ETV Bharat / city

60 দশকৰ পৰম্পৰা ধৰি ৰাখিছে চোৰে...

যোৰহাটৰ নচলিয়া গাঁৱৰ এগৰাকী ব্যক্তিয়ে নিজৰ পুত্ৰক অনলাইন ক্লাছ কৰিবলৈ এটা নতুনকৈ ম’বাইল ফোন কিনি দিছিল ৷ সেই কথাটো কেনেবাকৈ কাণত পৰিল তেওঁলোকৰ ৷ লগে লগে তেওঁলোকে অভিযান চলোৱাৰ পৰিকল্পনা কৰিলে ৷ কথা মতেই কাম ৷ অভিযান চলিল নিশাৰ ভাগত ৷ আচলতে ঘটনা কি ?

60 দশকৰ এটা পৰম্পৰা ধৰি ৰাখিছে চোৰে
60 দশকৰ এটা পৰম্পৰা ধৰি ৰাখিছে চোৰে
author img

By

Published : Aug 3, 2021, 10:07 PM IST

যোৰহাট, 3 আগষ্ট : 60 দশকৰ এটা বিশেষ পৰম্পৰা ৷ এই পৰম্পৰা ধৰি ৰখা দেখা গৈছে তেওঁলোকক ৷ একবিংশ শতিকাতো তেওঁলোকে ধৰি ৰাখিছে এই বিশেষ পৰম্পৰা ৷ উল্লেখযোগ্য যে, যোৰহাটৰ (JORHAT) নচলিয়া গাঁৱৰ এগৰাকী ব্যক্তিয়ে নিজৰ পুত্ৰক অনলাইন ক্লাছ কৰিবলৈ এটা নতুনকৈ ম’বাইল ফোন কিনি আনি দিছিল ৷ সেই কথাটো কেনেবাকৈ কাণত পৰিল তেওঁলোকৰ ৷ লগে লগে তেওঁলোকে অভিযান চলোৱাৰ পৰিকল্পনা কৰিলে ৷ কথা মতেই কাম ৷ অভিযান চলিল নিশাৰ ভাগত ৷

নিশা গৃহস্থ নিদ্ৰাদেৱীৰ কোলালৈ যাবহে পালে তেওঁলোকে আৰম্ভ কৰিদিলে অভিযান ৷ অভিযান মানে কি জানেনে ? সিন্ধি আকৌ ৷ সিন্ধি খানি নতুন ম’বাইলসহ নগদ কেইবাহাজাৰো টকা লৈ উধাও হ’ল গভাইত চোৰৰ দল ৷ পুৱা গৃহস্থই সাৰ পাই দেখে ম’বাইলটো থোৱা ঠাইত নাই ৷ ঘৰৰ চাৰিওফালে বিচাৰিলে নাই ক’তো নাপালে ম’বাইলটো ৷

60 দশকৰ এটা পৰম্পৰা ধৰি ৰাখিছে চোৰে

তাৰপাছতে ঘৰৰ পাছফালে কোনোবা এজনে গৈ দেখিলে সিন্ধি দি থোৱা ৷ লগে লগে তেওঁলোকে বুজি পালে আচলতে তেওঁলোকৰ ম’বাইলটো কি হ’ল ৷ লাগিল হুৱাদুৱা ৷ লগে লগে কাষৰীয়া ৰাইজ আহি উপস্থিত হ’ল ৷ যিমানে খবৰটো বিয়পিল, সিমানে 60 দশকৰ কায়দাত সংঘটিত হোৱা ঘটনাটো চাবলৈ ভীৰ বাঢ়িল জন সাধাৰণৰ ৷

উল্লেখযোগ্য যে, একবিংশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই অন্য এক শিখৰত উপনীত হ’বলৈ সক্ষম হৈছে । মানুহৰ জীৱন ধাৰণৰ অপৰিহাৰ্য অংগ হৈ পৰিছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ৷ ঠিক সেইদৰে অপৰাধীয়ে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক ।

নতুন নতুন কৌশল প্ৰয়োগ কৰি চুৰি কাৰ্য, বেংক একাউণ্ট হেককে ধৰি বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্য সংঘটিত কৰি আহিছে অপৰাধীয়ে ৷ তাৰমাজতে 60 দশকত চোৰে সিন্ধি দি যি চুৰি কাৰ্য সংঘটিত কৰিছিল, সেয়া প্ৰায় লুপ্তপ্ৰায় হৈ পৰিছিল অসমৰ সমাজ জীৱনৰ পৰা ৷ কিন্তু শেহতীয়াকৈ যোৰহাটৰ নচলিয়া গাঁৱত সিন্ধি দি চুৰি কাৰ্য সংঘটিত হোৱা ঘটনাই সকলোৰে মাজত চাঞ্চল্যৰ সৃষ্টি কৰা দেখা গৈছে ৷

লগতে পঢ়কঃ ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা কঁহাৰ শিল্পীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.