ETV Bharat / city

ছ'চিয়েল মিডিয়াত ৰিমঝিমৰ বৰষুণ - ভূগোল

কিছু ব্যতিক্ৰমী কৰ্মৰ মাজেৰে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে টীয়কৰ মেলেং গায়ন গাঁৱৰ জীয়ৰী ৰিমঝিম দত্তই । নাজানে কি ! দৈনিক পিতৃৰ সৈতে নিয়াৰিকৈ কৰি যায় সকলো কাম ৷ আছে এটা বৈজ্ঞানিক পদ্ধতিৰ কাৱৈ মাছৰ বায়'ফ্লক ৷ ব্যতিক্ৰমী কৰ্মৰ মাজেৰে সৰ্বত্ৰে চৰ্চা টীয়কৰ যুৱতীগৰাকীৰ ৷

A ideal girl Popular through work in Teok,Jorhat District
ছ'চিয়েল মিডিয়াত ৰিমঝিমৰ বৰষুণ
author img

By

Published : Jul 20, 2021, 9:18 PM IST

টীয়ক, 20 জুলাই : সৰ্বত্ৰে এতিয়া চৰ্চিত হৈছে যোৰহাট জিলাৰ এগৰাকী যুৱতী ৷ যুৱতীগৰাকীৰ নাম ৰিমঝিম দত্ত । কিছু ব্যতিক্ৰমী কৰ্মৰ মাজেৰে ব্যস্ত থাকে যুৱতীগৰাকী ৷ ক'ভিড সৃষ্ট ভয়ংকৰ পৰিৱেশৰ কাৰণে ৰাজ্যৰ বহু শিক্ষিত যুৱক-যুৱতী তথা শ্ৰমিকে কৰ্ম সংস্থাপন হেৰুৱাবলগীয়া হৈছে যদিও ৰিমঝিমৰ বাবে কোনো চিন্তাৰ কাৰণ হোৱা নাই ৷

কিয়নো, উচ্চ শিক্ষাৰে শিক্ষিত হৈও চাকৰিৰ পাছত মূৰ নঘমায় ৰিমঝিমে বাচি ল'লে বিভিন্ন কৃষিকৰ্মৰ লগতে ফাৰ্মৰ কাম ৷ যুৱতীগৰাকীয়ে শাওণৰ ভৰ বাৰিষাত পুৱাৰ পৰাই পাৱাৰ টিলাৰৰ সহায়ত চহাই মাটি ৷ অকল হাল বোৱাই নহয়, আন কামতো পাকৈত যুৱতীগৰাকী ৷ টীয়কৰ মেলেং গায়ন গাঁৱৰ বাসিন্দা ৰিমঝিমে কৰ্মৰ যোগেদি সৰ্বত্ৰে সমাদৰ তথা চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ৷

ছ'চিয়েল মিডিয়াত ৰিমঝিমৰ বৰষুণ

সৰুৰে পৰা দেউতাকৰ সৈতে খেতিপথাৰত সহযোগিতা আগবঢ়াই আহিছে যুৱতীগৰাকীয়ে ৷ ৰিমজিমে শাক- পাচলিৰ উপৰিও বৈজ্ঞানিক পদ্ধতিত ব্ৰইলাৰ পুহি, মৎস্য পালন কৰি স্বাৱলম্বী হ'ব পৰা সকলো কামেই কৰিছে ৷ তাৰোপৰি বায়'ফ্লক পদ্ধতিৰে প্ৰায় পাঁচ হাজাৰ কাৱৈ মাছ পালনৰো ব্যৱস্থা কৰিছে ৰিমঝিমে ।

উল্লেখযোগ্য যে, ভূগোল বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৰিমঝিমে চৰকাৰী চাকৰিৰ আশাত ৰৈ নাথাকি স্বাৱলম্বী হ'বলৈ সৰুৰে পৰা পিতৃ তথা পৰিয়ালটোক সহায় কৰি আহিছে ৷ পিতৃৰ আদৰ্শকে সাৰোগত কৰি ৰিমঝিম হৈ পৰিছে সকলোৰে আদৰ্শ ৷ নৱ প্ৰজন্মৰ বাবে আদৰ্শ এইগৰাকী ৰিমঝিমৰ পিছে আছে বহু পৰিকল্পনা । ক'ভিডৰ এই ভয়ংকৰ পৰিৱেশত ঘৰতে সময় নষ্ট নকৰি সকলোকে নিজে ভালপোৱা কৰ্মত ব্যস্ত থাকিবলৈ আহ্বান জনাইছে ৰিমঝিমে ।

লগতে পঢ়ক- স্কুল চলাব কোনে হেড ছাৰ নে হেড বাইদেউৱে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.