ETV Bharat / city

মহাবিদ্যালয়ৰ আসন বৃদ্ধিৰ দাবীত আছুৰ প্ৰতিবাদ

author img

By

Published : Aug 13, 2020, 3:26 PM IST

উচ্চ শিক্ষাৰ নামভৰ্তি পৰা বঞ্চিত বৰ্তমানেও বহু শিক্ষাৰ্থী ৷ অনতিপলমে আসন বৃদ্ধি কাৰৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ ।

AASU PROTEST at Jorhat
AASU PROTEST at Jorhat

যোৰহাট, 13 আগষ্ট : কৰ’ণা ভাইৰাছ, লক ডাউনে বাৰুকৈ বহু প্ৰভাৱ পেলাইছে শিক্ষাখণ্ডত ৷ শেহতীয়াকৈ অনলাইন নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা বিভিন্ন মহাবিদ্যালয়ত এতিয়াও বহু ছাত্ৰ-ছাত্ৰীয়ে কৰিব পৰা নাই নামভৰ্তি ৷

যোৰহাটত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ
যোৰহাটত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

যোৰহাটৰ লগতে ৰাজ্যখনৰ বহু মহাবিদ্যালয়ত উপযুক্ত আসনৰ অভাৱতেই উচ্চতৰ মাধ্যমিক শ্ৰেণীত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ পৰা বঞ্চিত হ’ব লগা অৱস্থা হৈছে । ইয়াৰ ফলত ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক জীৱনলৈ নামি আহিছে অন্ধকাৰ ৷ যাৰ বাবে বৃহস্পতিবাৰে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ-সন্থাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত জিলাখনৰ আঞ্চলিক সমিতিৰ সহযোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

যোৰহাটত আছুৰ অৱস্থান ধৰ্মঘট

উল্লেখ্য যে, মহাবিদ্যালয় সমূহত যদি অতিশীঘ্ৰে আসন বৃদ্ধি নকৰে তেনেহ’লে ৰাজ্যৰ বহু প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ’ব লাগিব বুলি আশংকা কৰা হৈছে ৷

লগতে চাওক-বকোত ভয়ংকৰ পথ দুৰ্ঘটনা: আহত 5

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.