ETV Bharat / city

Assam Sahitya Sabha election: অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হ’ব য়েছে দৰজে ঠংচি - য়েছে দৰজে ঠংচি

চলিত বৰ্ষৰ অক্টোবৰ বা নৱেম্বৰ মাহত অসম সাহিত্য সভাৰ নতুন সভাপতি পদৰ বাবে নিয়মানুসাৰে নির্বাচন অনুষ্ঠিত হ’ব (Assam Sahitya Sabha election)। সভাপতি পদৰ বাবে ঠংচিকে ধৰি কেইবাজনৰো নাম চৰ্চালৈ আহিছে (Yeshe Dorjee Thongchi) । ইতিমধ্যে অসম সাহিত্য সভাই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত সভাৰ নিৰ্বাচন প্রক্রিয়া তদাৰক কৰিবলৈ এখন সমিতি গঠন কৰি দিছে ৷

Etv BharatAssam Sahitya Sabha election
Etv BharatAssam Sahitya Sabha election
author img

By

Published : Aug 2, 2022, 10:05 PM IST

গুৱাহাটী, 2 আগষ্ট : অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি (Yeshe Dorjee Thongchi) । বিভিন্নজনৰ অনুৰোধ, হেঁচাৰ পাছত সোমবাৰে ঠংচিয়ে তেওঁৰ সিদ্ধান্ত ৰাজহুৱা কৰিছে । চলিত বৰ্ষৰ অক্টোবৰ বা নৱেম্বৰ মাহত অসম সাহিত্য সভাৰ নতুন সভাপতি পদৰ বাবে নিয়মানুসাৰে নির্বাচন অনুষ্ঠিত হ’ব (Assam Sahitya Sabha election)। সভাপতি পদৰ বাবে ঠংচিকে ধৰি কেইবাজনৰো নাম চৰ্চালৈ আহিছে । ইতিমধ্যে অসম সাহিত্য সভাই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত সভাৰ নিৰ্বাচন প্রক্রিয়া তদাৰক কৰিবলৈ এখন সমিতি গঠন কৰি দিছে ৷

ঠংচিয়ে সামাজিক মাধ্যমযোগে তেওঁৰ বিবৃতি ৰাজহুৱা কৰি কয়, ‘‘আজি বহু বছৰৰপৰা অসমৰ সাহিত্যপ্ৰেমী ৰাইজে মোক অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হ'বৰ কাৰণে ব্যক্তিগতভাৱে লগ ধৰি, বিভিন্ন বাতৰি কাকত আৰু আলোচনীত চিঠি-পত্ৰৰ লগতে প্ৰবন্ধ লিখি, বিভিন্ন সভা-সমিতিত ভাষণ দি, ছ'চিয়েল মিডিয়াত লিখি আৰু বিভিন্ন সংগঠনে বিবৃতি দি অনুৰোধ জনাই আহিছে । ব্যক্তিগত কাৰণত মই সেই অনুৰোধ ইমান দিনে ৰক্ষা কৰিব পৰা নাছিলোঁ । অসমৰ সাহিত্যপ্রেমী ৰাইজৰ দাবীৰ আগত শিৰ নত কৰি এইবাৰ মই অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে প্ৰাৰ্থী হ'বলৈ মনস্থ কৰিছোঁ’’ ।

তেওঁ আৰু কয়, ‘‘মই অসম সাহিত্য সভা, জিলা সাহিত্য সভা তথা শাখা সাহিত্য সভাসমূহৰ লগতে অসমবাসী ৰাইজৰ সঁহাৰি আশা কৰিছোঁ । অসমীয়া ভাষা-সাহিত্যৰ দায়ৱদ্ধ কৰ্মী হিচাপে সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদো বিচাৰিছোঁ’’ । বিশিষ্ট সাহিত্যিকজনৰ ইচ্ছাৰ প্ৰতি সঁহাৰি জনাই তেওঁৰ প্রার্থিত্বৰ হকে ইতিমধ্যে ছ'চিয়েল মিডিয়াত তেওঁৰ অনুৰাগীয়ে সমৰ্থন কৰিছে ।

লগতে পঢ়ক: Culture Event in Thailand: থাইলেণ্ডত পৰিৱেশন অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.