ETV Bharat / city

যোৰহাটত সেনাৰ জিম্মাত থকা যুৱকৰ কেনেকৈ মৃত্যু হ'ল - সদৌ অসম ছাত্র সন্থা

আৰক্ষী আৰু সেনাৰ জিম্মাত যুৱকৰ মৃত্যুক লৈ সৰৱ সদৌ অসম ছাত্র সন্থা । অতি শীঘ্ৰে জয়ন্ত বৰাৰ পৰিয়ালক উপযুক্ত ক্ষতি পূৰণ দিবলৈ চৰকাৰক দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য সকলে ৷

assu_reaction_borhula_incident At Jorhat
যোৰহাটত সেনাৰ জিম্মাত থকা যুৱকৰ কেনেকৈ মৃত্যু হ'ল !
author img

By

Published : Jun 16, 2020, 12:48 AM IST

যোৰহাট, 15 জুনঃ যোৰহাটৰ তিতাবৰ বৰহোলাত আৰক্ষী আৰু সেনাৰ জিম্মাত থকা যুৱকৰ মৃত্যুক লৈ সৰৱ সদৌ অসম ছাত্ৰ সন্থা ৷ উক্ত ঘটনাৰ বিৰুদ্ধে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য সকলে ৷

উল্লেখযোগ্য যে, ১৪ জুন তাৰিখে নিশা ভাৰতীয় সেনাই আটক কৰিছিল জয়ন্ত বৰা নামৰ যুৱক জনক । ইতিমধ্যে সেনাৰ জিম্মাত মৃত্যু মুখত পৰে যুৱকজন ৷ উক্ত ঘটনা সংঘটিত হোৱাৰ পাছতেই সমগ্ৰ জিলা খনত এতিয়া উত্তাল পৰিৱেশৰ সৃষ্টি হয় । আনহাতে, যোৰহাট জিলা প্ৰশাসনে অতিৰিক্ত উপায়ুক্ত তপন গোহাঁই যোগেদি দণ্ডাধীশ পয্যায়ৰ তদন্ত ঘোষণা কৰিছে । এই ঘটনাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জুল খাউণ্ডে সাংবাদিকৰ আগত মন্তব্য কৰে যে, গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল সম্পূৰ্ণ ব্যৰ্থ হৈছে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত । ৰাজ্যত এতিয়া জাতিটোৱে সংকটত পৰিব লগা হৈছে ৷ দিন দুপৰেতে নানান ঘটনা সংঘটিত হৈ আহিছে ৷ কিন্তু এইবোৰ ঘটনাৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই মুখ্যমন্ত্ৰী সোণোৱাল নেতৃত্বাধীন চৰকাৰ খনে ৷

যোৰহাটত সেনাৰ জিম্মাত থকা যুৱকৰ কেনেকৈ মৃত্যু হ'ল !

অতি শীঘ্ৰে জয়ন্ত বৰা পৰিয়ালক উপযুক্ত ক্ষতি পূৰণ দিবলৈ চৰকাৰক দাবী জনাইছে ৷ লগতে উক্ত ঘটনাৰ লগত জড়িত লোকক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ প্ৰশাসনক দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য সকলে ৷ অন্যথা অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে ছাত্ৰ সন্থাৰ সদস্য সকলে ৷

লগতে পঢ়ক- মঙলদৈত বিশ্ব হিন্দু পৰিষদৰ ন্যায় বিচাৰি পথ অৱৰোধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.