গুৱাহাটী, 27 জুলাই : শুকুৰবাৰৰ পৰা অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশনৰ আৰম্ভণিৰ লগে লগে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ আৰম্ভ কৰিছে দিছপুৰ লাষ্টগেটত ৷ প্ৰতিবছৰে অসমক আৰ্থিক আৰু সামাজিকভাবে জুৰুলা কৰা বিধ্বংসী বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দাবীত শনিবাৰে প্ৰতিবাদত বহিল ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেচনেল নামৰ সংগঠনটো । সংগঠনটোৱে বানক অসমৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বান্ধি দিলে নিৰ্দিষ্ট সময়সীমা ৷ দেশৰ স্বাধীনতা দিৱসৰ দিনা অৰ্থাৎ, ১৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক উদ্দেশ্যি প্ৰদান কৰা নিজৰ ভাষণত যদি বানক অসমৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰে তেন্তে সংগঠনটোৱে ২০ আগষ্ট পৰা আৰম্ভ কৰিব ধাৰাবাহিক আন্দোলন । লগতে প্ৰয়োজন হ'লে অনশন কাৰ্যসূচী কৰিবলৈও সাজু থাকিব সংগঠনটো ৷ প্ৰতিবাদকাৰী কৰে এয়া দাবী নহয় আজুৰি অনাৰ কাৰ্যসূচী বুলি জনাই বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে উত্তাল কৰে দিছপুৰ লাষ্টগেট ৷ উল্লেখযোগ্য যে স্বাধীনতাৰ দিনৰে পৰা অসমৰ সম্পদক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰা ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে সেই হিচাপে অসমৰ সমস্যাক কোনো দিনে গুৰুত্ব সহকাৰে লোৱা অথবা ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰা পৰিলক্ষিত নহ'ল ৷
প্ৰধানমন্ত্ৰীলৈ হুংকাৰ ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেচনেল সংগঠনটোৰ - ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেচনেল সংগঠন
অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবে ১৫ আগষ্টলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অন্তিম সময়সীমা প্ৰদান অন্যথা ২০ তাৰিখৰ পৰা ধাৰাবাহিক আন্দোলনৰ লগতে অনশনত বহিব ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেচনেলৰ কৰ্মকর্তা সকল ৷
গুৱাহাটী, 27 জুলাই : শুকুৰবাৰৰ পৰা অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশনৰ আৰম্ভণিৰ লগে লগে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ আৰম্ভ কৰিছে দিছপুৰ লাষ্টগেটত ৷ প্ৰতিবছৰে অসমক আৰ্থিক আৰু সামাজিকভাবে জুৰুলা কৰা বিধ্বংসী বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দাবীত শনিবাৰে প্ৰতিবাদত বহিল ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেচনেল নামৰ সংগঠনটো । সংগঠনটোৱে বানক অসমৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বান্ধি দিলে নিৰ্দিষ্ট সময়সীমা ৷ দেশৰ স্বাধীনতা দিৱসৰ দিনা অৰ্থাৎ, ১৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক উদ্দেশ্যি প্ৰদান কৰা নিজৰ ভাষণত যদি বানক অসমৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰে তেন্তে সংগঠনটোৱে ২০ আগষ্ট পৰা আৰম্ভ কৰিব ধাৰাবাহিক আন্দোলন । লগতে প্ৰয়োজন হ'লে অনশন কাৰ্যসূচী কৰিবলৈও সাজু থাকিব সংগঠনটো ৷ প্ৰতিবাদকাৰী কৰে এয়া দাবী নহয় আজুৰি অনাৰ কাৰ্যসূচী বুলি জনাই বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে উত্তাল কৰে দিছপুৰ লাষ্টগেট ৷ উল্লেখযোগ্য যে স্বাধীনতাৰ দিনৰে পৰা অসমৰ সম্পদক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰা ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে সেই হিচাপে অসমৰ সমস্যাক কোনো দিনে গুৰুত্ব সহকাৰে লোৱা অথবা ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰা পৰিলক্ষিত নহ'ল ৷
Body:প্ৰতিবছৰে অসমক জুৰুলা কৰা বিধ্বংসী বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ। এইবাদ দাবী নহয় বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে আজুৰি আনিবলৈ প্ৰতিবাদত বহিল ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেচনেল। বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশন চলি থকাৰ সময়তে লাষ্টগেটৰ প্ৰতিবাদস্থলীত বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবীত প্ৰতিবাদত বহিল ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেচনেল। প্ৰতিবাদস্থলীৰ পৰা সংগঠনটোৱে বানপানীক অসমৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বান্ধি দিলে সময়সীমা। দেশৰ স্বাধীনতা দিৱসৰ দিনা অৰ্থাৎ ১৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক উদ্দেশ্যি প্ৰদান কৰা নিজৰ ভাষণত যদি বানপানীক অসমৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰে তেন্তে সংগঠনটোৱে ২০ আগষ্ট পৰা আৰম্ভ কৰিব ধাৰাবাহিক আন্দোলন। শতাধিক প্ৰতিবাদকাৰীক লৈ লাষ্টগেটত প্ৰতিবাদ কৰা সংগঠনটোৱে প্ৰয়োজন হলে অনশনৰ আশ্ৰয় লৈও বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে আজুৰি অনাৰ হুংকাৰ প্ৰদান কৰে।
বাইট ১: প্ৰতিবাদকাৰী
বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰা সংগঠনটোৱে বৰ্তমান বানাক্ৰান্ত ৰাইজ উপযুক্ত চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হোৱাৰো অভিযোগ উত্থাপন কৰে। চৰকাৰী সাহায্য বানাক্ৰান্ত ৰাইজৰ অধিকাৰ কিন্ত
চৰকাৰে বানাক্ৰান্ত ৰাইজক বান সাহায্যৰ নামত ভিক্ষাহে প্ৰদান কৰিছে বুলি সংগঠনটোৱে মন্তব্য প্ৰকাশ কৰে। চৰকাৰ যদি বান সাহায্য যোগান ধৰাত অসক্ষম তেন্তে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে।
বাইট ১: প্ৰতিবাদকাৰী
Conclusion:শুকুৰবাৰৰ পৰা আৰম্ভ অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশন আৰম্ভ হোৱাৰ লগে লগে লাষ্টগেটত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ আৰম্ভ কৰিছে। আজি দ্বিতীয় দিনাও লাষ্টগেটত দল-সংগঠন সমূহে বিভিন্ন দাবী লৈ প্ৰতিবাদ অব্যহত ৰাখে।