ETV Bharat / city

বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষ্য ফটো সাংবাদিকৰ প্ৰদৰ্শনী - বিশ্ব আলোকচিত্ৰ দিৱস

বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত বিশেষ ফটো প্ৰদৰ্শনী অনুষ্ঠানত গুৱাহাটীত ফটো সাংবাদিক সকলৰ বিভিন্ন ফটো প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচৰ্যা ডঃ অমৰজ্যোতি চৌধুৰীৰ লগতে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগু ৷

মহানগৰীত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন
author img

By

Published : Aug 19, 2019, 8:23 PM IST

গুৱাহাটী, 19 আগষ্ট : আজি বিশ্ব আলোকচিত্ৰ দিৱস । সমগ্ৰ বিশ্বতে আজিৰ দিনটোত উদযাপন কৰা হয় আলোকচিত্ৰ দিৱস । বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন বাতৰি কাকত আৰু সংবাদ প্ৰতিষ্ঠানৰ লগত জড়িত ফটো সাংবাদিক সকলে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰে এক বিশেষ ফটো প্ৰদৰ্শনীৰ । ফটো সাংবাদিক সকলে আয়োজন কৰা এই ফটো প্ৰদৰ্শনী উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচৰ্যা শিক্ষাবিদ, কবি, উপন্যাসিক ডঃ অমৰজ্যোতি চৌধুৰী আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে । দিনজোৰা এই প্ৰদৰ্শনীত উপস্থিত থাকে গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি নৱ ঠাকুৰীয়াৰ লগতে কেইবাগৰাকী বিশিষ্ট সাংবাদিক আৰু ফটো সাংবাদিক । প্ৰদৰ্শনীখনত গুৱাহাটীত ফটো সাংবাদিক সকলৰ বিভিন্ন ফটো প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰীৰ লগতে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগু । গুৱাহাটীত কৰ্মৰত বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ ১৮ গৰাকীকৈ ফটো সাংবাদিকৰ ৫৪ খন ফটো এই প্ৰদৰ্শনীত উপস্থাপন কৰা হয় । ফটো সাংবাদিক সকলে নিজৰ কেমেৰাৰ লেঞ্চত আবদ্ধ কৰি ৰখা বিভিন্ন প্ৰতিবাদ, সামাজিক জীৱনৰ লগতে বন্যপ্ৰাণীৰ আলোকচিত্ৰ এই প্ৰদৰ্শনীত স্থান পায় । অসমৰ বিশিষ্ট ফটো সাংবাদিক বিজু বড়ো আৰু ৰেৱ কুমাৰ বৰাৰ দুখনকৈ পুৰুস্কাৰপ্ৰাপ্ত আলোকচিত্ৰও প্ৰদৰ্শনীখনত প্ৰদৰ্শিত কৰা হয় । উদ্ধোধনী অনুষ্ঠানত বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় অসমৰ বিশিষ্ট আলোকচিত্ৰশিল্পী তথা ছবি নিৰ্মাতা অৰূপ মান্নাক ৷

মহানগৰীত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন

১৯৩৯ চনৰে পৰা ১৯ আগষ্ট দিনটো সমগ্ৰ বিশ্বতে আলোকচিত্ৰ দিৱস হিচাপে পালন কৰা হয় । গুৱাহাটীত প্ৰতিবছৰে গুৱাহাটী প্ৰেছ ক্লাৱত অসম ফটো সাংবাদিক সন্থাই বিশ্ব আলোকচিত্ৰ দিৱস পালন কৰি এইদৰে ফটো প্ৰদৰ্শনী অনুষ্ঠিত কৰি আহিছে । অসমত কৰ্মৰত সাংবাদিক সকলক তেওঁলোকে সংবাদক্ষেত্ৰখনৰ বাবে প্ৰদান কৰা অৰিহণাৰ বাবে চৰকাৰে বিভিন্ন সময়ত বঁটা প্ৰদান কৰি উৎসাহিত কৰি আহিছে যদিও ফটো সাংবাদিক সকলৰ উৎসাহ প্ৰদানৰ বাবে আজি পৰ্যন্ত কোনো ধৰণৰ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই চৰকাৰে ।

গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰে ফটো প্ৰদৰ্শনী অনুষ্ঠানটোত প্ৰদৰ্শণ হোৱা কেইখনমান আকষৰ্ণীয় আলোকচিত্ৰ

World Photography Day celebration in Guwahati
যাবলৈ ওলালো

ময়েই নে !

