ETV Bharat / city

ৰিতুল শইকীয়াৰ মুক্তিৰ ব্যৱস্থা নকৰিলে তৈলখাদ বন্ধ কৰাৰ হুংকাৰ

অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহত দেওবাৰে 9 টা জাতীয় আৰু অৰাজনৈতিক সংগঠনৰ সদস্য সকল উপস্থিত হয়। অতি শীঘ্ৰেই আলফা স্বাধীনক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে সংগঠন কেইটাৰ নেতৃত্বই ৷

9 union leaders Attended At Ritul Sakia House At Titabar
ৰিতুল শইকীয়াৰ মুক্তিৰ ব্যৱস্থা নকৰিলে সকলো তৈলখাদ বন্ধ কৰাৰ হুংকাৰ দল-সংগঠনৰ
author img

By

Published : Apr 25, 2021, 10:32 PM IST

তিতাবৰ,25 এপ্ৰিল: বিগত ২১ এপ্ৰিলৰ নিশাৰ পৰাই অপহৃত ৰিতুল শইকীয়াৰ যোৰহাট জিলাৰ তিতাবৰস্থিত বাসগৃহত দেওবাৰে 9 টা জাতীয় আৰু অৰাজনৈতিক সংগঠনৰ কেইবাগৰাকী সদস্য উপস্থিত হয়। অপহৃত ৰিতুল শইকীয়াৰ সন্দৰ্ভত চৌব্বিশ ঘন্টাৰ ভিতৰত আলফা স্বাধীনক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে বিভিন্ন দল সংগঠনৰ সদস্য সকলে।

ৰিতুল শইকীয়াৰ মুক্তি সন্দৰ্ভত ৰাজ্য চৰকাৰকো অধিক তৎপৰতা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে ৰিতুল শইকীয়াৰ ৰুগীয়া মাতৃ গৰাকীৰ চিকিৎসাৰ স্বাৰ্থত অতিশীঘ্ৰে এটা চিকিৎসকৰ দল অ’এনজিচিক প্ৰেৰণ কৰাৰ দাবী উত্থাপন কৰিছে বিভিন্ন দল সংগঠনে।

আনহাতে, অ’এনজিচিৰ স্থিতি সন্দৰ্ভতো ক্ষুব্ধ হৈ পৰিছে দল সংগঠনসমূহ। চৌব্বিশ ঘন্টাৰ ভিতৰত অ’এনজিচিয়ে ৰিতুল শইকীয়াৰ মুক্তিৰ ব্যৱস্থা নকৰিলে বৰহোলা অঞ্চলৰ সকলো তৈলখাদৰ কামকাজ বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে সংগঠনসমূহৰ নেতৃত্বই ।

উল্লেখ্য যে, শনিবাৰে আছাম ৰাইফলছে সেনাৰ সহযোগত নাগালেণ্ডৰ মন জিলাৰ পৰা উদ্ধাৰ কৰে অপহৃত অভিযন্তা মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক ৷ কিন্তু এতিয়ালৈ অপহৃত ৰিতুল শইকীয়াৰ কোনো সন্ধান পোৱা নাই পৰিয়ালে ৷

লগতে পঢ়ক-সুদীৰ্ঘ 37 বছৰ পিছত স্বভূমি অভিমুখে জীৱন মৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.