ETV Bharat / city

চিটি বাছৰ সেৱাত নতুন নীতি-নিৰ্দেশনা পৰিৱহণ বিভাগৰ - অভিযোগৰ বাবে প্ৰদান হোৱাটছ এপ নম্বৰ

চিটি বাছ সেৱাত নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে মহানগৰ পৰিৱহণ বিভাগে ৷ কোনো অভিযোগৰ বাবে যোগান ধৰা হ'ব হোৱাটছ এপ নম্বৰ ৷

মহানগৰ পৰিৱহণ বিভাগ
চিটি বাছৰ সেৱাত নতুন নীতি
author img

By

Published : Feb 11, 2020, 11:33 PM IST

গুৱাহাটী, 11 ফেব্ৰুৱাৰী : উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাচতে চিটিবাছৰ দৌৰাত্ম্য ৰোধৰ বাবে মহানগৰ পৰিৱহণ বিভাগে জাৰি কৰিছে নতুন নিয়ম ৷ বিশেষকৈ চিটিবাছত চালক হেণ্ডিমেনৰ পৰা পোৱা আচৰণ তথা যিকোনো অভিযোগ এতিয়াৰ পৰা যাত্ৰীয়ে দিব পাৰিব হোৱাটছ এপ নম্বৰৰ যোগেদি ৷ প্ৰতিখন চিটিবাছৰ পিছফালে থাকিব দুটাকৈ অভিযোগ দিব পৰা হোৱাটছ এপ নম্বৰ ৷ মহানগৰ যান বাহন আৰক্ষীয়ে অভিযোগ ল'বলগা এই নম্বৰ দুটা হ'ল 6901269006 আৰু 6026176755 ৷ ইয়াৰোপৰি, যাত্ৰীয়ে চিটি বাছত পিছ দুৱাৰেদি উঠি আগফালৰ দুৱাৰেদি নামিব লাগিব এতিয়াৰে পৰা ৷ তদুপৰি নিৰ্দিষ্ট বাছ ষ্টপেজৰ বাহিৰে চলন্ত অৱস্থাত চিটি বাছৰ দুৱাৰ বন্ধ ৰখাৰো নিৰ্দেশ দিছে পৰিৱহণ বিভাগে ৷

চিটি বাছৰ সেৱাত নতুন নীতি

অন্যহাতে, গুৱাহাটী মহানগৰীৰ অন্যতম ব্যস্ত বুলি পৰিচিত এম জি ৰোড আৰু জি এছ ৰোডৰ যান-জঁট হ্ৰাস কৰাৰ উদ্দেশ্যে সাময়িকভাৱে উক্ত পথ দুটাত চলা প্ৰায় ৩০ শতাংশ বাহন অন্য পথলৈ স্থানান্তৰ কৰিব পৰিৱহন বিভাগে ৷ ইতিমধ্যে প্ৰায় ৬১ খন বাছ উক্ত পথৰ পৰা আঁতৰাই পূৰ্বে চিটি বাছ নচলা বা কম সংখ্যক বাছ চলা পথলৈ স্থানান্তৰ কৰা হৈছে ৷ ইয়াৰ পূৰ্বৰ পথৰ নম্বৰ সলনি কৰি দিয়া হৈছে নতুন নম্বৰ ৷ পূৰ্বৰ ১ নম্বৰ পথত চলা বশিষ্ঠ মন্দিৰৰ পৰা জু ৰোড হৈ আদাবাৰীলৈ চলিব লগা বাছ এতিয়াৰে পৰা ৩৭ নম্বৰ পথ হিচাপে চিহ্নিত কৰা হৈছে ৷ একেদৰে ২ নম্বৰ পথত চলা বশিষ্ঠ মন্দিৰৰ পৰা পল্টন বজাৰ হৈ আদাবাৰীলৈ চলিব লগা বাছ ৩৬, ৩ নম্বৰত চলা নটবমাৰ পৰা আমিনগাঁওলৈ চলিব লগা বাছ ৩৪ , ৪ নম্বৰ হিচাপে কাহিলিপাৰাৰ পৰা চানমাৰি হৈ আমিনগাঁওলৈ চলিব লগা বাছ ৩৩ নম্বৰ, ৫ নম্বৰ হিচাপে চলা চন্দ্ৰপুৰৰ পৰা ধাৰাপুৰলৈ চলা ৩৫ নম্বৰ, ৬ নম্বৰ হিচাপে চলা নাৰেংগীৰ পৰা খানামুখলৈ চলিব লগা ৩৮, ৮ নম্বৰ হিচাপে চলা পাঞ্জাৱৰীৰ পৰা আদাবাৰীলৈ চলিব লগা বাছৰ নম্বৰ ৩৯ হিচাপে নিৰ্দেশনা কাৰ্যকৰী কৰিছে পৰিবহণ বিভাগে ৷

ইফালে আদাবাৰীৰ পৰা হাজো, শুৱালকুছি, ছয়গাঁও যাবলগা বাছসমূহৰ নম্বৰ সালসলনি কৰিছে পৰিৱহণ বিভাগে ৷ একেদৰে চিটি বাছসমূহত নিৰ্দিষ্ট পথ তথা গাড়ীৰ পথৰ পাৰ্মিটৰ পঞ্জীয়ন নম্বৰ বাছত ১০০ ফুট দূৰৰ পৰা যাতে যাত্ৰীয়ে ধৰিব পাৰে তাৰ বাবে প্ৰায় ৫ ইঞ্চি ডাঙৰকৈ শব্দবোৰ লিখি ৰাখিব লাগিব বুলিও স্পষ্ট কৰিছে আঞ্চলিক পৰিৱহণ প্ৰাধিকৰণ সচিব তথা পৰিৱহণ বিষয়া বাপন কলিতাই ৷ এখন সংবাদমেল অনুষ্ঠিত কৰি চিটি বাছৰ এই নতুন নিৰ্দেশনা সন্দৰ্ভত সদৰী কৰাৰ লগতে এই নিৰ্দেশনা অমান্য কৰা বাহনৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব বুলিও জানিবলৈ দিয়ে বিষয়াজনে ৷

আৰু পঢ়ক : মাৰ্ঘেৰিটাত অপহৃত যুৱক :আলফাৰ দ্বাৰা অপহৰণৰ সন্দেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.