ETV Bharat / city

মৰিয়নীত দুটা নৱজাতকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

মৰিয়নী নগৰৰ ১নং ৱাৰ্ডৰ জ্যোতি নগৰৰ সমীপৰ ভোগদৈ নদীৰ পানীৰ যুঁৱলীত স্থানীয় লোকে দুটা নৱজাতক শিশুৰ মৃতদেহ প্ৰত্যক্ষ কৰে । উক্ত ঘটনাটো স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত মৰিয়নীৰ আৰক্ষী উপস্থিত ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে ৷

author img

By

Published : May 18, 2020, 1:43 PM IST

ETV BHARAT
মৰিয়নীত দুটা নৱজাতকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

মৰিয়নী,18 মেঃ মৰিয়নী ভোগদৈ নৈত দুটিকৈ নৱজাতকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ ৷

মৰিয়নীত দুটাকৈ নবজাতক শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, মৰিয়নী নগৰৰ ১নং ৱাৰ্ডৰ জ্যোতি নগৰৰ সমীপৰ ভোগদৈ নদীৰ পানীৰ যুঁৱলীত স্থানীয় লোকে দুটা নৱজাতকৰ মৃতদেহ প্ৰত্যক্ষ কৰে । এনেদৰে নদীত শিশুৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । স্থানীয় লোকে মৃত শিশু দুটি যমজ বুলি সন্দেহ প্ৰকাশ কৰিছে । উক্ত ঘটনাটো স্থানীয় ৰাইজে ততালিকে আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত মৰিয়নীৰ আৰক্ষী উপস্থিত হৈ শিশু দুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । উল্লেখ্য যে, মৃতদেহ দুটাৰ লগত যোৰহাট মেডিকেল কলেজ লিখা এখন ৰিপৰ্ট ফৰ্ম উদ্ধাৰ হৈছে । এই বিষয়ে আৰক্ষীৰ তদন্ততৰ অন্তত হে পোহৰলৈ আহিব ঘটনাটোৰ প্ৰকৃত ৰহস্য ।

লগতে পঢ়ক- অসমত আক্ৰান্তৰ সংখ্যা শতকলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.