ETV Bharat / city

গুৱাহাটীত জালনোটসহ আটক দুই মহিলা

author img

By

Published : Aug 5, 2021, 5:02 PM IST

সাৱধান মহানগৰবাসী ৷ গুৱাহাটীত সক্ৰিয় হৈছে জালনোট ব্যৱসায়ী ৷ এই জালনোট ব্যৱসায়ৰ সৈতে জড়িত আছে মহিলাও ৷ ভাড়াঘৰৰ পৰাই নকল নোটৰ বেহা চলাই আহিছে এইসকল লোকে ।

two people arrested with fake currency
গুৱাহাটীত জালনোটসহ আটক দুই মহিলা

গুৱাহাটী, ৫ আগষ্ট : সাংবাদিকৰ আই কাৰ্ড আৰু অসম সচিবালয়ৰ প্ৰৱেশ পত্ৰ লৈ এইবাৰ ৰাজ্যত জালনোটৰ পোহাৰ মেলিছে একাংশ দুষ্ট চক্ৰই । অসম সচিবালয়ৰ প্ৰৱেশ পত্ৰ লৈ শদিয়াৰ পৰা ধুবুৰীলৈ জাল নোটৰ অবাধ বেহা চলাই থকা এনে এটা দুষ্ট চক্ৰ মহানগৰ আৰক্ষীৰ জালত পৰাৰ পিছত পোহৰলৈ আহিছে এই কথা । জানিব পৰা মতে, দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি গীতানগৰৰ শিৱ নগৰ পথৰ এটা ভাড়া ঘৰত নকল নোটৰ বেহা চলাই আছিল মামণি ৰয় বড়ো (৪৩) নামৰ মহিলাগৰাকীয়ে ।

মহিলাগৰাকীক এই কাৰ্যৰ সম্পূৰ্ণ তদাৰক কৰিছিল এই ব্যৱসায়ৰ মূল মাষ্টৰ মাইণ্ড আজমল হক নামৰ লোকজনে । এক গোপন সূত্ৰৰ পম খেদি মহানগৰীৰ গীতানগৰ আৰক্ষীয়ে ৩ আগষ্টত মহিলাগৰাকী থকা ভাড়াঘৰটোত নিশা অতৰ্কিতে অভিযান চলাই জালনোটসহ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ইফালে ধৃত মহিলাগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত বুধবাৰে মহানগৰীৰ ফটাশিল আমবাৰীত আন এক অভিযান চলাই আৰক্ষীয়ে ।

অৱশ্যে আৰক্ষী অহাৰ উমান পাই মূল অভিযুক্ত আজমল হক পলায়ন কৰে যদিও এই কাৰ্যত স্বামীৰ সৈতে জড়িত থকাৰ অভিযোগত তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে আটক কৰা মহিলাগৰাকী হেন্টামালা বিবি বুলি জানিব পৰা হৈছে ।

হেন্টামালা বিবিৰ স্বীকাৰোক্তিৰ ভিত্তিত বাকোৰ ২ নং বৰুৱা পাৰা তকলা গাঁৱৰ আজমল হকৰ ঘৰত বুধবাৰে নিশা পুনৰ গীতানগৰ আৰক্ষীয়ে অভিযান চলায় । আৰক্ষীৰ এই অভিযানত আজমল হকৰ ঘৰৰ পৰা চাৰি লাখ টকাৰ জালনোট, জালনোট চপোৱা প্ৰিন্টিং মেচিন, হিটাৰ মেচিন, পেপাৰ কাটাৰ মেচিন, বন পেপাৰৰ ৰিম, পলিমাৰ পেপাৰ, চিম কাৰ্ড, এ টি ম, অসম পুলিচৰ টি চাৰ্ট, অসম সচিবালয়ৰ প্ৰৱেশ পত্ৰ, "আমাৰ প্ৰণাম" নামৰ এখন বাতৰি কাকতৰ পৰিচয় পত্ৰৰ লগতে বহু আপত্তি জনক নথি পত্ৰ জব্দ কৰে ।

জালনোট প্ৰস্তুতকাৰী এই অপৰাধ কাৰ্যত জড়িত মূল মাষ্টাৰমাইণ্ড আজমল হক বৰ্তমানেও পলাতক হৈ আছে যদিও মহানগৰ আৰক্ষীয়ে লোকজনক কৰায়ত্ব কৰাৰ বাবে তীব্ৰ অভিযান চলাই আছে । এই ঘটনা সন্দৰ্ভত গীতানগৰ থানাত ৩১০/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি সম্প্ৰতি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে ।

এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে নিজকে সাংবাদিক বুলি পৰিচয় দি অসম বিধানসভাৰ প্ৰেছ গেলাৰীৰ আসন শুৱনি কৰিবলৈ সক্ষম হোৱা এনে অপৰাধীক সংবাদ মাধ্যমৰ কৰ্তৃপক্ষ নতুবা বিধানসভা কৰ্তৃপক্ষই কি যোগ্যতাৰ ভিত্তিত সুবিধা প্ৰদান কৰিলে, তাক লৈ এতিয়া সৰৱ চৰ্চা চলিছে ।

লগতে পঢ়ক : সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশত বন্ধ হ'ল বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.