গুৱাহাটী, 29 নৱেম্বৰ : অসমীয়া চৈয়দ কল্যাণ ন্যাসৰ উদ্যোগত দেওবাৰে কটন বিশ্ববিদ্যালয়ত পালন কৰা হয় পদ্মশ্ৰী চৈয়দ আব্দুল মালিকৰ 21 তম মৃত্যু দিৱস(Death anniversary of Syed Abdul Malik) ৷ এই দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে কটন বিশ্ববিদ্যালয়ত সদৌ অসম ভিত্তিত জিকিৰৰ এখনি কৰ্মশালা অনুষ্ঠিত কৰা হয়(Jikir workshop at Cotton University)।
এইবেলিও কটন বিশ্ববিদ্যালয়ৰ এলুমনি ভৱন(Cotton Alumni House)ত অনুষ্ঠিত হোৱা এই কৰ্মশালাত উদ্বোধক হিচাপে উপস্থিত থাকে জিকিৰৰ ওপৰত গৱেষণা কৰি পিএইচডি লাভ কৰা প্ৰথমজন ব্যক্তি তথা বিশিষ্ট শিক্ষাবিদ ড৹ ভূৱনেশ্বৰ ডেকা, জ্যেষ্ঠ সাংবাদিক ৱাছবিৰ হুছেইনকে ধৰি বহু গণ্য-মান্য ব্যক্তি ৷
দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা কৰ্মশালাখনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিক্ষানুস্থানৰ পৰা অহা প্ৰায় 200 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷ লগতে এই অনুষ্ঠানত অসমৰ পৰা প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণকাৰী খেলুৱৈ তয়াবুন নিছা(Indian former athlete Tayabun Nisha) উপস্থিত থাকে ।
উল্লেখ্য যে, চৈয়দ আব্দুল মালিক অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ তথা কবি । তেওঁ 1977 চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনখনো কৰিছিল অলংকৃত । তেখেতৰ অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবে 1972 চনত সাহিত্য একাডেমি বঁটা লাভ কৰাৰ উপৰিও 1992 চনত অসম উপত্যকা সাহিত্য বঁটা, 1999 চনত শংকৰদেৱ বঁটা আৰু পদ্মশ্ৰী, পদ্মভূষণ সন্মানেৰে হৈছিল সন্মানিত । এইগৰাকী মহান মনীষীয়ে 25 খনৰো অধিক গল্প সংকলন, 50 খনতকৈ অধিক উপন্যাস, পাঁচখন কবিতা সংকলন, তিনিখন শিশু সাহিত্য আৰু 20 খন মঞ্চ অনাতাঁৰ নাট আৰু অলেখ প্ৰবন্ধ ৰচনাৰে অসমীয়া সাহিত্য জগতক কৰি তুলিছিল অধিক চহকী ।
লগতে পঢ়ক: Death anniversary of Mamoni Raisom Goswami : মৃত্যু তিথিত প্ৰিয় সাহিত্যিকগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি