ETV Bharat / city

নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

author img

By

Published : Jun 17, 2020, 8:21 PM IST

নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছ, অসম ৰাজ্যিক কমিটিৰ প্ৰতিবাদী কাৰ্যসূচী । মহানগৰীৰ গুৱাহাটী ক্লাৱত বুধবাৰে বাঘজান অগ্নিকাণ্ডৰ তদন্ত বিচৰি প্ৰতিবাদ সাব্যস্ত কৰিলে নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছ, অসম ৰাজ্যিক কমিটিৰ কৰ্মকর্তা সকলে ।

trade_union_protest_guwahati
নিখিল ভাৰত ট্ৰেড ইউনিয় কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

গুৱাহাটী, ১৭ জুন: বিশ্বজুৰি ক'ৰণা ভাইৰাছৰ আতংক অব্যাহত থকাৰ মাজতে তিনিচুকীয়া জিলাৰ বাঘজানত তৈল খাদত সংঘটিত হোৱা ভয়াবহ অগ্নিকাণ্ডই ভূতৰ ওপৰত দানব পৰা দি পৰিছে । ১৪ দিন ধৰি বাঘজান তৈল খাদৰ পৰা গেছ নিৰ্গত হৈ থকাৰ পিছত যোৱা ৯ জুনত তৈল খাদটোত সংঘটিত হৈছিল ভয়াৱহ অগ্নিকাণ্ড । এই অগ্নিকাণ্ডত অইল ইণ্ডিয়াৰ দুজনকৈ কৰ্মচাৰী নিহত হোৱাৰ লগতে ঘৰ এৰি আশ্ৰয় শিবিৰত থাকিব লগীয়া হৈছে বহু লোক । বাঘজান তৈল খাদত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ বাবে একমাত্ৰ অইল ইণ্ডিয়া দায়ী বুলি অভিহিত কৰি বুধবাৰে মহানগৰীৰ গুৱাহাটী ক্লাৱত নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছ,অসম ৰাজ্যিক কমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । হাতে হাতে পোষ্টাৰ-বেনাৰ লৈ নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ কৰ্মকর্তা সকলে চৰকাৰ আৰু অইল ইণ্ডিয়াৰ বিৰূদ্ধে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । প্ৰতিবাদকাৰী সকলে বাঘজানৰ ৫ নং তৈল খাদত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোক সকলক উপযুক্ত ক্ষতিপূৰণৰ দাবী জনোৱাৰ লগতে এই সমগ্ৰ ঘটনাৰ চি বি আই তদন্তৰ দাবী জনায় ।

অইল ইণ্ডিয়াৰ দুৰ্নীতিৰ ফলতে বাঘজানৰ ৫ নং তৈল খাদত এই ভয়াবহ অগ্নিকাণ্ড সংঘটিত হোৱাৰো অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে । ইয়াৰ সমান্তৰালকৈ ক'ৰণা ভাইৰাছৰ আতংকৰ মাজতে চৰকাৰে যোৱা তিনিটা মাহত ১২ বাৰ পেট্ৰ'ল ডিজেলৰ মূল্য বৃদ্ধি কৰি দেশবাসীৰ লগত অন্যায় কৰা বুলিও ব্যক্ত কৰিলে প্ৰতিবাদকাৰী সকলে ।

লগতে চাওকঃ ডিমা হাছাওৰ 5 খন চৰকাৰী বিদ্যালয় বন্ধ কৰা নহয় : দেৱলাল গাৰ্লচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.