 এপ্ৰিল: আজি পহিলা বহাগ অৰ্থাৎ মানুহ বিহু ‌। ৰাজ্যজুৰি অসমবাসীয়ে পালন কৰিছে মানুহ বিহু । ঢোল, পেঁপা, গগণাৰ মাতত ৰজন জনাইছে আকাশ বতাহ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীৰ গাঁও সমূহৰ লগতে ঐতিহাসিক সত্ৰ সমূহত বৃহস্পতিবাৰে সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাগত ৰীতি-নীতিৰে ব’হাগ বিহু উদযাপন কৰা হয় । ঢোল, পেঁপা, গগণা নহয় খোল, তাল, নাগাৰা, ডবা, শংখ, বৰতালৰ শব্দৰে মুখৰিত হৈছে সত্ৰদ্বীপ মাজুলী । মাজুলীৰ ঐতিহাসিক ৩৫ খন সত্ৰত ধৰ্মীয় ৰীতি নীতিৰে পালন হৈছে হেঁপাহৰ ৰঙালী ।

আধ্যাত্মিকতাৰ মাজেৰে মাজুলীত বিহু উদযাপন

পুৱাৰে পৰা মাজুলীত বিহু উৎসৱৰ বাবে এক উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় । হৰিনামৰ ধ্বনি, সমূহীয়া নাম বৰগীত, দিহানাম আদি পৰিৱেশনেৰে মুখৰিত হৈছে মাজুলীৰ চৌপাশ ৷ মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত ৩৬৭ বছৰীয়া পৰম্পৰাৰে বোকাখেল খেলে বৈষ্ণৱ সকলে । ইয়াৰ পিছতে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰা হয় সত্ৰদ্বীপ মাজুলীত ।

ঐতিহাসিক উত্তৰ কমলাবাৰী, নতুন কমলাবাৰী ভোগপুৰ সত্ৰত পুৱা নাম প্ৰসংগ গায়ন-বায়ন, বিহাৰ নৃত্য, কীৰ্তনীয়া, ওজাপালি পৰিৱেশন কৰা হয় । গুৰু সেৱা নাম সেৱা ভকত সেৱা আদিৰ লগতে অন্যান্য পৰম্পৰাও পৰিলক্ষিত হয় এই ৰঙালী বিহুত ।

বৃহস্পতিবাৰে ঐতিহাসিক আউনীআটী দক্ষিনপাট সত্ৰত পুৱাৰে পৰা আধ্যাত্মিক পৰিবেশে বিৰাজ কৰা দেখিবলৈ পোৱা গ'ল । জানিব পৰা মতে, ভকত সকলে সত্ৰাধিকাৰক সেৱা কৰি মালা দিয়া পৰম্পৰা বৰ্তমানলৈকে ৫০০ বছৰ ধৰি চলি আহিছে । আউনীআটী সত্ৰত সংকীৰ্তন, দিহানাম, হিয়ানাম, ওজাপালি সংকীৰ্তন, অপ্সৰা নৃত্য, গায়ন বায়ন সবহুৱা নাম আদি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আহিছে । সত্ৰ সমূহত ৫০০ বছৰীয়া আধ্যাত্মিক পৰম্পৰা নিভাঁজ ৰূপত পৰিৱেশন কৰাৰ লগতে নতুন বৰ্ষ উপলক্ষে পুৱাৰে পৰা শিষ্য-প্ৰশিষ্য সকলেও সত্ৰ সমূহত আহি সেৱা লোৱা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: পূৱ বিলাসীপাৰাত জ্যেষ্ঠ-কণিষ্ঠৰ মহামিলন পৰ্ব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.