ETV Bharat / city

ৰ'দ নলগা বৰষুণ নপৰা এজন আৰক্ষী জোৱান - এটা দিনৰ হিৰো'

দেওবাৰে মিথুন দাস নামৰ যান-বাহন আৰক্ষী জোৱানজনে দেখুৱালে কৰ্তব্যনিষ্ঠা, ত্যাগ আৰু কষ্টসহিষ্ণুতাৰ এক বিৰল নিদৰ্শন ৷ প্ৰচণ্ড বৰষুণ আৰু বিজুলী ঢেৰেকনিক নেওচি নিষ্ঠাৰে কৰ্তব্য পালন কৰি দিনটোৰ বাবে হিৰো হৈ পৰিছে মিথুন দাস নামৰ এইগৰাকী ট্ৰেফিক পুলিছ ৷

এটা দিনৰ হিৰো'
author img

By

Published : Mar 31, 2019, 8:13 PM IST

Updated : Apr 1, 2019, 1:28 AM IST

গুৱাহাটী, 31 মাৰ্চ : ধাৰাসাৰ বৰষুণ আৰু প্ৰচণ্ড বিজুলী-ঢেৰেকনি, দিনতে নিশাৰ অন্ধকাৰে আৱৰিছে চৌদিশ৷ সুৰক্ষিত স্থান বিচাৰি সকলোৰে লৰা-ঢপৰা ৷ বৰষুণৰ আমেজ উপভোগ কৰিবলৈ কাৰোবাৰ হয়তো চাহ-পকৰি খোৱাৰ পৰিকল্পনা অথবা আপোন মানুহৰ সৈতে গল্প-গুজৱ৷ কিন্তু এনে প্ৰতিকূল বতৰৰ মাজতো ৰাজপথত নিজৰ দায়িত্ব অনুধাৱন কৰি স্থিতপ্ৰজ্ঞৰ দৰে থিয় হৈ আছেএজন লোক ৷ বৰষুণৰ আমেজ লোৱাৰ ৰোমাণ্টিকতাৰ পৰা বহু নিলগত থাকি তেওঁ ব্যস্ত কৰ্তব্য পালনত ৷ কাৰণ তেওঁ এজন আৰক্ষী জোৱান ৷

এটা দিনৰ হিৰো

বিভিন্ন নেতিবাচক কাৰণত সময়ে সময়ে সংবাদ শিৰোনাম দখল কৰে ৰাজ্যৰ আৰক্ষী বিভাগে ৷ কিন্তু দেওবাৰে মিথুন দাস নামৰ যান-বাহন আৰক্ষী জোৱানজনে দেখুৱালে কৰ্তব্যনিষ্ঠা, ত্যাগ আৰু কষ্টসহিষ্ণুতাৰ এক বিৰল নিদৰ্শন ৷ প্ৰচণ্ড বৰষুণ আৰু বিজুলী ঢেৰেকনিক নেওচি নিষ্ঠাৰে কৰ্তব্য পালন কৰি দিনটোৰ বাবে হিৰোহৈ পৰিছে মিথুন দাস নামৰ এইগৰাকী ট্ৰেফিক পুলিছ ৷ মহানগৰীৰ বশিষ্ঠচাৰিআলিৰ ট্ৰেফিক পইণ্টত আন দিনাৰ দৰেই নিজ কৰ্তব্য পালন কৰিছিল তেওঁ ৷ পাৰ্থক্য মাথো এটাই-প্ৰচণ্ড ধুমুহা-বৰষুণৰ মাজতে ট্ৰেফিক ছিগনেলৰ স্থানত থাকি কোনো ছাতি অথবা ৰেইনকোট অবিহনেই ৰাজপথত যান-বাহন নিয়ন্ত্ৰণ কৰি যায় জোৱানজনে ৷
উল্লেখ্য যে মাত্ৰ কেইদিনমান পূৰ্বে ট্ৰেফিক পইণ্টটোৰ ওপৰত থকা চালিখন ডাম্পাৰৰ খুন্দাত ভাঙিছিল । আজিকোপতি নিৰ্মাণহৈ নুঠা চালিখনৰ অভাৱ অনুভৱ নকৰি কৰ্তব্যক আগস্থান দি মিথুন দাসে বৰষুণত তিতি তিতিয়েই দিনটো যান-বাহন নিয়ন্ত্ৰণত ব্যস্ত হৈ থাকে ৷ ট্ৰেফিক জোৱানজনৰ এই দায়বদ্ধতাই এতিয়া চৰ্চা লাভ কৰিছে সৰ্বত্ৰ ৷ মিথুন দাসৰ প্ৰশংসাৰে উপচি পৰিছে চ'ছিয়েল মিডিয়া ৷

Intro:এজাক বৰষুনতে জনপ্ৰিয় হৈ পৰা ট্ৰেফিক পুলিচ বিষয়া জন। কৰ্তব্যত গাফিলটি নকৰাৰ বাবেই এতিয়া হৈ পৰিছে এক প্ৰকাৰৰ হিৰৌ। খুব কম সময়ৰ ভিতৰতে চচিয়াল মিডিয়াৰ আজিৰ দিনটোৰ সকলোৰে পষ্ট শ্বেয়াৰৰ কাৰক হৈ পৰিছে ট্ৰেফিক পুলিচ জন। প্ৰচণ্ড বৰষুণ আৰু বিজুলী ধেৰেকণিক নেওচি থিয় হৈ থাকি নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰা এইজন ব্যক্তি এতিয়া হৈ পৰিছে সকলোৰে আদৰ্শ। ব্যক্তি জনৰ নাম মিথুন দাস। আন দিনৰ দৰে আজিও তেওঁ নিজৰ দায়িত্ব পালন কৰিলে। কিন্তু পাৰ্থক্য ইমানেই যে তেওঁ প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতো ট্ৰেফিক ছিগনেল ৰ স্থানত থাকি কোনো ছাতি অথবা ৰেইন কূট অবিহনে থিয় হৈ আছে।

Body:স্থান বশিষ্ট চাৰিআলিৰ ট্ৰেফিক পইণ্ট। মাত্ৰ কেইদিন মান পূৰ্বে ট্ৰেফিক পইণ্টত নির্দিষ্ট কৰ্তব্য ৰত আৰক্ষী সকলে ৰদ বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ যিখন চালি দিয়া আছিল সেইখন ডাম্পপাৰৰ খুন্দাত ভাঙিছিল আৰু কৰ্তব্যত গাফিলটি নকৰা যান বাহন আৰক্ষী বিষয়া জনে সেই স্থানতে থিয় হৈ পালন কৰিছে নিজৰ দায়িত্ব। আজিকোপতি নিৰ্মান হৈ নুঠা চালি খনৰ অভাৱ অনুভৱ নকৰিলে কৰ্তব্যৰ আগত মিথুন দাস নামৰ এই যান বাহন আৰক্ষী বিষয়া জনে। যাৰ বাবেই আজি হৈ পৰিল এদিনৰ হিৰো।আৰক্ষী বিষয়া জনৰ এই কাৰ্য হৈ পৰিছে বহু জনৰ বাবে অনুপ্ৰেৰণাৰ কাৰণ।

Conclusion:visual and photo send by FTP
Last Updated : Apr 1, 2019, 1:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.