টিয়ক, ৪ মেঃ বেংকৰ একাউন্টত গ্ৰাহকৰ সঞ্চিত ধন মোকলাই নিয়াৰ অভিনৱ কৌশল ব্যৱহাৰ কৰিছে দুষ্ট চক্ৰই। এটিএম কাৰ্ড অবিহনে দুষ্ট চক্ৰটোৱে স্কেনাৰ ব্যৱহাৰ কৰি অনায়াসে একাউন্টৰ ধন মোকলাই নিবলৈ সক্ষম হৈছে। গ্ৰাহকৰ অজ্ঞাতে চক্ৰটোৱে বিশেষ স্থানত স্কেনাৰ স্থাপন কৰি এটিএম কাৰ্ডৰ নকল স্কেন কৰে আৰু গোপনে সংগ্ৰহ কৰা নম্বৰৰ যোগেদি অনায়াসে ধন মোকলাই নিবলৈ সক্ষম হয়। সাধাৰণতে গ্ৰাহকৰ কম ভিৰ থকা আৰু নিৰাপত্তাৰক্ষী নথকা এটিএম সমূহতে এনে দুষ্কাৰ্য চলাই থকা বুলি জানিব পৰা গৈছে ।
শুকুৰবাৰেও টীয়কৰ ষ্টেট বেংকৰ গ্ৰাহক এজনৰ একাউণ্টৰ পৰা ৮০ হাজাৰ টকা হৰলুকি হয়। এটি এম খন গ্ৰাহকজনৰ হাতত থকাৰ পাছতো দুষ্টচক্ৰটোৱে গুৱাহাটীৰ পৰা টকা উলিয়াই নিয়াক লৈ বেংক কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰোতেহে সঠিক তথ্য পোহৰলৈ আহে। এতিয়া বেংক কৰ্তৃপক্ষই গ্ৰাহকসকলক সতৰ্ক হ'বলৈ অনুৰোধ জনাইছে।