ETV Bharat / city

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...
পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...
author img

By

Published : Mar 20, 2021, 9:09 AM IST

কংগ্ৰেছ প্ৰাৰ্থী বেণুধৰ নাথৰ ব্যাপক প্ৰচাৰ অভিযান

৭২ নং ঢেকীয়াজুলি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বেণুধৰ নাথে আৰম্ভ কৰি ব্যাপক প্ৰচাৰ অভিযান ৷ গাঁৱে ভূঞে প্ৰচাৰ চলাই ৰাইজৰ কাষ চপাৰ প্ৰয়াস কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে ৷

বৃন্দাবন গোস্বামীৰ বাসগৃহত অতুল বৰা আৰু কেশৱ মহন্ত

এক দীৰ্ঘদিনীয়া স্বস্তিৰ নিশ্বাস পৰাৰ অনুভৱ তেজপুৰ অগপৰ কাৰ্যকৰ্তাৰ ৷ টিকটকেন্দ্ৰিক সংঘাত যেন এক প্ৰকাৰ অন্ত পৰিল । তেজপুৰ সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হোৱা তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ ঘৰত উপস্থিত অগপৰ সভাপতি অতুল বৰা আৰু জেষ্ঠ নেতা তথা মন্ত্ৰী কেশৱ মহন্ত ।

অসমত দেশৰ হাইপ্ৰফাইল নেতাৰ সমাগম

অসমৰ আকাশত হেপিকপ্টাৰ আৰু বিশেষ বিমানৰ মেলা । সকলোৱে প্ৰতিপক্ষক বাক্যবানেৰে ধৰাশায়ী কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে নিৰ্বাচনী যুঁজত নামিছে । ইতিমধ্যে আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি । শেহতীয়াকৈ প্ৰতিটো ৰাজনৈতিক দলৰ ৰথী-মহাৰথীৰ ভাষণত তাৰেই আভাস পোৱা গৈছে । সকলোৰে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছে ।

26 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত জব্দ 75 কোটিৰো অধিক ধন আৰু অবৈধ সামগ্ৰী

অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ দিন ধৰি ৰাজ্যত 18 মাৰ্চ পৰ্যন্ত 75 কোটি মূল্যৰ ধন আৰু বিভিন্ন সামগ্ৰী জব্দ ৷ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েয়ে সদৰী কৰিছে এই কথা ৷ সুৰা বিক্ৰীৰ হাৰ বৃদ্ধি পোৱা বিপনী সমূহক কাৰণ দৰ্শোৱাৰ জাননী আবকাৰী বিভাগৰ ৷

বিজেপিৰ নেতাই মহিলাক সন্মান কৰিব নাজানেঃ অলকা লাম্বা

বিজেপি চৰকাৰে পুঁজিপতিৰ স্বাৰ্থতে কাম কৰি আহিছে। এইখন চৰকাৰৰ দিনতে ৩ কোটি ২০ লাখ মানুহ দেশত নিৱনুৱা হ'ল। লক ডাউনৰ সময়ত আদানি-অম্বানীৰ আয় বৃদ্ধি হ'ল।

এতিয়াও কা' সন্দৰ্ভত স্থিতি স্পষ্ট নহয় ৰাজনৈতিক নেতা কৰ্মীৰ

নিৰ্বাচনৰ বতৰ, মাজত মাত্ৰ কেইটামান দিন প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ ৷ এফালে ৰাজনৈতিক নেতাৰ বাক যুদ্ধ, আনফালে প্ৰতিশ্ৰুতিৰে দিছপুৰ মছনদ দখলৰ প্ৰয়াস ৷ কিন্তু এতিয়াও কা' আন্দোলন বা নাগৰিকত্ব সংশোধনী আইন, 2019 ৰ সন্দৰ্ভত কোনো এটা দল তথা প্ৰাৰ্থীয়ে নিজৰ স্থিতি স্পষ্ট কৰিব পৰা নাই ৷ ভবা হৈছিল কা' আন্দোলনে এইবাৰৰ নিৰ্বাচনী বাতাবৰণ সলনি কৰিব ৷

10 মে'ৰ ভিতৰত বিটিচিত হাগ্ৰামাৰ চৰকাৰ আহি আছে : চন্দন ব্ৰহ্ম

10 মে' ৰ ভিতৰত বিটিচিত হাগ্ৰামাৰ চৰকাৰ আহি আছে বুলি মন্তব্য মন্ত্ৰী চন্দন ব্ৰহ্মৰ ৷ এইবাৰৰ নিৰ্বাচনত বিপিএফে বিটিচিত 12 খন আসন লাভ কৰাৰ লগতে ভোটৰ সংখ্যা পূৰ্বৰ তুলনাত 15,000 ৰ অধিক বৃদ্ধি পাব বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ ৷ শুকুৰবাৰে চিৰাঙৰ বিজনী বিধান সভা সমষ্টিৰ বাবে মনোনয়ন দাখিল বিপিএফৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰীৰ ৷

ৱাছিম ৰিজৱিক গ্ৰেপ্তাৰৰ দাবীৰে অমিত শ্বাহলৈ পত্ৰ ছিয়া পৰিষদৰ

ছিয়া চেন্ট্ৰেল ৱাকফ ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ ৱাছিম ৰিজৱিক গ্ৰেপ্তাৰৰ দাবী সৰ্ব ভাৰতীয় ছিয়া পৰিষদৰ । ৰিজৱিক "দেশৰ একতা আৰু অখণ্ডতাৰ শত্ৰু" আখ্যা দি তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই পৰিষদে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ প্ৰেৰণ কৰে ।

নিৰ্বাচনৰ প্ৰাকক্ষণত ত্ৰিপুৰা বিজেপিত বিসম্বাদ

বিজেপি আৰু আইপিএফটিৰ মাজৰ মিত্ৰতাকলৈও দলৰ আভ্যন্তৰীণ ভাগত আৰম্ভ হৈছে তীব্ৰ অসন্তুষ্টিৰ । দলৰ অনুশাসন ভংগ কৰাৰো অভিযোগ উঠিছে বিজেপিৰ বহু নেতা-কৰ্মীৰ বিৰুদ্ধে । বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুব্ৰত চক্ৰৱৰ্তীয়ে বিজেপি মুখ্য কাৰ্যালয়ত এক সংবাদমেলত ঘোষণা কৰে যে বিভিন্ন মৰ্চা আৰু মণ্ডল স্তৰৰ নেতাসকলক দলৰ অনুশাসন উলংঘন কৰা দেখা গৈছে যাৰ বাবে ১১ গৰাকী নেতাক ছয় বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে ।

পশ্চিমবংগ নিৰ্বাচনঃ পাৰ্থ চেটাৰ্জীৰ বিৰুদ্ধে যুঁজ দিব শ্ৰাৱন্তী চেটাৰ্জীয়ে

ভাৰতীয় জনতা পাৰ্টীয়ে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ পঞ্চম, ষষ্ঠ, সপ্তম আৰু অষ্টম পৰ্যায়ৰ বাবে বৃহস্পতিবাৰে ১৪৮ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে । বেহালা পশ্চিম বিধানসভা সমষ্টিত ৰাজ্যিক শিক্ষা মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পাৰ্থ চেটাৰ্জীৰ বিৰুদ্ধে বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বঙালী ছবিৰ অভিনেত্ৰী শ্ৰাৱন্তী চেটাৰ্জীক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.