ETV Bharat / city

যোৰহাটত তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদ - যোৰহাট চিনামৰা

যোৰহাট চিনামৰাত তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ ৷ অতি শীঘ্ৰে চৰকাৰে লোৱা সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই ছাত্ৰ সন্থাৰ সদস্যসকলে ৷

ETV BHARAT
যোৰহাটত তৈল ক্ষেত্ৰ ব্যক্তিগত কৰণৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদ
author img

By

Published : May 26, 2020, 5:45 PM IST

যোৰহাট, 26 মেঃ যোৰহাটত জিলা ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ ৷ অসমৰ তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰে যোৰহাট জিলা ছাত্ৰসন্থাৰ সদস্যসকলে ৷

অসমৰ তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে জিলা ছাত্ৰ সন্থাৰ সদস্যসকলে ৷ লকডাউনৰ সুবিধা লৈ কেন্দ্ৰীয় চৰকাৰৰ অসমৰ তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ সিদ্ধান্তত ক্ষুদ্ধ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা । প্ৰতিবাদকাৰীসকলে সামাজিক দূৰত্ব মানি প্ৰতিবাদ সাব্যস্ত কৰে ।

যোৰহাটত তৈল ক্ষেত্ৰ ব্যক্তিগত কৰণৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদ

প্ৰতিবাদস্থলীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জুল খাউণ্ড । কেন্দ্ৰীয় চৰকাৰৰ হাতত থকা ১১খন তৈল ক্ষেত্ৰৰ ৮ খন ব্যক্তিগতকৰণৰ ঘোৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰীসকলে । কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জুল খাউণ্ডে প্ৰতিবাদস্থলীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ সকীয়নি দি কয় যে অসমৰ সম্পদ অসমক লাগিব ৷ অসমৰ সম্পত্তিৰ ওপৰত কাৰো শোষন নীতি নচলিব ৷ যদি চৰকাৰে নিজৰ সিদ্ধান্ত বাতিল নকৰে, তেন্তে লকডাউনৰ মাজতেই অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থাই জংগী আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে চৰকাৰক ।

লগতে পঢ়ক- সনাতন ডেকাৰ হত্যাকাণ্ডৰ লগত জড়িত তৃতীয়জন অভিযুক্ত আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.