ETV Bharat / city

5 বজাৰ শীৰ্ষ দহটা খবৰ - top10@5

5 বজাৰ শীৰ্ষ দহটা খবৰ

top10@5
5 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Dec 10, 2020, 4:58 PM IST

নতুন কৃষি আইনক দেশৰ কৃষকৰ বাবে অপমান আখ্যা ৰাহুল গান্ধীৰ

কৃষকৰ শক্তি সম্পৰ্কে মনত ভ্ৰান্ত ধাৰণা লৈ নাথাকিবলৈ চৰকাৰক আহ্বান ৰাহুল গান্ধীৰ ৷ কৃষক সকলে সমগ্ৰ দেশৰ বাবে কাম কৰাৰ পাছতো আইন তেওঁলোকৰ বিপক্ষে বুলি মন্তব্য ৰাহুল গান্ধীৰ ৷ বিৰোধী দল সমূহ কৃষক সকলৰ লগত আছে বুলি মন্তব্য ৰাহুল গান্ধীৰ ৷

শ্বহীদ স্মাৰকক্ষেত্ৰ নিৰ্মাণৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

গুৱাহাটীৰ বৰাগাঁৱত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হৈছে শ্বহীদ দিৱস ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাগাঁৱত নিৰ্মাণ হ'বলগীয়া শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যানৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে ৷

কেঁচা জলকীয়াৰে তৈয়াৰী একাপ গৰম চাহৰ সোৱাদ বিচাৰি গ্ৰাহকৰ ভিৰ

কেঁচা জলকীয়াৰে তৈয়াৰী একাপ চাহ ৷ মাত্ৰ পাঁচ টকাত উপলব্ধ শৰীৰ আৰু মন সতেজ কৰি তোলা এই জলকীয়া চাহ ৷ সাধাৰণতে কোনেও কল্পনা নকৰা এই চাহ তৈয়াৰ কৰি উলিয়াইছে এগৰাকী সাধাৰণ চাহৰ দোকানীয়ে ৷ মাত্ৰ পাঁচ টকাত উপলব্ধ হোৱা এই চাহ কাপৰ বাবে এতিয়া গ্ৰাহকৰ ভিৰ ৷

পত্নীক হানি-খুচি হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে

অসম-অৰুণাচল সিমান্তৱৰ্তী ডিৰাক সোণজানত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ স্বামীয়ে হানি-খুচি হত্যা কৰিলে পত্নীক ৷ সমগ্ৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা অভিযুক্ত স্বামীৰ ৷ ঘটনা সন্দৰ্ভত বৰডুমছা আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ ৷

বিটিচি নিৰ্বাচনঃ ভোটদান সাব্যস্ত কৰি কি ক'লে মন্ত্ৰী চন্দন ব্ৰহ্মই

চিৰাঙত পুৱা 7:30 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ । 403 নম্বৰ নিলিবাৰী প্ৰাথমিক বিদ‍্যালয়ত মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান ৷ চিৰাঙ জিলাৰ মুঠ 7 টা পৰিষদীয় সমষ্টিৰ 34 প্ৰাৰ্থীৰ আজি নিৰ্ণয় হ'ব ভাগ্য ৷

বিটিচি নিৰ্বাচন: সপত্নীক ভোটদান হাগ্ৰামা মহিলাৰীৰ

আৰম্ভ হ'ল বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ কোকৰাঝাৰত সপত্নীক ভোটদান কৰিলে হাগ্ৰামা মহিলাৰীয়ে ৷ বিটিচিত বিপুল সংখ্যক ভোটত জয়লাভ কৰিব বুলি নিশ্চিত বিপিএফ প্ৰধান গৰাকী ৷

পবা বনাঞ্চলত 30 ৰো অধিক লুপ্তপ্ৰায় অৰ্কিড ৰোপন

জোনাইত প্ৰকৃতিপ্ৰেমী যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা ৷ হাতে হাতে ৰঙ, ব্ৰাচ আৰু অৰ্কিড লৈ পবা বনাঞ্চলৰ সৌন্দৰ্য বৰ্ধনৰ চেষ্টা যুৱকৰ এটা দলৰ ৷ প্ৰায় 30 ৰো অধিক লুপ্তপ্ৰায় অৰ্কিড ৰোপন যুৱকৰ দলটোৰ ৷

জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

জম্মু কাশ্মীৰত জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ ৷ বুধবাৰে জম্মু আৰু কাশ্মীৰৰ বোদগামত চলা নিয়মীয়া তালাচিৰ সময়ত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী তাৰিক আহমেদ ভটক গ্ৰেপ্তাৰ কৰে ৷ সন্ত্ৰাসবাদীৰ পৰা পিষ্টলৰ লগতে অপৰাধমূলক সামগ্ৰী উদ্ধাৰ কৰা হয় ৷

গৃহস্থ বজাৰলৈ ওলাই যোৱাৰ সুযোগত চুৰে লুটিলে লক্ষাধিক টকাৰ সম্পত্তি

ৰঙিয়াত চাঞ্চল্যকৰ চুৰিকাণ্ড ৷ আবেলি গৃহস্থ বজাৰলৈ ওলাই যোৱাৰ সোণালী সুযোগ গ্ৰহণ কৰি চোৰে ৰঙিয়াৰ এগৰাকী শিক্ষয়িত্ৰীৰ ঘৰৰ পৰা চোৰে লক্ষাধিক টকাৰ সা-সম্পত্তি লুটি নিয়ে ৷

PM-WANI আঁচনিয়ে ৱাই-ফাইৰ উপলব্ধতা উচ্চ হাৰত বৃদ্ধি কৰিব : প্ৰধানমন্ত্ৰী মোদী

বৃহস্পতিবাৰে কেবিনেটে পিএম-ৱানি (Wi-Fi Access Network Interface) আঁচনিৰ বাবে অনুমোদন প্ৰদান কৰিব ৷ এই আঁচনিখনে প্ৰযুক্তিৰে বিশ্বক সংশোধন কৰিব আৰু দেশজুৰি ৱাই-ফাইৰ উপলব্ধতা উচ্চ হাৰত বৃদ্ধি কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানিবলৈ দিয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.