ETV Bharat / city

হু ইজ বদৰুদ্দিন ! মহাজোঁটৰ আঁৰৰ অংক কি ? - big alliance

অসমৰ বিধানসভাৰ 126 খন আসনৰ বৰাক উপত্যকাৰ পোন্ধৰখন আসনত যে ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুৰ আধিপত্য চলে তাক নতুনকৈ বিশ্লেষণ কৰাৰ প্ৰয়োজন নাই । অবশ্যে এই উপত্যকাৰ তিনিখন জিলাৰ ভোটাৰে সময় সাপেক্ষে সৃষ্টি হোৱা নিৰ্বাচনী ঢৌক আগস্থান দিহে ভোট প্ৰদান কৰে। যোৱা তিনিটা বিধান সভাৰ নিৰ্বাচনত এনে পৰিস্থিতিৰ সুযোগ লৈ আহিছে বদৰুদ্দিন আজমলৰ দলে,যত কংগ্ৰেছৰ দৰে পুৰণি আধিপত্যবাদী দলে অসহায় হৈ চাই থাকিবলগীয়া হৈছে।

what-is-story-behind-big-alliance
হু ইজ বদৰুদ্দিন ! মহাজোঁটৰ আঁৰৰ অংক কি ?
author img

By

Published : Oct 6, 2020, 7:40 PM IST

গুৱাহাটী, 6 অক্টোবৰ: অসমৰ ৰাজনীতিত কিং নে কিং মেকাৰ হ'ব মৌলানা বদৰুদ্দিন আজমল ! এদিন 'হু ইজ বদৰুদ্দিন' বুলি অসমৰ জাতীয়তাবাদী শিবিৰৰ সমৰ্থন লোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু অসম প্ৰদেশ কংগ্ৰেছে এতিয়া আকৌ শাসনৰ গাদীত বহিবলৈ সেই বদৰুদ্দিন আজমলৰ ওচৰতেই শৰণাগত হোৱা কাৰ্যই সচেতন নাগৰিকৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে । এ আই ইউ ডি এফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলেও এতিয়া যেন কংগ্ৰেছ নেতৃত্বৰ চকুত আঙুলি থৈ এই মূহুৰ্তত পোন্ধৰ বছৰীয়া পুৰণি সেই প্ৰশ্ন- 'হু ইজ বদৰুদ্দিন' ৰ সঠিক উত্তৰ দিবলৈ ককালত টঙালি বান্ধিছ। উল্লেখ্য যে,2006 চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হু ইজ বদৰুদ্দিন বুলি কৰা তাচ্ছিল্য পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত হৈ পৰিছে প্ৰাসংগিক । ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতি আৰু সমাগত বিধানসভাৰ নিৰ্বাচনৰ ভোটৰ অংকত কংগ্ৰেছৰ বাবে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ হৈ পৰিল এৰাব নোৱাৰা ৰাজনৈতিক শক্তি ।
কিন্তু কোন এই বদৰুদ্দিন আজমল ! তেওঁৰ হাতত বি জে পিক প্ৰতিহত কৰাৰ বাবে কি এনে আমোঘ অস্ত্ৰ আছে যাৰ শক্তিৰ ওচৰত আজি শৰণাগত হৈছে স্বয়ং তৰুণ গগৈ ! আজমল বাহিনীৰ ৰাজনৈতিক আধিপত্যই আজি তচনচ কৰিছে তৰুণ গগৈৰ তথাকথিত কংগ্ৰেছী জাতীয়তাবাদ ।
2005 আগলৈ বদৰুদ্দিন আজমলৰ পৰিচয় আছিল জমিয়ত উলেমা হিন্দৰ এগৰাকী ধৰ্মীয় নেতা হিচাপে । দেওবন্দৰৰ দাৰুল উলুমৰ পৰা ইছলামিক থিয়'লজী আৰু আৰবীৰ শিক্ষা লোৱা বদৰুদ্দিন আজমলৰ জমিয়ত কেন্দ্ৰীক পৰিচয় আছিল অৱধাৰিত। আনহাতে,তেওঁৰ আনটো পৰিচয় আছিল এজন আগৰ ব্যৱসায়ী হিচাপে,যিয়ে তেওঁৰ ধনাঢ্যতাক সামাজিক জীৱনত প্ৰতিনিধিত্ব কৰে। কিন্তু 2005 চনত অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান ত্ৰাণকৰ্তাৰ ৰূপত আত্মপ্ৰকাশ কৰি এ ইউ ডি এফ নামৰ ৰাজনৈতিক দল গঠন কৰাৰ লগে লগে আজমলে এক মাত্ৰাৰ ৰাজনৈতিক আধিপত্য প্ৰতিষ্ঠাৰ দিশে আগবাঢ়ে। অসমত ধৰ্মীয় সংখ্যালঘুৰ ৰাজনীতি যে আজমলে আৰম্ভ কৰিছে এনে নহয় । স্বাধীনতাৰ আগতেই 1946 ৰ অন্তবৰ্তী কালীন চৰকাৰ গঠনৰ বাবে অনুষ্ঠিত নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘুৰ বাবে সংৰক্ষিত 34 খন আসনৰ 31 চনত মুছলিম লীগ আৰু 3 খন আসনত জমিয়ত উলেমাৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয় লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু তেতিয়াই কংগ্ৰেছে মুছলিম লীগৰ লগত ৰাজনৈতিক জোঁটবন্ধনত মিলিত হৈছিল। ইয়াৰ পিছতো বৰাক উপত্যকাৰ বঙালী ভাষী মুছলমানৰ ৰাজনৈতিক আধিপত্য প্ৰতিষ্ঠাক আগস্থান দি গঠন কৰা ইষ্টাৰ্ন ইন্ডিয়া মুছলিম এচচিয়েছন (ই আই এম এ) নিৰ্বাচনী ৰাজনীতিলৈ আহে। 1978 চনৰ নিৰ্বাচনত এই সংগঠনটোৱে ইন্ডিয়ান ইউনিয়ন মুছলিম লীগ লগত মিলি নিৰ্বাচনত প্ৰতিদন্দিতা কৰে। মনকৰিবলগীয়া যে, ইয়াৰ পিছতে মুছলমান সংখ্যালঘু আৰু বঙালী ভাষিক সংখ্যালঘুৰ ৰাজনৈতিক সুৰক্ষাৰ বাবে গঠন হয় ইউনাইটেড মাইনৰিটি চমূকৈ ইউ এম এফ। লক্ষণীয় কথাটো হ‘ল ইউ এম এফ মঞ্চ ত সমবেত হৈছিল একাংশ বাঙালী হিন্দু ও। আৰু 1985 নিৰ্বাচনত অসম আন্দোলন কেন্দ্ৰীক প্ৰবল জাতীয়তাবাদী ঢৌৰ বৰ্তমানতো ইউ এম এফ য়ে 17 খন আসন দখল কৰি 10.85 শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল।

