ETV Bharat / city

জয়ন্ত বৰাৰ হত্যাকাণ্ডঃ বৰহোলাত তিনিমন্ত্ৰী উপস্থিত

author img

By

Published : Jun 16, 2020, 7:51 PM IST

মঙলবাৰে জয়ন্ত বৰা গৃহত উপস্থিত হয় অসম চৰকাৰৰ তিনি জন মন্ত্ৰী ৷ মন্ত্ৰী অতুল বৰা উপস্থিত কেবাটাও গুৰুত্ব ঘোষণা কৰে।

3 Minister Attended At Jayanta Borah Home in Jorhat
জয়ন্ত বৰাৰ হত্যাকাণ্ডঃ বৰহোলাত তিনিমন্ত্ৰী উপস্থিত

যোৰহাট, 16 জুনঃ যোৰহাট জিলাৰ বৰহোলাৰ জয়ন্ত বৰাক সেনাৰ লোকে নিৰ্যাতন চলাই নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই ইতিমধ্যে সমগ্ৰ ৰাজ্যতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত ঘটনাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়ে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৃষি মন্ত্ৰী অতুল বৰাৰ সৈতে উক্ত ঘটনাৰ সন্দৰ্ভত এখন সভাত মিলিত হয় ৷

উল্লেখ্যে যে, মুুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাৰ অন্তত তিনিমন্ত্ৰী ক্ৰমে অতুল বৰা,তপন গগৈ,আৰু চুম' ৰংহাং উপস্থিত হয় জয়ন্ত বৰাৰ বাসগৃহত ৷ মন্ত্ৰী অতুল বৰাই বৰহোলাৰ ঘটনা সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা ঘোষণা কৰিছে । তিতাবৰৰ SDPO অমৃত কুমাৰ হোজাই,বৰহোলা থানাৰ আৰক্ষী বিষয়া মিন্টু সন্দিকৈ আৰু বেকাজান আৰক্ষী চকীৰ আই চি গোপাল দলেক নিলম্বন কৰা হৈছে ৷ চৰকাৰে এই ঘটনাৰ তদন্তৰ দায়িত্ব আয়ুক্ত ললিত গগৈক প্ৰদান কৰিছে । এসপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ জয়ন্ত বৰাৰ পৰিয়াললৈ চৰকাৰৰ তৰফৰ পৰা 6 লাখ টকাৰ সাহাৰ্য আগবঢ়োৱা হৈছে । লগতে পৰিয়ালৰ এজনক দিয়া হব সংস্থাপন বুলি ঘোষণা কৰে মন্ত্ৰী জনে ৷ তাৰোপৰি জয়ন্তৰ হত্যাকাণ্ডৰ বিচৰা হব ফাষ্টট্ৰেক আদালত হব বুলিও সদৰি কৰে অতুল বৰাই ৷

লগতে পঢ়ক- সীমান্তত বাজিছে ভাৰত-চীনৰ যুদ্ধৰ দামামা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.