ETV Bharat / city

হঠাৎ কিয় ৰঙিয়াত সৃষ্টি হ’ল তীব্ৰ যান-জঁট ?

ৰঙিয়াতো ক’ভিড 19 ৰ দ্বিতীয়টো ঢৌৱে মাৰাত্মক ৰূপ ধাৰণ কৰিছে ৷ নতুন নিয়ম অনুসৰি দিনৰ দুই বজাত সকলো ধৰণৰ প্ৰতিষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ ৷ দিনৰ দুই বজাত বন্ধ হোৱাৰ বাবে সোনকালে ঘৰলৈ ওভতিবলৈ ধৰাৰ সময়তেই ৰঙিয়া নগৰত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ ৷

হঠাৎ কিয় ৰঙিয়াত তীব্ৰ যানজঁট ?
হঠাৎ কিয় ৰঙিয়াত তীব্ৰ যানজঁট ?
author img

By

Published : May 6, 2021, 5:20 PM IST

ৰঙিয়া,6 মে': ক’ভিডৰ দ্বিতীয়টো ঢৌৱে মাৰাত্মক ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্য চৰকাৰে জাৰি কৰিছে কেতবোৰ নতুন নিৰ্দেশনা । নতুন নিয়ম অনুসৰি দিনৰ দুই বজাত সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰে চৰকাৰে । সেই অনুসৰি ৰঙিয়াতো যথা সময়ত দোকান-পোহাৰসমূহ বন্ধ কৰা হৈছে । সকলো ধৰণৰ চৰকাৰী, বেচৰকাৰী প্ৰতিষ্ঠান বন্ধ কৰি ঘৰমুৱা হৈছে কৰ্মচাৰীসকল ।

কিন্তু দিনৰ দুই বজাত স্বতঃস্ফুৰ্তভাৱে বন্ধ হোৱাৰ বাবে সকলোৱে সোনকালে ঘৰলৈ ওভতিবলৈ ধৰাৰ সময়তে ৰঙিয়াত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ । আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও বিফল হোৱা পৰিলক্ষিত হয় ৷ আনহাতে, কৰ'ণাৰ নীতি-নিয়মসমূহ ৰঙিয়াৰ একাংশ ৰাইজে মানি চলিবলৈ আগ্ৰহী নোহোৱা দেখা যায় ৷

হঠাৎ কিয় ৰঙিয়াত তীব্ৰ যানজঁট ?

যি সময়ত কৰ'ণাই সংহাৰী ৰূপ লৈছে, তেনে সময়ত যদিহে সৰ্বসাধাৰণে ক’ভিডৰ প্ৰট’কলসমূহ মানি নচলে, তেতিয়াহ’লে ৰঙিয়াত পৰিস্থিতি অধিক অৱনতি হোৱাৰ আশংকা ব্যক্ত কৰিছে একাংশই ৷

লগতে পঢ়ক: কৰ'ণাত আক্ৰান্ত আশাৰাম বাপু আইচিইউত চিকিৎসাধীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.