গুৱাহাটী, ৩০ জানুৱাৰী: সত্ৰ নগৰী বৰপেটাক পবিত্ৰ নগৰী হিচাপে ঘোষণা কৰাৰ বাবে চিন্তা-চৰ্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে (Union government to announce Barpeta as Holy City) । উল্লেখযোগ্য যে, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে অলপতে বৰপেটাক পবিত্ৰ নগৰী হিচাপে ঘোষণা কৰিবলৈ অনুৰোধ জনাই কেন্দ্ৰীয় চৰকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল (MP Abdul Khalek demanded to announce Barpeta as Holy City) ।
![Union government might announce Barpeta as Holy City](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-03-barpeta-holy-city-7206058_30012022201128_3001f_1643553688_19.jpg)
সেইমৰ্মে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা, পৰ্যটন আৰু ড'নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সাংসদ খালেকলৈ প্ৰেৰণ কৰিছে এখন পত্ৰ । পত্ৰখনত উল্লেখ কৰা হৈছে যে ইতিমধ্যে সাংসদ গৰাকীৰ এই প্ৰস্তাৱ সংশ্লিষ্ট বিভাগলৈ বিবেচনাৰ বাবে পঠিওৱা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ এই পত্ৰ লাভৰ পিছত স্বাভাৱিকতে এতিয়া বৰপেটাবাসীৰ মাজত আনন্দৰ পৰিৱেশ দেখা গৈছে ৷
লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ ওপজা দিনৰ বিশেষ অতিথি হ’ব মাজুলীৰ ৪৭ জনকৈ ভাগিন