ETV Bharat / city

কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেচনৰ উদ্যোগত সাধাৰণ ধর্মঘটৰ কাৰ্যসূচী

author img

By

Published : Mar 23, 2022, 10:35 PM IST

কেন্দ্ৰিয় চৰকাৰৰ ৰাষ্ট্ৰীয়কৃত সাধাৰণ বীমা কোম্পানীসমূহক বেচৰকাৰীকৰণ কৰিবলৈ সংসদত আইন প্ৰণয়ন কৰিবলৈ আগবাঢ়ি অহাৰ বিৰোধিতা কৰি ঐক্যৱদ্ধভাৱে দেশৰ প্ৰায় আটাইকেইটা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেচনে আগন্তুক 28 আৰু 29 মাৰ্চত দেশজোৰা সাধাৰণ ধর্মঘটৰ কাৰ্যসূচী হাতত লৈছে (Trade unions to observe nationwide strike on March 28 29) ৷

কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেচনৰ সাধাৰণ ধর্মঘট আয়োজন

গুৱাহাটী, 23 মাৰ্চ : এল আই চি -আই পি অ' আৰু ৰাজহুৱা বিত্তীয় খণ্ডক ব্যক্তিকৰণ কৰাৰ বাবে চলি থকা প্ৰক্ৰিয়াৰ বিৰুদ্ধে আগন্তুক 26 মাৰ্চৰ দিনৰ 11 বজাত পাণবজাৰস্থিত ইনষ্টিটিউট অৱ ইঞ্জিনীয়াৰচৰ প্ৰেক্ষাগৃহত গুৱাহাটীৰ বিভাগীয় বিমা কৰ্মচাৰী সমিটি আৰু উত্তৰ পূৰ্বাঞ্চল সাধাৰণ বীমা কৰ্মচাৰী সমিটিৰ উদ্যোগত এক ৰাজ্যভিত্তিক অভিৱৰ্তনৰ আয়োজন কৰা হৈছে ।

এই অভিৱৰ্তনখন উদ্বোধন কৰিব বীমা কৰ্মচাৰী আন্দোলনৰ সৰ্বভাৰতীয় নেতা কমৰেড আমানুল্লা খানে । বিভিন্ন ট্ৰেড ইউনিয়ন, ৰাজনৈতিক দল, গণসংগঠন আৰু বিশিষ্ট ব্যক্তিয়ে এই অভিৱৰ্তনত অংশগ্ৰহণ কৰিব বুলি বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেল সম্বোধন কৰি সদৰি কৰে উত্তৰ পূৰ্বাঞ্চল বীমা কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সভাপতি সতঞ্জীৱ দাসে ।

এই সংবাদমেলত সতঞ্জীৱ দাসে কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় জীৱন বীমা নিগম (এল আই চি)ৰ দৰে ৰাজহুৱা খণ্ডৰ এটি অতি সফল আৰু লাভজনক সংস্থাৰ শ্বেয়াৰ ব্যক্তিগত খণ্ডৰ ওচৰত বিক্ৰী কৰিবলৈ দ্ৰুতগতিত আগবাঢ়িছে বুলি মন্তব্য কৰে ।

উল্লেখ্য যে এল আই চিয়ে (Life Insurance Corporation) সুদীর্ঘ 65 বছৰ ধৰি অতি সফলভাৱে আৰু সাৰ্থকতাৰে ব্যক্তিগত খণ্ডৰ কোম্পানীবিলাকে যি নৈৰাজ্য আৰু প্ৰতাৰণাৰ বাতাবৰণ সৃষ্টি কৰিছিল, তাৰ পৰা জীৱন বীমা শিল্পক উদ্ধাৰ কৰা আৰু বীমা গ্ৰাহকসকলৰ সঞ্চয়ৰ নিৰাপত্তা প্ৰদান কৰা, জীৱন বীমাৰ দৰে ৰাইজৰ দীৰ্ঘম্যাদী সঞ্চয়ক একত্ৰিত কৰি ৰাষ্ট্ৰীয় উন্নয়নৰ বাবে ব্যৱহাৰ কৰা আৰু বীমা সুৰক্ষাৰ সুযোগ চহৰ-নগৰ আৰু আঢ্যৱন্ত শ্ৰেণীৰ মাজত সীমিত নাৰাখি গ্ৰামাঞ্চল আৰু আৰ্থিকভাৱে দুৰ্বল অংশৰ ৰাইজৰ মাজতো সম্প্ৰসাৰিত কৰা এই লক্ষ্যসমূহ পূৰণ কৰিছে আৰু আজি বিশ্বৰ শীৰ্ষতম দহটা ব্লেণ্ডৰ অন্যতম হিচাপে স্বীকৃতি লাভ কৰিছে ৷

মাত্ৰ পাঁচ কোটি টকাৰ মুলধনেৰে 1956 চনত যাত্ৰা আৰম্ভ কৰা এল আই চিৰ বিনিয়োগৰ পৰিমাণ সম্প্ৰতি 36 লাখ কোটি টকাৰো অধিক বুলি মন্তব্য কৰে সতঞ্জীৱ দাসে । বৰ্তমান সময়ত বিশ্বৰ ভিতৰত বৃহত্তম জীৱন বীমা কোম্পানী হিচাপে পৰিগণিত এল আই চিৰ ৰ গ্ৰাহকৰ সংখ্যা হৈছে 40 কোটি ৷

বিগত দুটা দশকৰো বেছি সময় জুৰি 23 টা ব্যক্তিগত খণ্ডৰ কোম্পানীৰ লগত তীব্ৰ প্ৰতিযোগিতাত ফেৰ মাৰি এল আই চিয়ে বীমা বজাৰৰ প্ৰায় 76 শতাংশ নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈ ৰাইজৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছে বুলিও উল্লেখ কৰে উত্তৰ পূৰ্বাঞ্চল বীমা কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে ৷

পিছে উপৰোক্ত তথ্যসমূহৰ প্ৰতি বৰ্তমান চৰকাৰখনে ভ্ৰূক্ষেপ নকৰি ৰাষ্ট্ৰীয়কৃত সাধাৰণ বীমা কোম্পানীসমূহক বেচৰকাৰীকৰণ কৰিবলৈ সংসদত আইন প্ৰণয়ন কৰিবলৈ আগবাঢ়িছে ৷ কেন্দ্ৰিয় চৰকাৰৰ এনে জাতীয়স্বাৰ্থ আৰু জনস্বার্থ বিৰোধী পদক্ষেপৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰয়োজন অনুভৱ কৰি চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে ঐক্যৱদ্ধভাৱে দেশৰ প্ৰায় আটাইকেইটা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেচনে আগন্তুক 28 আৰু 29 মাৰ্চত দেশজোৰা সাধাৰণ ধর্মঘট পালন কৰিব বুলি মন্তব্য কৰে উত্তৰ পূৰ্বাঞ্চল বীমা কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সভাপতি সতঞ্জীৱ দাসে (Trade unions to observe nationwide strike on March 28 29) ।

লগতে পঢ়ক : Majuli Bridge: মাজুলীবাসীৰ আৱেগক ব্যৱহাৰ কৰি জয়ী হৈছিল সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.