ৰাজনৈতিক বিশ্লেষণ সকলে আঙুলিয়াই দিয়ে যে এনে এক প্ৰেক্ষাপটত আধাৰ হিচাপে লৈয়েই মৌলানা বদৰুদ্দিন আজমলে 2005 চনত এ ইউ ডি এফ গঠনেৰে কংগ্ৰেছৰ সংখালঘু ভোট বেংকত মোক্ষম আঘাত হানিবলৈ সক্ষম হয়। 2006 চনত ভোটৰ ৰাজনীতিত প্ৰবেশ কৰি আজমলৰ দলে তৰুণ গগৈৰ ভ্ৰূকুটিক নসাৎ কৰি বিধানসভাৰ দহ খন আসন আজুৰি আনিবলৈ সক্ষম হয়। দলটোৱে 9.03 শতাংশ ভোট লাভেৰে ৰাজ্য ৰাজনীতিত খুটি পুতিবলৈ সক্ষম হয়। উক্ত নিৰ্বাচনত কংগ্ৰেছৰ ভোট 31.08 শতাংশলৈ হ্ৰাস পায়। একেদৰে, 2009 চনত এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে স্বীকৃতি লাভ কৰা অল ইন্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰন্ট (এ আই ইউ ডি এফ) য়ে 2011 চনৰ নিৰ্বাচনত 18 খন আসন দখল কৰি লাভ কৰা ভোটৰ পৰিমাণ 12.57 শতাংশলৈ বৃদ্ধি কৰিবলৈ সক্ষম হয়। আনহাতে ৰাজনৈতিক আধিপত্য ধাৰা অব্যাহত ৰাখি 2016 চনৰ নিৰ্বাচনতো বদৰুদ্দিন আজমলৰ দলে 13 খন আসন লাভ কৰে আৰু ভোটৰ পৰিমাণ 13.05 শতাংশলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ শেহতীয়া নিৰ্বাচনটোত আসনৰ সংখ্যা কমিলেও এই দলে ভোটৰ সংখ্যা বৃদ্ধিৰ ধাৰা অব্যাহত ৰাখিছে । এইখিনিতে উল্লেখ কৰা ভাল যে 2016 চনৰ নিৰ্বাচনত শাসনৰ ভাৰ লোৱা তিনিটা দল ক্ৰমে বিজেপি,অগপ আৰু বি পি এফৰ জোটবন্ধনে লাভ কৰা মুঠ ভোটৰ পৰিমাণ আছিল 41.59শতাংশ । ইয়াৰ বিজেপি য়ে লাভ কৰিছিল 29.51 শতাংশ,অগপ ই 8.14 শতাংশ আৰু বি পি এফ য়ে 3.94 শতাংশ । আনহাতে এই নিৰ্বাচনত ক্ষমতা হেৰুৱাবলগীয়া হোৱা কংগ্ৰেছে লাভ কৰিছিল 30.96 শতাংশ ভোট। একেদৰে এ আই ইউ ডি এফ য়ে লাভ কৰিছিল 13. 05 শতাংশ ভোট। অৰ্থাৎ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মুঠ ভোটৰ পৰিমাণ আছিল 44.01 শতাংশ । অৰ্থাৎ এই দুটা দলৰ মুঠ ভোটৰ পৰিমাণ আছিল চৰকাৰ গঠন কৰা তিনিটা দলৰ মুঠ ভোটত কৈও প্ৰায় তিনি শতাংশ বেছি।

