জনী আলীৰ ঘৰত ওপজা দিনৰ পাৰ্টীত কেক্, প্ৰীতিভোজৰ ঠাই ল’লে ড্ৰাগছে
আপোনাৰ জন্মদিনটো হয়তো আপুনি পৰিয়ালৰ সৈতে এটা বিশেষ দিন হিচাপে উপভোগ কৰে ৷ বন্ধু-বান্ধৱ শুভাকাংক্ষীৰ শুভ-বাৰ্তাই উপচাই পেলায় আপোনাৰ বিশেষ দিনটো; কিন্তু একে সময়তে এতিয়া যুৱ-প্ৰজন্মৰ এচামে বিশেষ দিনটো উপভোগ কৰিছে ড্ৰাগছৰ পাৰ্টী কৰি ৷ সবিশেষ জানো আহক ৷
অসমত আৰম্ভ হ'ল ভিষ্টাড'ম ৰে’ল সেৱা
এতিয়া আৰু ভিষ্টাড'ম ৰে’ল সেৱাৰ সুবিধা ল'বলৈ আপুনি বহি: ৰাজ্য বা বিদেশলৈ যাব নালাগে । অসমতো আৰম্ভ হৈছে এই বিশেষ সেৱা । শনিবাৰৰ পৰা আনুষ্ঠানিকভাৱে মুকলি হ'ল এই সেৱাৰ । পিছে কি কি সুবিধা থাকিব এই সেৱাত ?
কেনেকৈ আঘাতপ্ৰাপ্ত হ’ল 'দেশী গাৰ্ল' প্ৰিয়ংকা চোপ্ৰা ?
অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ মুখমণ্ডলত আঘাতৰ চিন । প্ৰিয়ংকাৰ কপালত তেজৰ চেকুৰা । গালতো আঘাত পাইছে অভিনেত্ৰীগৰাকীয়ে । ইনষ্টাগ্ৰামত নিজেই ফটো শ্বেয়াৰ কৰিলে প্ৰিয়ংকাই । কিন্তু কি হৈছে প্ৰিয়ংকাৰ ?
ডিব্ৰুগড়ত উত্তৰ-পূৱৰ দ্বিতীয়টো গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প মুকলি
শুকুৰবাৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উদ্বোধন কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়তো গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প ৷
ভদীয়া বানে বিপৰ্যস্ত কৰিছে জাঁজীমুখবাসীৰ জীৱন
ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত টীয়ক আৰু পূৱ যোৰহাট ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ জাঁজীমুখ অঞ্চল বানৰ কবলত পৰিছে । বাঢ়নী পানীৰ বাবে জাঁজীমুখৰ পাৰঘাটত কেইবাদিনো ধৰি বন্ধ হৈ আছে নাওৰ চলাচল । যাৰ বাবে প্ৰায় ১২ খন গাঁৱৰ ৰাইজৰ বহিৰ্জগতৰে যাতায়াত বিচ্ছিন্ন হৈ পৰিছে ।
কোকৰাঝাৰৰ শ্ৰীৰামপুৰত ১০ কোটি টকাৰ হেৰ'ইন জব্দ
ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে কোকৰাঝাৰত বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে । আৰক্ষীয়ে জনোৱা মতে হেৰ'ইনখিনিৰ মূল্য হ'ব প্ৰায় ১০ কোটি টকা । কোনে আৰু কেনেকৈ আনিছিল এই বৃহৎ পৰিমাণৰ হেৰ'ইন ?
বিজেপি গমন নিশ্চিত হ’ল বিধায়ক ফণী তালুকদাৰৰ
বিগত কেইবাদিনো ধৰি ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰে বিজেপিত যোগদান কৰাৰ বাতৰিয়ে ৰাজ্যৰ ৰাজনীতিত চৰ্চা লাভ কৰিছিল ৷ অৱশেষত সকলো উৎসুকতাৰ নিজে অৱসান ঘটালে বিধায়কগৰাকীয়ে ৷ পঢ়ক এই প্ৰতিবেদনত...
আমেৰিকাই ল'লে প্ৰতিশোধ : আফগানিস্তানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এয়াৰ ষ্ট্ৰাইক
অৱশেষত আমেৰিকান সৈন্যৰ মৃত্যুৰ প্ৰতিশোধ ল’লে আমেৰিকাই । ইছলামিক ষ্টেটৰ আত্মঘাতী বোমা(Suicide bomber) বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ডক হত্যা কৰিলে আমেৰিকাই ।
ক’ভিড প্ৰট’কল ভংগ কৰি প্ৰণীতা ৰেষ্টুৰেণ্টৰ চাহৰ জুতি ল’লে মন্ত্ৰী যোগেন মহনে
সকলোৰে পৰিচিত নলবাৰীৰ পাইকাৰকুছি চ’কত থকা প্ৰণীতা ৰেষ্টুৰেণ্ট ৷ কিন্তু চৰকাৰী ক’ভিড নিৰ্দেশনাক ভৰিৰে মোহাৰিছে ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰীয়ে ৷ প্ৰশাসনৰ বিশেষ দৰদ থকা বাবেই নেকি ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰীয়ে চলাই গৈছে মইমতালি !
মিকিৰ-বামুণী গ্ৰাণ্টক লৈ পুনৰ উত্তাল বঢ়মপুৰ
মিকিৰ-বামুণী গ্ৰাণ্ট প্ৰসংগক লৈ দীৰ্ঘদিন ধৰি উত্তেজনা অব্যাহত আছে । ৰায়তী কৃষকে অধিকাৰৰ দাবীত অব্যাহত ৰাখিছে প্ৰতিবাদ । ইফালে বিভিন্ন দল-সংগঠনে স্থানীয় বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । আনহাতে বিজেপি কৰ্মীসকলেও বিধায়কৰ সমৰ্থনত প্ৰতিবাদৰ বাবে ওলাই আহিল ।