ETV Bharat / city

তিতাবৰত আদালত চৌহদৰ পৰাই হেণ্ডকাফসহ পলাল আচামী

তিতাবৰ আৰক্ষীৰ চকুত ধূলি দি হেণ্ডকাফসহ পলায়ন আচামীৰ(Accused escapes from court premises with handcuffs) ৷ তিতাবৰ ন্যায়িক আদালতত হাজিৰ কৰাবলৈ নিয়া সময়তে আদালত চৌহদৰ পৰা পলায়ন কৰে আচামীটো । তিতাবৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানেও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আচামীটোৰ ৷

Accused escapes from court premises with handcuffs
তিতাবৰ ন্যায়িক আদালতৰ চৌহদৰ পৰা হেণ্ডকাফসহ পলাল আচামী
author img

By

Published : Sep 4, 2022, 10:55 PM IST

তিতাবৰ, 4 ছেপ্টেম্বৰ: তিতাবৰৰ ন্যায়িক আদালতৰ চৌহদৰ পৰা দেওবাৰে হেণ্ডকাফসহ পলায়ন কৰে এটা আচামীয়ে(Accused escapes from court premises with handcuffs) । পলায়ন কৰা আচামীটো গোলাঘাট জিলাৰ উষা গৰঙাৰ কিৰণ নায়ক(22) বুলি জানিব পৰা হৈছে । শনিবাৰে নিশা তিতাবৰ নগৰৰ এখন দোকানত মোবাইল চুৰি কৰোতে স্থানীয় লোকে হাতে-লোটে আটক কৰে চোৰটোক ৷ পাছত স্থানীয় লোকে তিতাবৰৰ আৰক্ষীক গতাই দিছিল চোৰটোক ।

Accused escapes from court premises with handcuffs
তিতাবৰ ন্যায়িক আদালতৰ চৌহদৰ পৰা হেণ্ডকাফসহ পলাল আচামী

চোৰটোক আজি তিতাবৰ ন্যায়িক আদালতত হাজিৰ কৰাবলৈ নিয়া অৱস্থাত আৰক্ষীৰ চকুত ধূলি দি আদালত চৌহদৰ পৰা পলায়ন কৰে । পলাতক আচামী কিৰণ নায়কক পুনৰ আটক কৰাৰ বাবে তিতাবৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানেও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ৷ সম্প্ৰতি সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি তিতাবৰত ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে ।

লগতে পঢ়ক: ভাত ৰান্ধি নিদিয়াৰ বাবেই স্বামীয়ে গুৰিয়াই গুৰিয়াই হত্যা কৰিলে পত্নীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.