অসমৰ বিধান সভাৰ 126 খন আসনৰ বৰাক উপত্যকাৰ পোন্ধৰখন আসনত যে ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুৰ আধিপত্য চলে তাক নতুনকৈ বিশ্লেষণ কৰাৰ প্ৰয়োজন নাই । অবশ্যে এই উপত্যকাৰ তিনিখন জিলাৰ ভোটাৰে সময় সাপেক্ষে সৃষ্টি হোৱা নিৰ্বাচনী ঢৌক আগস্থান দিহে ভোট প্ৰদান কৰে। যোৱা তিনিটা বিধানসভাৰ নিৰ্বাচনত এনে পৰিস্থিতিৰ সুযোগ লৈ আহিছে বদৰুদ্দিন আজমলৰ দলে, যত কংগ্ৰেছৰ দৰে পুৰণি আধিপত্যবাদী দলে অসহায় হৈ চাই থাকিবলগীয়া হৈছে। আনহাতে,ভোটৰ বিন্যাস আৰু ভোটাৰৰ মনস্তত্বই উজনি অসমৰ সাত খন জিলাৰ 34 টা সমষ্টিত আজমলৰ আধিপত্যৰ কোনো স্থান নাই। এই জিলা কেইখন হৈছে ক্ৰমে গোলাঘাট,যোৰহাট,শিৱসাগৰ,ডিব্ৰুগড়,তিনিচুকীয়া,লখিমপুৰ আৰু ধেমাজি। এই জিলা কেইখনৰ মাত্ৰ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিত হে যোৱা বিধানসভাৰ নিৰ্বাচনত এ আই ইউ ডি এফ ৰ প্ৰাৰ্থী জয় লাভ কৰিবলৈ সক্ষম হৈছে। পমুৱা তথা প্ৰব্ৰজিত মুছলমানৰ আধিপত্য থকা নাওবৈচাত আজমলৰ জয় লাভত আচৰিত হ'বলগীয়া একো নাই । এই সমষ্টিটো কিন্তু দীৰ্ঘকাল ধৰি কংগ্ৰেছৰ হাততেই আছিল। আনহাতে,নামনি আৰু মধ্য অসমৰ এক লক্ষনীয় সংখ্যক সমষ্টিত এতিয়া প্ৰাৰ্থীৰ ভাগ্য নিয়ন্তা হল প্ৰব্ৰজিত ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু । এই ক্ষেত্ৰত ধৰ্মীয় সংখ্যালঘুৰ আধিপত্যই বেছি। বিশেষকৈ ধুবুৰী (79.67 % মুছলমান ) আৰু নগাঁৱৰ ( 56.36 % মুছলমান) ৰ জনসংখ্যাৰ জিলাত এ আই ইউ ডি এফৰ আধিপত্য অতি লক্ষনীয় । তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ পোন্ধৰটা সমষ্টিত প্ৰাৰ্থীৰ হৰা-জিকা নিৰ্ধাৰণ কৰে ধৰ্মীয় সংখ্যালঘু ভোটাৰে। এই সমষ্টি সমূহ হৈছে ক্ৰমে- শালমৰা দক্ষিণ,বিলাসীপাৰাৰ পশ্চিম,গোৱালপাৰা পশ্চিম,জলেশ্বৰ,বৰপেটা,জনিয়া,বাঘৰ,চেঙা,সৰুক্ষেত্ৰী,দলগাঁও,লাহৰীঘাট,ধিং, ৰূপহীহাট,নাওবৈচা, আৰু যমুনামুখ। আনহাতে অসমৰ ৰাজনীতিত খিলঞ্জীয়া মুছলমানেও এক লক্ষনীয় সংখ্যক সমষ্টিত প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰে। জনগাঁঠনি আৰু ভোটৰ বিন্যাস অনুসৰি এই সমষ্টি সমূহ হ'ল-মানকাছৰ,ধুবুৰী,গোলোকগঞ্জ,বিলাসীপাৰা পূব, গোৱালপাৰা পূব,হাজো,ছয়গাঁও,জালুকবাৰী,পলাশবাৰী,কমলপুৰ,ৰঙিয়া,নলবাৰী,বৰক্ষেত্ৰী,ধৰ্মপুৰ,মৰিগাঁও,সৰুপথাৰ,শিৱসাগৰ, ছিপাঝাৰ আৰু মঙলদৈ । এই সমষ্টি সমূহৰ পৰা যোৱা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ বিজয় সম্ভৱ হ'লেও তাত কংগ্ৰেছৰ স্থিতিহে মজবুত। কংগ্ৰেছ আৰু এ আই ইউ ডি এফ লগ লাগিলে ওপৰত উল্লিখিত দুয়ো ধৰণৰ মুঠ 34 সমষ্টিত এই জোঁটবন্ধনে নিসন্দেহে ভাল ফল দেখুৱাবলৈ সক্ষম হব বুলি আশা কৰিব পাৰি।

