বাঘজান তৈল খাদ অগ্নিকাণ্ডত নিখোজ দুই অইলৰ কৰ্মচাৰী
বাঘজান তৈল খাদ অগ্নিকাণ্ডত দুজনকৈ অইলৰ কৰ্মচাৰী নিখোজ ৷ নিখোজ হোৱা কৰ্মচাৰী দুজন দূৰ্লভ গগৈ আৰু টিকেশ্বৰ গোঁহাই বুলি জানিব পৰা গৈছে ৷
তিনি হাজাৰ অতিক্ৰম কৰিলে অসমত ক'ভিড-19 আক্ৰান্তৰ সংখ্যাই
অসমত পুনৰ 113 গৰাকী লোকৰ দেহত চিনাক্ত ক'ভিড-19 ৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে প্ৰকাশ কৰিছে এই কথা ৷ মঙলবাৰৰ দিনটোত চিনাক্ত হোৱা মুঠ ৰোগীৰ সংখ্যা 215 গৰাকী ৷
তৈল খাদৰ জুই বিয়পিব পাৰে ডিব্ৰুগড় ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ
ডিব্ৰুগড় ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান,মাগুৰি মতাপুং বিললৈ সংকট নামি আহিছে, যিকোনো সময়তে সংঘটিত হ'ব পাৰে অঘটন ৷ তৈলখাদৰ জুই ক্ৰমান্বয়ে সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ এই পৰ্যন্ত তৈল খাদৰ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই,বৰঞ্চ জুইৰ প্ৰকোপ বৃদ্ধিহে পাইছে ৷ অইলৰ গাফিলতিৰ বাবে ২৭ মে’ত পাঁচ নং তৈল খাদত পাইপলাইন বিস্ফোৰণ ঘটি নিৰ্গত হোৱা গেছে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰিছিল ৷
কৃত্ৰিম বৰষুণ সৃষ্টি কৰি হ'লেও বাঘজানৰ ৰাইজক ৰক্ষা কৰকঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য
তিনিচুকীয়া বাঘজানৰ তৈলখাদ বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে । অইল কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰৰ গা এৰা মনোভাৱৰ বাবে এই ভয়াৱহ ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে, প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰক বদলি
গুৱাহাটীত কেইবাটাও ক'ভিড-19ৰ সামাজিক সংক্ৰমণৰ উদ্বেগজনক ঘটনা ঘটাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শীৰ্ষ মহলত প্ৰশাসনিক সালসলনি ৷ জাগীৰোডত এই ঘোষণা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷
পাৰিয়ালসহ কোৱাৰেণ্টাইন বৰপেটাৰ সাংসদ আব্দুল খালেক
পৰিয়াল সহ কোৱাৰেণ্টাইন হ'বলগীয়া হৈছে বৰপেটাৰ সাংসদ আব্দুল খালেক ৷ সাংসদগৰাকী তেওঁৰ চাৰিজনীয়া পৰিয়াল সহ মঙলবাৰে দিল্লীৰ পৰা ৰাজধানী এক্সপ্ৰেছ যোগে আহি বঙাইগাঁৱত উপস্থিত হয় ৷ Covid-19ৰ বাবে চৰকাৰী নিয়ম মতে বাহিৰৰ পৰা অসমলৈ আহিলে যিহেতু কোৱাৰেণ্টাইন হ'ব লাগে, সেয়ে বৰপেটা জিলা প্ৰশাসনে বৰপেটাৰ সাংসদ গৰাকীক কোৱাৰেণ্টাইন হ'বলৈ প্ৰশান্তি ল'জৰ কোঠালি আৱন্টন দিয়ে ৷
অন্তঃসত্বা কন্যাৰ ওপৰত চলা অত্যাচাৰ সহিব নোৱাৰি পিতৃৰ আত্মহত্যা
এগৰাকী ব্যক্তিৰ আত্মহত্যাৰ পিচত উদ্ধাৰ হোৱা চুইছাইড নোটক লৈ এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে নগাঁৱৰ চলচলি জলাহগাঁৱত। নিজ কন্যাৰ ওপৰত জোঁৱাইকে কৰা অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰা বুলি চুইছাইড নোট লিখি আত্মহত্যা কৰে চলচলি জলাহগাঁৱৰ প্ৰদীপ বৰা নামৰ লোকজনে । কামপুৰৰ ঋতুপাবন নাথৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল প্ৰদীপ বৰাৰ কন্যা। কিন্তু বিয়াৰ পিছৰ পৰাই ঋতুপবন নাথে পত্নীৰ ওপৰত চলাই আহিছিল অকথ্য নিৰ্যাতন ।
মুম্বাইউচ্চন্যায়ালয়ে খাৰিজকৰিলে অৰ্ণৱ গোস্বামীৰ আবেদন
কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰা পাছত পাইধুনি আৰক্ষীয়ে সোধ পোছৰ বাবে আটক কৰে সাংবাদিকগৰাকীক । অৰ্ণৱ গোস্বামীয়ে এই ঘটনাৰ বিৰুদ্ধে মুম্বাই উচ্চ ন্যায়ালয়ত দাখিল কৰে এক জৰুৰী আবেদন । মুম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জল ভূঞা আৰু ৰিয়াজ ছাগলাৰ এখন বিচাৰপীঠে খাৰিজ কৰে সাংবাদিকগৰাকীৰ আবেদন ।
স্পেইন-ইলেণ্ডক অতিক্ৰম কৰি শীৰ্ষ চতুৰ্থ স্থানলৈ অগ্ৰসৰ ভাৰত
দেশত 'আনলক-১' আৰম্ভ হোৱাৰ পাছৰে পৰা দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা । বৰ্তমান কোভিড-১৯ ত আক্ৰান্ত হোৱা বিশ্বৰ শীৰ্ষ দেশৰ তালিকাত ষষ্ঠ স্থানত আছে ভাৰত । এসময়ত ক'ৰণা মহামাৰীয়ে কালৰূপ ধাৰণ কৰা ইটালীকো ইতিমধ্যে অতিক্ৰম কৰিছে ভাৰতে । ইটালী বৰ্তমান কোভিড-১৯ত আক্ৰান্ত শীৰ্ষ দেশৰ তালিকাৰ সপ্তম স্থানত আছে ।
তিহাৰ জেলত ড্ৰাগছ সৰবৰাহ কৰি গ্ৰেপ্তাৰ ৱাৰ্ডেন
দেশৰ ভিতৰত নিৰাপদ স্থান হিচাপে পৰিচিত তিহাৰ জেলত ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত জেল কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰে এজন লোকক । গ্ৰেপ্তাৰ কৰা লোকজন তিহাৰ জেলৰে ৱাৰ্ডেন বুলি জানিব পৰা হৈছে ।