অসমৰ জাতীয় দুৰ্যোগ বানপানীৰ দৃশ্য

অস্তিত্বৰ সংকটত
মহানগৰীত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন
নিৰ্জীৱ বিহংগ

ত্যাগ

Intro:গুৱাহাটী প্ৰেছ ক্লাৱত কেমেৰাৰ লেঞ্চৰ ভাষা অধ্যয়ন কৰিলে এগৰাকী প্ৰসিদ্ধ শিক্ষাবিদে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচৰ্যা শিক্ষাবিদ, কবি, ঔপন্যাসিক ডঃ অমৰজ্যোতি চৌধুৰীয়ে গুৱাহাটীৰ ১৮ গৰাকী ফটোসাংবাদিকৰ কেমেৰাত আবদ্ধ হোৱা ফটো পৰিদৰ্শন কৰি আপ্লুটু হৈ পৰে।

Body:আজি বিশ্ব আলোকচিত্ৰ দিৱস। সমগ্ৰ বিশ্বতে আজিৰ দিনটোত উদযাপন কৰা হয় আলোকচিত্ৰ দিৱস। বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন বাতৰি কাকত আৰু সংবাদ প্ৰতিষ্ঠানৰ লগত জড়িত ফটো সাংবাদিক সকলে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰে এক বিশেষ ফটো প্ৰদৰ্শনীৰ। ফটো সাংবাদিক সকলে আয়োজন কৰা এই ফটো প্ৰদৰ্শনী উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচৰ্যা শিক্ষাবিদ, কবি, ঔপন্যাসিক ডঃ অমৰজ্যোতি চৌধুৰী আৰু কামৰূপ মহানগৰ জিলাৰ উপযুক্ত বিশ্বজিত পেগুৱে। দিনজোৰা এই প্ৰদৰ্শনীত উপস্থিৰ থাকে গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি নব ঠাকুৰীয়াৰ লগতে কেইবাগৰাকী বিশিষ্ট সাংবাদিক আৰু ফটো সাংবাদিক। প্ৰদৰ্শনীখনত গুৱাহাটীত ফটো সাংবাদিক সকলৰ বিভিন্ন ফটো প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচৰ্যা ডঃ অমৰজ্যোতি চৌধুৰীৰ লগতে কামৰূপ মহানগৰ জিলাৰ উপযুক্ত বিশ্বজিত পেগু।

বাইট ১: ডঃ অমৰজ্যোতি চৌধুৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচৰ্যা

গুৱাহাটীত কৰ্মৰত বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ ১৮ গৰাকীকৈ ফটো সাংবাদিকৰ ৫৪খন ফটো এই প্ৰদৰ্শনীত উপস্থাপন কৰা হয়। ফটো সাংবাদিক সকলে নিজৰ কেমেৰাৰ লেঞ্চত আবদ্ধ কৰি ৰখা বিভিন্ন প্ৰতিবাদ, সামাজিক জীৱনৰ লগতে বন্যপ্ৰাণীৰ আলোকচিত্ৰ এই প্ৰদৰ্শনীত স্থান পায়। অসমৰ বিশিষ্ট ফটো সাংবাদিক বিজু বড়ো আৰু ৰেৱ কুমাৰ বৰাৰ দুখনকৈ পুৰুস্কাৰপ্ৰাপ্ত আলোকচিত্ৰও প্ৰদৰ্শনীখনত প্ৰদৰ্শিত কৰা হয়। উদ্ধোধনী অনুষ্ঠানত অসমৰ বিশিষ্ট আলোকচিত্ৰশিল্পী তথা ছবি নিৰ্মাতা অৰূপ মান্নাক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়।

বাইট ২: ৰেৱ কুমাৰ বৰা, ফটো সাংবাদিক

Conclusion:১৯৩৯ চনৰে পৰা ১৯ আগষ্ট দিনটো সমগ্ৰ বিশ্বতে আলোকচিত্ৰ দিৱস হিচাপে পালন কৰা হয়। গুৱাহাটীত প্ৰতিবছৰে গুৱাহাটী প্ৰেছ ক্লাৱত অসম ফটো সাংবাদিক সন্থাই বিশ্ব আলোকচিত্ৰ দিৱস পালন কৰি এইদৰে ফটো প্ৰদৰ্শনী অনুষ্ঠিত কৰি আহিছে। অসমত কৰ্মৰত সাংবাদিক সকলক তেওঁলোকে সংবাদক্ষেত্ৰখনৰ বাবে প্ৰদান কৰা অৰিহণাৰ বাবে চৰকাৰে বিভিন্ন সময়ত বঁটা প্ৰদান কৰি উৎসাহিত কৰি আহিছে যদিও ফটো সাংবাদিক সকলৰ উৎসকৰ বাবে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ পদক্ষেপ পৰিলক্ষিত নহয়।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.