ETV Bharat / city

Murder by Lover : মাতৃৰ সন্মুখতে কন্যাক দাৰে কাটি হত্যা

author img

By

Published : Dec 15, 2021, 10:58 PM IST

প্ৰেম প্ৰত্যাখ্যানৰ বাবেই জীৱন হেৰুৱালে এগৰাকী যুৱতীয়ে ৷ মাতৃৰ সন্মুখতেই চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰা হ’ল প্ৰেয়সীক(Murdered by lover in Guwahati) ৷ এই জঘন্য কাণ্ড সংঘটিত হৈছে মহানগৰীৰ যোৰাবাটত ৷

মাতৃৰ সন্মুখতে কন্যাক দাৰে কাটি হত্যা
মাতৃৰ সন্মুখতে কন্যাক দাৰে কাটি হত্যা

গুৱাহাটী, ১৫ ডিচেম্বৰ: পুনৰ আন এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে গুৱাহাটী মহানগৰী । প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰিলে প্ৰেমিকে (Murdered by lover in Guwahati)। এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ সাতগাওঁ থানাৰ অন্তৰ্গত আমছিং যোৰাবাট অঞ্চলত ।

বুধবাৰে দিনৰ প্ৰায় ২.৩০ মান নবজাত AS 01 EJ 7212 নামৰ মাৰুটি অল্টো বাহনখনেৰে বজাৰৰ বাবে সোণাপুৰ অভিমুখে গৈ থকা সময়ত গাড়ী আগুচি ধৰে উদণ্ড প্ৰেমিকে । প্ৰথমে তৰ্কযুদ্ধ কৰাৰ পিছত মাতৃৰ সন্মুখতেই চালকৰ আসনত থকা যুৱতীগৰাকীক গাড়ীৰ পৰা টানি বাহিৰলৈ উলিয়াই চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰে উদণ্ড প্ৰেমিকে । পিছত প্ৰেমিকাৰ মৃতদেহটো গাড়ীত উঠাই যোৰাবাটৰ পৰা সোণাপুৰ অভিমুখে পলায়নৰ চেষ্টা কৰে হত্যাকাৰী প্ৰেমিক সঞ্জয় লালুঙে ।

ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় ৰাইজে গাড়ীখনক খেদি যায় যদিও হত্যাকাৰী যুৱকজন পলাই যাবলৈ সক্ষম হয় । ইফালে আমছিং যোৰাবাটৰ দহ মাইলত গাড়ীৰ পেট্ৰ’ল শেষ হোৱাত গাড়ীখন বন্ধ হৈ পৰে । উপায়ন্তৰ হৈ পৰা হত্যাকাৰী সঞ্জয় লালুঙে গনৰোষত পৰাৰ ভয়ত গাড়ীৰ ভিতৰত মৃতদেহতো তেনেদৰে এৰি থৈ আমছিং পাহাৰৰ ফালে পলাই যায় ।

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ তৎপৰতাত সাতগাওঁ আৰক্ষীয়ে মৃতদেহ আৰু গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইফালে প্ৰেমিকাক হত্যা কৰি পলায়ন কৰা সঞ্জয় লালুঙক সাতগাওঁ আৰক্ষীয়ে বিয়লি প্ৰায় ৫ বজাত আমছিং পাহাৰত লুকাই থকা অৱস্থাত কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, আমছিং যোৰাবাটৰ শান্তি বস্তিৰ বাসিন্দা সঞ্জয় লালুঙে দীৰ্ঘদিন ধৰি একে গাঁৱৰে মৰমী তাঁতী নামৰ যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল । গুৱাহাটীৰ এখন মহাবিদ্যালয়ত অধ্যয়ন কৰা স্নাতকৰ ছাত্ৰীগৰাকীয়ে একমাত্ৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই উদণ্ড যুৱকজনে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰে ।

লগতে পঢ়ক: Mob Attack in Barpeta: থিতাতে নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.