উল্লেখ্য যে, 2016 চনৰ নিৰ্বাচনত কিছু সংখ্যক গুৰুত্বপূৰ্ণ সমষ্টিত ধৰ্মীয় সংখালঘু ভোটাৰে বিজেপিক ভোট দান কৰিছিল,যাৰ বাবে দলটোৱে অকলেই 60 টা সমষ্টিত জয় লাভ কৰিছিল। অগপ আৰু বিপিএফক ধৰি মিত্ৰজোঁটে 86 খন আসন লাভ কৰিছিল। কিন্তু ইয়াৰ পিছতে অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত সেই ধাৰা অক্ষুন্ন নাথাকিল। আনকি 2019 চনৰ লোকসভা নিৰ্বাচনটো ভালে কেইটা সমষ্টিত বি জে পি প্ৰাৰ্থীয়ে আশা কৰাতকৈ কম ভোট লাভ কৰিছিল। আৰু এই ধাৰাক সৰোগত কৰিয়েই এতিয়া কংগ্ৰেছ দলে সংখ্যালঘুৰ ভোট বিভাজন প্ৰতিহত কৰিবলৈ বদৰুদ্দিন আজমলৰ শৰণাগত হৈছে। সেয়ে সমাগত নিৰ্বাচনত মৌলানা বদৰুদ্দিন আজমল যে কিং মেকাৰৰ ভূমিকাত অৱতীৰ্ণ হ'ব সেয়া নিশ্চিত ।

লগতে পঢ়ক: SI কাণ্ডৰ মূল অভিযুক্ত পি কে দত্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.