ETV Bharat / city

মহানগৰীত পুনৰ ট্ৰাক চালকক হত্যাৰ চেষ্টা

author img

By

Published : Jul 6, 2019, 10:48 PM IST

মহানগৰীৰ বশিষ্ঠৰ কামাখ্যা কাটাৰ ওচৰত ৰাজেশ চৌহান নামৰ এজন ট্ৰাক চালকক নিৰ্মম ভাৱে প্ৰহাৰ কৰে ট্ৰাকৰ স্বত্বাধিকাৰী কিশোৰ কালিয়া আৰু ৰাকেশ চৌহানে । বৰ্তমান বশিষ্ঠ আৰক্ষীৰ জালত দুয়োজন ধৃত স্বত্বাধিকাৰী ৷

মহানগৰীত পুনৰ ট্ৰাক চালকক হত্যাৰ চেষ্টা

গুৱাহাটী,৬জুলাই : শনিবাৰে গুৱাহাটী মহানগৰীত সংঘটিত হয় ভয়ংকৰ ঘটনা । মহানগৰীৰ বশিষ্ঠৰ কামাখ্যা কাটাৰ ওচৰত ৰাজেশ চৌহান নামৰ এজন ট্ৰাক চালকক নিৰ্মম ভাৱে প্ৰহাৰ কৰে ট্ৰাকৰ স্বত্বাধিকাৰী কিশোৰ কালিয়া আৰু ৰাকেশ চৌহানে । আক্ৰমণৰ বলি হোৱা ৰাজেশ চৌহানৰ ঘৰ মেঘালয়ত । কাঠৰ বাটাম আৰু বেলচাৰে ৰাজেশক আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলায় ট্ৰাকৰ স্বত্বাধিকাৰী ৰাকেশ আৰু কিশোৰে । ট্ৰাক চালকজনক অট্টালিকাৰ পৰা পেলাই দিবলৈ উদ্যত হয় স্বত্বাধিকাৰী দুজনে । প্ৰাণৰ মমতাত ঘটনাস্থলীৰ পৰা কোনোমতে পলায়ন কৰিবলৈ সক্ষম হয় ট্ৰাক চালকজন । ইফালে, ৰাজেশ ওৰফে ভোলাৰ পৰা 17 হাজাৰ টকাও লুটি লৈ যায় লৈ যায় ট্ৰাক চালকৰ ৰাকেশ আৰু কিশোৰে । ৰাকেশ চৌহানৰ ঘৰ মহাৰাষ্ট্ৰত আৰু কিশোৰৰ ঘৰ হাৰিয়ানাত। সম্প্ৰতি দুয়োজন অভিযুক্তক বশিষ্ঠ আৰক্ষীয়ে আটক কৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

মহানগৰীত পুনৰ ট্ৰাক চালকক হত্যাৰ চেষ্টা

উল্লেখ্য যে, কেইমাহ মান পূৰ্বেও মহানগৰীত নিৰ্মম ভাৱে প্ৰহাৰ কৰা হৈছিল আন এজন ট্ৰাক চালকক । ট্ৰাক চালকজনক শিকলিৰে বান্ধি হত্যাৰ চেষ্টা চলোৱা হৈছিল । যাৰ ফলত ট্ৰাক চালকজনৰ এটা চকু নষ্ট হৈ গৈছিল । কিন্তু এই ঘটনাৰ পাছতো আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাত পুনৰ এক অনুৰূপ ঘটনাই জোকাৰি গ'ল মহানগৰী ।

Intro:মহানগৰীৰ পুনৰ বহিৰাগত ব্যৱসায়ীযে চালকৰ ওপৰত চলালে বৰ্বৰ আক্ৰমণ ।

Body:ৰাজেশ চৌহান ওৰফে ভোলাক নামৰ এজন ট্ৰাক চালকক এই বৰ্বৰ আক্ৰমণ ,ঘৰ মেঘালয়ৰ গাৰো হিলছত । কাঠৰ বাটাম আৰু বেলনাৰে ওৰে নিশা প্ৰহাৰ ট্ৰাক চালক । অন্য চালক ৰ কথা সুধি বৰ্বৰভাৱে আক্ৰমণ কৰি বিল্ডিং ৰ পৰা পেলাই দিব খোজোঁতে নিশা পলাই আহি আশ্ৰয় ললে আৰক্ষীৰ । বশিষ্ঠৰ কামাখ্যা কাটাৰ ওচৰত এই বৰ্বৰ ঘটনা । ইফালে বৰ্বৰ আক্ৰমণ কৰাই নহয় ৰাজেশ ওৰফে ভোলাৰ 17 হাজাৰ টকা লুটি কৰি নিযে। বৰ্বৰ আক্ৰমণ কৰা ট্ৰাকৰ মালিকৰ মেনেজাৰ কিশোৰ কালিয়া আৰু ৰাকেশ চৌহান। ইয়াৰে ৰাকেশ চৌহান ৰ ঘৰ মহাৰাষ্ট্ৰত আৰু আনজনৰ ঘৰ হাৰিয়ানাত
Byte

Conclusion:দুইজনক সম্প্ৰতি বশিষ্ঠ আৰক্ষীৰ জালত। আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.